ETV Bharat / bharat

State infrastructure in crisis: ৰাজ্যবাসীক বান সাহায্যৰ নামত মাধমাৰ - Controversy over provision of relief to flood victims

বানাক্ৰান্তক সাহাৰ্য আগবঢ়োৱাৰ কথাক লৈ ৰাজ্যজুৰি তুমুল বিতৰ্ক (Controversy over provision of relief to flood victims) ৷ বানৰ ফলত হোৱা আন্তঃগাঁথনিৰ ক্ষতিৰ পুনঃনিৰ্মানত অসম চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে (Government has completely failed to rebuild infrastructure) ৷

Assam flood relief allegation
Assam flood relief allegation
author img

By

Published : Jul 9, 2022, 7:19 PM IST

গুৱাহাটী, 8 জুলাই : ৰাজ্যত ক্ৰমাৎ উন্নত হৈছে বান পৰিস্থিতি ৷ তথাপিও এই পৰ্যন্ত বানৰ কৱলত থকা ২৬ খন জিলাৰ ১৮ লক্ষাধিক লোক জলবন্দী হৈ আছে (Flood in Assam) । ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (State Disaster Management Authorities) তথ্য মতে, ৰাজ্যৰ বৰ্তমান বানৰ কৱলত থকা ২৬ খন জিলাৰ ১৮ লক্ষাধিক লোকৰ ভিতৰত কাছাৰ, মৰিগাঁও আৰু বৰপেটা জিলাতেই আছে প্ৰায় 13.50 লাখ লোক ।

ৰাজ্যৰ বিভিন্ন জিলাৰ মুঠ ৪৭ হাজাৰ ১৯৮ হেক্টৰ কৃষিভূমি এই পৰ্যন্ত বানৰ পৰা মুক্ত হোৱা নাই । ৰাজ্যৰ ৪১৩ টা আশ্ৰয় শিবিৰত বর্তমানেও দুই লাখ ৭৮ হাজাৰ ৬০ গৰাকী বন্যাৰ্তই আশ্ৰয় লৈ আছে ৷

ইয়াৰ মাজতে শেহতীয়াকৈ বানাক্ৰান্তক সাহাৰ্য আগবঢ়োৱাৰ কথাক লৈ ৰাজ্যজুৰি তুমুল বিতৰ্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে (Controversy over provision of relief to flood victims)৷ বানাক্ৰান্তক ৰাজ্য চৰকাৰে এক ডেৰ কেজি চাউল দি কৰ্তব্য সামৰণি মৰা বুলি বিভিন্ন সংগঠনে দাবী উত্থাপন কৰাৰ পিছতে একাংশই কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বানাক্ৰান্তসকলক মাহী আইৰ চকুৰে চাই বুলি মন্তব্য প্ৰকাশ কৰিছিল ৷

উল্লেখ্য যে এক তথ্য অনুসৰি ২০২১-২২ চনৰ কেইবাটাও বানত ৰাজ্যখনত ১,০১৮.১৫ কোটি টকাৰ আন্তঃগাঁথনিৰ ক্ষতি হৈছিল৷ লগতে ২০২০-২১ চনত হোৱা বানত ২৬৪২.৯৯ কোটি টকাৰ আন্তঃগাঁথনিৰ ক্ষতি হৈছিল । ৰাজ্য চৰকাৰৰ আন্তঃগাঁথনিৰ ক্ষতিৰ হিচাপ কৰি কেন্দ্ৰৰপৰা পুঁজি বিচাৰিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে কণা হাঁহক পতান দিয়াৰ দৰেই উল্লেখিত ক্ষতিৰ পুনঃনিৰ্মানৰ বাবে বিত্তীয় সাহায্য হিচাপে ২০২০-২১ চনৰ ১০১৮.১৫ কোটি টকাৰ ক্ষতিৰ বিপৰীতে কেন্দ্ৰই ৪৪ কোটি টকা আৰু ২০২০-২১চনৰ ২৬৪২.৯৯ কোটি টকাৰ ক্ষতিৰ বিপৰীতে কেন্দ্ৰই ৫৪ কোটি টকাহে বিশেষ সাহায্য হিচাপে প্ৰদান কৰিছিল ৷

