ETV Bharat / bharat

Girlfriend Killed Boyfriend : ফেঁটীসাপৰ দংশনেৰে প্ৰেমিকাই হত্য়া কৰিলে প্ৰেমিকক

author img

By

Published : Jul 19, 2023, 1:52 PM IST

উত্তৰাখণ্ডত এটা আচৰিত ঘটনা পোহৰলৈ আহিছে । এগৰাকী যুৱতীয়ে তেওঁৰ প্ৰেমিকক নিজৰ পথৰ পৰা আঁতৰাবলৈ এক বিষাক্ত ষড়যন্ত্ৰ ৰচনা কৰে । যুৱতীগৰাকীয়ে প্ৰেমিকক হত্যা কৰিবলৈ এডাল সাপৰ সহায় লয় । ফেঁটীসাপৰ দংশনেৰে প্ৰেমিকক নিজৰ পথৰ পৰা আঁতৰায় প্ৰেমিকাই ।

Girlfriend Killed Boyfriend
Girlfriend Killed Boyfriend

নিউজ ডেস্ক, ১৯ জুলাই : প্ৰেমিকক নিজৰ পথৰ পৰা আঁতৰাবলৈ প্ৰেমিকাই ৰচনা কৰে এক বিষাক্ত ষড়যন্ত্ৰ । যাৰ বিষয়ে শুনি এতিয়া সকলোৱে হতচকিত হৈ পৰিছে । ঘটনাটো সংঘটিত হৈছে উত্তৰাখণ্ডৰ নাইনিতাল জিলাৰ হালদৱানী চহৰত । প্ৰেমিকক পথৰ পৰা আঁতৰাবলৈ প্ৰেমিকাই ব্যৱহাৰ কৰে এডাল বিষাক্ত ফেঁটীসাপ । এই ফেঁটীসাপডালৰ দংশনত মৃত্যু হয় প্ৰেমিকৰ ।

এই ঘটনাটো জড়িত হৈ আছে হালদৱানীৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীৰ পুত্ৰৰ মৃত্যুৰ সৈতে । প্ৰাপ্ত তথ্য অনুসৰি, ১৫ জুলাইত ৰামপুৰ ৰোড ৰামবাগৰ বাসিন্দা অটো শ্ব'ৰুম ব্যৱসায়ী ৩২ বছৰীয়া অংকিত চৌহানৰ মৃতদেহ হালদৱানীৰ টিন পানী বাইপাছত ৰাস্তাৰ কাষত ৰখাই থোৱা এখন বাহনত উদ্ধাৰ হয় ।

আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পায় যে অংকিত চৌহান গাড়ীখনৰ পিছৰ আসনত মৃত অৱস্থাত পৰি আছিল । আনহাতে, তেওঁৰ গাড়ীৰ বাতানুকূল যন্ত্ৰও চলি আছিল । প্ৰথমতে আৰক্ষীয়ে অংকিতৰ মৃত্যুৰ কাৰণ হিচাপে গাড়ীখনত শ্বাসৰুদ্ধ হোৱাৰ সন্দেহ কৰিছিল । কিন্তু পিছত যি কথা প্ৰকাশ পায়, তাত আৰক্ষীও আশ্চৰ্যচকিত হৈ পৰে ।

অনুসন্ধানৰ সময়ত অংকিতৰ দুয়োখন ভৰিতে সাপৰ কামোৰৰ চিহ্ন পোৱা যায় । তাৰ ফলত আৰক্ষীৰ সন্দেহ গভীৰ হয় । আনহাতে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পায় যে অংকিত চৌহানক এডাল বিষাক্ত সাপে কামুৰিছিল । ইফালে পৰিয়ালটোৱে অংকিতক হত্যাৰ অভিযোগো উত্থাপন কৰিছিল । কিন্তু অংকিত চৌহানৰ মৃত্যুৰ ঘটনাই এক নতুন মোৰ লোৱাৰ পিছত তেওঁৰ ভগ্নী এষা চৌহানে হত্যাৰ গোচৰ ৰুজু কৰে ।

আৰক্ষীৰ ওচৰত দাখিল কৰা অভিযোগত এষা চৌহানে কয় যে ১৪ জুলাইত তেওঁৰ ভাতৃ অংকিতে তেওঁৰ সৰু ভাতৃক কৈ গৈছিল যে তেওঁ মাহী আৰু দীপ কন্দপালক লগ কৰিবলৈ গৈ আছে । তাৰ পিছৰ পৰা তেওঁ ঘৰলৈ উভতি অহা নাছিল আৰু তেওঁৰ মৃতদেহ ১৫ জুলাইত গাড়ীৰ পিছৰ আসনত উদ্ধাৰ হৈছিল ।

আৰক্ষীয়ে জনোৱা অনুসৰি, গোৰাপাদাভৰ বাসিন্দা অংকিতৰ প্ৰেমিকা মাহীয়ে তেওঁৰ বন্ধু দীপ কান্দপালৰ সৈতে তেওঁক হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল । মাহীয়ে অংকিতক তেওঁৰ ঘৰলৈ মাতি আনি এজন সৰ্পপালকৰ দ্বাৰা ফেঁটীসাপেৰে দংশন কৰায় । তাৰ পিছত অংকিতে জ্ঞান হেৰুৱাই পেলায় । তাৰ পিছত ১৪ জুলাইৰ নিশা অংকিতক গোলা বাইপাছত ৰাস্তাৰ কাষত ৰখাই থোৱা তেওঁৰ গাড়ীত অচেতন অৱস্থাত পেলাই থৈ আগহে । আনহাতে, গাড়ীখনৰ এচি চলাই লক কৰা হৈছিল, যাতে ঘটনাটো হত্যাকাণ্ডৰ দৰে দেখা নাযায় ।

আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পাইছে যে মাহী আৰু তেওঁৰ বন্ধু দীপ কন্দপালে উধম সিং নগৰৰ পৰা এজন সৰ্পপালকক আনিছিল । তেওঁৰ দ্বাৰাই এই ঘটনাটো সংঘটিত হৈছিল । আনহাতে, মাহীৰ ঘৰৰ চাকৰ-বাকৰো এই হত্যাকাণ্ডত জড়িত আছিল ।

উল্লেখ্য যে আৰক্ষীয়ে সৰ্পপালক ৰামনাথক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে । আনহাতে, মাহী, দীপ কন্দপাল আৰু ঘৰত কাম কৰা লোককেইজন এতিয়াও পলাতক হৈ আছে । আৰক্ষীয়ে সোনকালেই সমগ্ৰ ঘটনাটোৰ সবিশেষ প্ৰকাশ কৰিব বুলিও জনাইছে । উল্লেখ্য যে যে মাহী আৰু তেওঁৰ বন্ধু দীপ কন্দপালৰ মাজৰ ঘনিষ্ঠতা ক্ৰমান্বয়ে বাঢ়িবলৈ আৰম্ভ কৰিছিল । কিন্তু তেওঁলোকৰ মাজত পথৰ কাঁইটৰূপে আছিল অংকিত । সেয়ে মাহী আৰু তেওঁৰ বন্ধু দীপ কন্দপালে পথৰ কাঁইট স্বৰূপ অংকিতক আঁতৰাবলৈ পৰিকল্পনা কৰিছিল ।

লগতে পঢ়ক :Murder at Jodhpur: যোধপুৰত একেটা পৰিয়ালৰ 4 জন সদস্যক নৃশংস হত্যা, মৃতদেহ জ্বলোৱাৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.