ETV Bharat / bharat

IIT Guwahati Student died: আই আই টি গুৱাহাটীত বহিঃৰাজ্যৰ ছাত্ৰৰ অকাল মৃত্যু

author img

By

Published : Mar 16, 2023, 7:49 PM IST

অৱসৰ বিনোদনৰ বাবে বন্ধুৰ সৈতে গা ধুবলৈ গৈ অকালতে প্ৰাণ হেৰুৱালে গুৱাহাটী আই আই টিত অধ্যয়নৰত ঝাৰখণ্ডৰ বাগোদৰাৰ এজন ছাত্ৰই (IIT Guwahati Student died) ৷

giridih-student-studying-in-iit-guwahati-died
আই আই টি গুৱাহাটীত বহিঃৰাজ্যৰ ছাত্ৰৰ অকাল মৃত্যু

নেশ্যনেল ডেস্ক, 16 মাৰ্চ: মেঘালয়ত বন্ধুৰ লগত নদীত গা ধুবলৈ গৈ আই আই টিত অধ্যয়নৰত বহিঃৰাজ্যৰ এজন ছাত্ৰই অকাল মৃত্যুত সাৱটি ল’বলগীয়া হয় (IIT Guwahati Student died)৷ আই আই টি গুৱাহাটীৰ এম টেক চিভিলৰ ছাত্ৰ আছিল মৃত যুৱকজন ৷ মৃত ছাত্ৰজনৰ নাম অভিষেক কুমাৰ মণ্ডল বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি ঝাৰখণ্ডৰ বাগোদৰাৰ ছাত্ৰ অভিষেকে মঙলবাৰে তিনিজন বন্ধুৰ লগত অৱসৰ বিনোদনৰ লগত মেঘালয়লৈ গৈছিল (Student died in Meghalaya) ৷ মেঘালয়ৰ মাওকিৰৱাটৰ পৰা দুই কিলোমিটাৰ নিলগত থকা মাওটেন গাঁৱৰ ওড ৰিঙ্গাই প্ৰাকৃতিক দলঙৰ তলতে গা ধুবলৈ নামিছিল অভিষেক ৷ তাৰ পিচতেই গা ধুই থাকোঁতে অভিষেক কুমাৰ পানীত ডুব যায় ৷ পানীতেই শেষ নিশ্বাস ত্যাগ কৰে অভিষেকে ৷

লগে লগে তাত উপস্থিত থকা জৰুৰীকালীন কৰ্মচাৰীয়ে অভিষেকৰ মৃতদেহটো উদ্ধাৰ কৰি সংশ্লিষ্ট আৰক্ষীক গতাই দিয়ে ৷ এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে অভিষেকৰ পৰিয়ালৰ লোক গুৱাহাটীত উপস্থিত হয় ৷ অভিষেকৰ পিতৃ বিনোদ মণ্ডলে আন এজন শুভাকাংক্ষীৰ সৈতে গুৱাহাটীলৈ ৰাওনা হয়। মৰণোত্তৰ পৰীক্ষা কৰাৰ পিচতেই গুৱাহাটী আৰক্ষীয়ে মৃতদেহটো পৰিয়ালক হস্তান্তৰ কৰিছে । মৃতদেহটো লৈ পৰিয়ালৰ লোকে বাগোদাৰলৈ যাত্ৰা কৰে ৷

ইফালে এই খবৰ পোৱাৰ পিচতে অভিষেকৰ ঘৰত শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷ অভিষেক কুমাৰ মণ্ডল এটা সাধাৰণ পৰিয়ালৰ সন্তান আছিল । তেওঁৰ দেউতাক বিনোদ মণ্ডল এজন কৃষক । অভিষেকৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

আজি বিয়লি অভিষেকৰ মৃতদেহ ঘৰ পোৱাৰ পিচতে সামাজিক ৰীতি নীতিৰে অভিষেকৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয় ৷ স্থানীয় বিধায়ক উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰাৰ লগতে, তেওঁলোকৰ পৰিস্থিতিৰ বুজ লয় ৷ বিধায়কগৰাকীয়ে সংবাদমাধ্যমৰ আগত মেঘালয় চৰকাৰক অভিষেকৰ এই অকাল মৃত্যুৰ সন্দৰ্ভত সঠিক তদন্তৰ দাবী উত্থাপন কৰে (Local MLA demands investigation) ৷ লগতে অভিষেকৰ মৃত্যুক সহজে মানি লব পৰা নাই পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক: Land For Job Scam Case : পত্নী-কন্যাসহ লালু প্ৰসাদ যাদৱক জামিন দিল্লী হাইকোৰ্টৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.