নেশ্যনেল ডেস্ক,১১ ছেপ্টেম্বৰ : প্ৰাক্তন কংগ্ৰেছ নেতা গুলাম নবী আজাদৰ গুৰুত্বপূৰ্ণ ঘোষণা । অহা দহ দিনৰ ভিতৰত তেওঁ এটা নতুন দল ঘোষণা কৰিব (Ghulam Nabi Azad will announce his new party)। লগতে ৰাজ্যখনক বিশেষ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদ ৩৭০ পুনৰ গ্ৰহণৰ যিকোনো সম্ভাৱনা তেওঁ বন্ধ কৰিব ।
দেওবাৰে এক ৰেলীত (Ghulam Nabi Azad at Baramulla rally) অংশ লৈ প্ৰাক্তন কংগ্ৰেছীগৰাকীয়ে কয় যে, অনুচ্ছেদ ৩৭০ পুনৰ গ্ৰহণ কৰিবলৈ দিয়া নহ'ব (Ghulam Nabi Azad on Article 370)। ইয়াক পুনৰ গ্ৰহণৰ বাবে সংসদত দুই-তৃতীয়াংশ সংখ্যা গৰিষ্ঠতাৰ প্ৰয়োজন । তেওঁ দলবোৰক ৩৭০ ৰ নামত মানুহক শোষণ কৰিবলৈ অনুমতি দিব নোৱাৰে ।
গুলাম নবী আজাদে উল্লেখ কৰা মতে ৩৭০ ৰ নামত তেওঁ মানুহক বিপথে পৰিচালিত নকৰে । আনহাতে তেওঁ দাবী কৰা মতে ৰাজনৈতিক শোষণে কাশ্মীৰত এক লাখ লোকক হত্যা কৰিছে আৰু পাঁচ লাখ শিশুক অনাথ কৰিছে । সেয়ে তেওঁ মিছা আৰু শোষণৰ ওপৰত ভোট বিচাৰিব নোৱাৰে বুলি উল্লেখ কৰে । স্থানীয় দলসমূহৰ মিছা প্ৰতিশ্ৰুতিক সমালোচনা কৰি তেওঁ কয় যে নিৰ্বাচনত তেওঁ পৰাজিত হ'লেও তেওঁ ৰাজ্যখনৰ বাবে যি কৰিব পাৰিব সেয়াহে ক'ব ।
আগন্তুক ১০ দিনত নতুন দল ঘোষণা কৰাৰ লগতে ৰাজ্যৰখনৰ মৰ্যাদা পুনৰুদ্ধাৰ, সংস্থাপন আৰু ভূমিৰ সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতি দি জনসাধাৰণৰ সহযোগিতা কামনা কৰে । তেওঁ উল্লেখ কৰা মতে দলটোৰ নাম এতিয়ালৈ নিৰ্ধাৰণ কৰা হোৱা নাই । তেওঁৰ মতে জন্মু-কাশ্মীৰৰ ৰাইজে দলৰ নাম আৰু দলীয় পতাকা সন্দৰ্ভত সিদ্ধান্ত ল'ব ।
আজাদে লগতে কয় যে, তেওঁৰ দলটোৰ প্ৰথম লক্ষ্য হ'ব আহি থকা বিধানসভা নিৰ্বাচন । তেওঁ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁৰ লগতে দল ত্যাগ কৰা সকলক মানুহে বদনাম কৰিবলৈ চেষ্টা কৰি আছে কিন্তু তেওঁলোকৰ প্ৰচেষ্টা কেৱল টুইটতে সীমাবদ্ধ বুলি উল্লেখ কৰে আজাদে । উল্লেখ্য যে, দীৰ্ঘ সময় ধৰি গুলাম নবী আজাদ কংগ্ৰেছৰ সৈতে জড়িত আছিল । ২০০৫ চনৰ পৰা ২০০৮ চনলৈ তেওঁ জন্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীও আছিল । শেহতীয়াকৈ তেওঁ দলৰ পৰা পদত্যাগ কৰে ।
লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মাৰ সভাত অঘটন: তেলেংগানাৰ মুখ্য সচিবৰ পৰা প্ৰতিবেদন বিচাৰিলে গৃহ মন্ত্ৰণালয়ে