এই ন্যূণতম সাহায্যৰ ফলত ৰাজ্যখনত দুটা বিত্তীয় বছৰৰ আন্তঃগাঁথনিৰ নিৰ্মাণ অসম চৰকাৰে কৰিব পৰা নাই ৷ বানৰ ফলত হোৱা আন্তঃগাঁথনিৰ ক্ষতিৰ পুনঃনিৰ্মানত অসম চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে (Government has completely failed to rebuild infrastructure) ৷

ইয়াৰ সমান্তৰালকে এই পর্যন্ত প্ৰাৰম্ভিক সমীক্ষাতেই ৰে'লৱেৰ ক্ষতি বাদ দি প্ৰায় ৭,০০০ কোটি টকাৰ ক্ষতি হৈছে । চূড়ান্ত সমীক্ষা হ'লে হয়তো আন্তঃগাঁথনিৰ ক্ষতি প্ৰায় ৮৫,০০০ কোটি টকাৰো অধিক হোৱাৰ আশংকা আছে ৷

অৱশ্যে এই বৰ্ষত অসম চৰকাৰে কেন্দ্ৰক আন্তঃগাঁথনিৰ ক্ষতিৰ হিচাপ দিয়াৰ পাছত আগষ্ট-ছেপ্টেম্বৰ মাহত কেন্দ্ৰৰ তৰফৰ পৰা ৰাজ্যখনৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ দল প্ৰেৰণ কৰিব (Center will send a team to inspect flood situation in Assam in August-September) ৷ এই উচ্চ পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধিৰ দল আহি ৰাজ্যত পর্যালোচনা চলা ব৷ অৱশ্যে প্ৰতিবছৰে এনেধৰণৰ পৰ্যালোচনা কৰা হয় যদিও কেন্দ্ৰই আন্তঃগাঁথনি পুনঃনিৰ্মানৰ বাবে গড়ে ৩০৫০ কোটি টকা আৱণ্টন দি দায়িত্ব সামৰে ৷

আনহাতে শেহতীয়া দুটা বানত ৰাজ্যখনৰ প্ৰায় ৪৫৫টা পথ বিধ্বস্ত হৈছে ৷ বহুকেইখন দলং, মথাউৰি বানে ধ্বংস কৰিছে ৷ ফলত কেন্দ্ৰীয় চৰকাৰে বিশেষ সাহায্য নিদিলে ৰাজ্যখনৰ আন্তঃগাঁথনি পুনঃনিৰ্মান কৰাত কেনা লগাৰ সম্ভাৱনা অধিক ৷ কিন্তু অসমৰ বিপৰীতে অৱশ্যে বিহাৰ, কৰ্ণাটক, জম্মু-কাশ্মীৰ আদিত আন্তঃগাঁথনি পুনৰ্নিৰ্মাণৰ বাবে শ শ কোটি টকা আৱণ্টন কৰে কেন্দ্ৰীয় চৰকাৰে ৷

ইয়াৰোপৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুদিন পূৰ্বে এক টুইটযোগে উল্লেখ কৰে যে ৰাজ্যৰ বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ তথা বানাক্ৰান্তক সহায় আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰে ৩২৪.৪০ কোটি টকা মোকলাই দিছে । কেন্দ্ৰীয় চৰকাৰে বছৰটোৰ পুঁজিৰ দ্বিতীয়টো অংশ বৃহস্পতিবাৰে মুকলি কৰি দিয়ে । ইয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে (Chief Minister thanked Prime Minister Narendra Modi)। ইয়াৰ ফলত বৰ্তমানৰ বানৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে বানপীড়িতসকলৰ বাবে ব্যৱস্থা লোৱাত সহায়ক হ’ব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লগতে উল্লেখ কৰে ।

লগতে পঢ়ক : বৰ্তমানেও ৰাজ্যৰ দুই লক্ষাধিক বন্যাক্রান্ত আশ্রয় শিৱিৰত আৱদ্ধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.