ETV Bharat / bharat

গোৱাত সুৰংগৰ দেৱাল খহি ব্যাহত ৰে’লসেৱা

author img

By

Published : Aug 11, 2020, 1:40 PM IST

Updated : May 12, 2022, 10:56 PM IST

উত্তৰ গোৱাৰ অন্যতম জিলা পেৰনেমত নিশা প্ৰায় 2.50 বজাত সংঘটিত উক্ত ঘটনাৰ ফলত সুৰংগটোৰ দেৱালৰ প্ৰায় পাঁচ মিটাৰ অংশ সম্পূৰ্ণৰূপে খহি যায় ৷ কোংকন ৰে’লৱে কৰ্প’ৰেশ্বন লিমিটেডে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত এই পথেৰে ৰে’লৰ চলাচল বন্ধ ৰাখিছে ৷ এতিয়াৰে পৰা এই পথছোৱাৰে চলিবলগীয়া ৰে’লসমূহ লোণ্ডা হৈ চলাচল কৰিব ৷ কিন্তু কোনো ৰে’লৰ চলাচল বাতিল নকৰা বুলি লিমিটেডে প্ৰকাশ কৰে ৷

Goa Part of tunnel wall collapses Konkan Rly trains diverted Etv Bharat news
সুৰংগৰ দেৱাল খহি ব্যাহত ৰে’লসেৱা

গোৱা,11 আগষ্ট: বিগত কিছুদিনৰ পৰা গোৱাত অব্যাহত থকা অতিবৃষ্টিৰ ফলত বৃহস্পতিবাৰে পেৰনেম অঞ্চলৰ এক সুৰংগৰ দেৱাল খহি পৰে ৷ এই দেৱাল খহি পৰাৰ ফলত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে কোংকন ৰে’ল সেৱা ৷ উক্ত পথছোৱাৰে পৰিবহণ কৰিবলগীয়া সকলো ৰে’লৰে চলাচল ইতিমধ্যে বাতিল কৰা হৈছে ৷ বিশেষকৈ এই ঘটনাৰ পিছত চুবুৰীয়া ৰাজ্য কৰ্ণাটকৰ লোণ্ডালৈ উক্ত পথেৰে চলিবলগীয়া ৰে’লসমূহ স্থানান্তৰ কৰা হৈছে ৷ কোংকন ৰে’লৱে কৰ্প’ৰেশ্বন লিমিটেডৰ প্ৰৱন্ধক ববন ঘাটগেয়ে সদৰী কৰা অনুসৰি সুৰংগটোৰ দেৱাল খহাৰ ফলত কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা নাই ৷ সম্প্ৰতি উক্ত পথছোৱা শীঘ্ৰে মুকলি কৰাৰ বাবে কাম অব্যাহত ৰাখিছে ৰে’ল কৰ্তৃপক্ষই ৷

উত্তৰ গোৱাৰ অন্যতম জিলা পেৰনেমত নিশা প্ৰায় 2.50 বজাত সংঘটিত উক্ত ঘটনাৰ ফলত সুৰংগটোৰ দেৱালৰ প্ৰায় পাঁচ মিটাৰ অংশ সম্পূৰ্ণৰূপে খহি যায় ৷ কোংকন ৰে’লৱে কৰ্প’ৰেশ্বন লিমিটেডে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত এই পথেৰে ৰে’লৰ চলাচল বন্ধ ৰাখিছে ৷ এতিয়াৰে পৰা এই পথছোৱাৰে চলিবলগীয়া ৰে’লসমূহ লোণ্ডা হৈ চলাচল কৰিব ৷ কিন্তু কোনো ৰে’লৰ চলাচল বাতিল নকৰা বুলি লিমিটেডে প্ৰকাশ কৰে ৷

বৰ্তমান লোণ্ডা পথেৰে চলিবলগীয়া ৰে’লসমূহৰ ভিতৰত এৰ্নাকুলাম-এইচ নিজামুদ্দিন চুপাৰফাষ্ট স্পেচিয়েল এক্সপ্ৰেছ,তিৰুৱনন্তপুৰম চেণ্ট্ৰেল-লোকমান্য তিলক এক্সপ্ৰেছ স্পেচিয়েল এক্সপ্ৰেছ,এইচ নিজামুদ্দিন-এৰ্নাকুলাম চুপাৰফাষ্ট স্পেচিয়েল এক্সপ্ৰেছ,লোকমান্য তিলক-তিৰুৱনন্তপুৰম চেণ্ট্ৰেল এক্সপ্ৰেছ স্পেচিয়েল এক্সপ্ৰেছ অন্তৰ্ভুক্ত কৰা হৈছে ৷

লগতে চাওকঃ ভেণ্টিলেটৰত চিকিৎসাধীন দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী

Last Updated : May 12, 2022, 10:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.