ETV Bharat / bharat

কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ গুলাম নবী আজাদৰ

author img

By

Published : Aug 17, 2022, 11:03 AM IST

কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্ত হোৱাৰ কেইঘণ্টামান পিছতেই অধ্যক্ষ পদৰ পৰা পদত্যাগ জ্যেষ্ঠ নেতা গুলাম নবী আজাদৰ ৷ জ্যেষ্ঠ নেতাগৰাকীৰ এই পদক্ষেপে জম্মু--কাশ্মীৰ কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিবাদৰ সংকেত দিছে(Internal Strife in the J K unit of Congress) ৷ জম্মু কাশ্মীৰৰ নৱগঠিত সমিতিখনক লৈ অসন্তুষ্ট আছিল গুলাম নবী আজাদ ৷

Ghulam Nabi Azad resigned from the post of the party's campaign committee chairman
কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ গুলাম নবী আজাদৰ

নিউজ ডেস্ক, 17 আগষ্ট: কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গুলাম নবী আজাদে(Congress senior leader Ghulam Nabi Azad) কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্ত হোৱাৰ কেইঘণ্টামান পিছতেই অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে । সূত্ৰৰ পৰা জানিব পৰা মতে, স্বাস্থ্যজনিত কাৰণত তেওঁ এই পদ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল যদিও তেওঁ এই পদক্ষেপে জম্মু-কাশ্মীৰ কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিবাদৰ সংকেত দিছে(Internal Strife in the J K unit of Congress)।

গুলাম নবী আজাদে দলীয় নেতৃত্বক দায়িত্ব দিয়াৰ বাবে ধন্যবাদ জনায় আৰু স্বাস্থ্যজনিত কাৰণত তেওঁ এই পদ গ্ৰহণ কৰাত ব্যৰ্থ বুলি উল্লেখ কৰাৰ কথা জানিব পৰা হৈছে ৷ অৱশ্যে দুয়োপক্ষৰ পৰা এই পৰ্যন্ত আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰী কৰা হোৱা নাই ৷ গুলাম নবী আজাদৰ এই পদত্যাগে দলৰ বহুতকে সচকিত কৰি তুলিছে ৷ কাৰণ দলীয় মঞ্চত তেওঁ সদায় সক্ৰিয় আছিল আৰু তেওঁক গুৰুত্বপূৰ্ণ নিযুক্তিত পৰামৰ্শ দিয়া হৈছিল ৷

কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে সোমবাৰে কংগ্ৰেছ গৌৰৱ যাত্ৰাতো অংশগ্ৰহণ কৰিছিল আৰু ছোনিয়া গান্ধীক ইডিলৈ মাতি নিয়াৰ সময়ত তেওঁ এই সন্দৰ্ভত সংবাদমেলো সম্বোধন কৰিছিল ৷ উচ্চ সদনত বিৰোধী দলৰ নেতা হিচাপে অৱসৰ লোৱাৰ পিছত ৰাজ্যসভাত উপেক্ষা কৰাৰ পিছৰে পৰা আজাদ অসন্তুষ্ট হৈ আছিল ৷ তেওঁ দলৰ জি-২৩ গোটৰ অন্যতম নেতা যিয়ে দলটোত ব্যাপক সংস্কাৰৰ দাবী জনাইছিল ।

জম্মু কাশ্মীৰৰ নতুন সভাপতি নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পাছৰে পৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকী দলটোৰ প্ৰতি অসন্তুষ্ট হৈ পৰাৰ কথা পোহৰলৈ আহে ৷ জম্মু কাশ্মীৰ কংগ্ৰেছ দলৰ সভাপতি গোলাম আহমেদ মীৰে পদত্যাগ কৰাৰ পিছত বিকাৰ ৰছুল ৱানীক দলটোৰ নতুন সভাপতি নিযুক্তি দিয়া হয় । ইয়াৰ লগতে দলটোৰ ৰাজ্যিক গোটৰ কাৰ্যবাহীসকলকো নিযুক্তি দিয়া হয় ৷ ৱানী প্ৰাক্তন মুখ্যমন্ত্ৰী আজাদৰ এজন অনুগত আছিল ।

জম্মু-কাশ্মীৰ কংগ্ৰেছ প্ৰচাৰ সমিতিৰ অধ্যক্ষ পদৰ পৰা কংগ্ৰেছ নেতা গুলাম নবী আজাদৰ পদত্যাগ সন্দৰ্ভত কংগ্ৰেছ নেতা অশ্বনী হাণ্ডাই মন্তব্য কৰে । তেওঁ অভিযোগ কৰে যে, গুলাম নবী আজাদ এই নতুন সমিতিখনক লৈ অসন্তুষ্ট আছিল ৷ যাৰ ফলত তেওঁ কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে ৷ নৱগঠিত প্ৰচাৰ সমিতিয়ে জম্মু-কাশ্মীৰত দলটোৰ তৃণমূল কৰ্মীসকলৰ আশা-আকাংক্ষাক উপেক্ষা কৰিছে ৷ তেওঁলোকৰ প্ৰতি অন্যায় কৰা হৈছে । সেয়েহে গুলাম নবী আজাদে সমিতিখনত অসন্তুষ্ট হোৱাৰ বাবে পদত্যাগ কৰিছে(Ghulam Nabi Azad resigned from party's campaign committee chairman) ৷

লগতে পঢ়ক: জম্মুত ঘৰৰ ভিতৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ ছয়জন লোকৰ মৃতদেহ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.