ETV Bharat / bharat

Kanhaiya Lal murder : ক্ষীপ্ৰ তদন্তৰে দোষীক শাস্তি দিবলৈ NIA ক আহ্বান অশোক গেহলটৰ - কানহায়া লালৰ পৰিয়াল

কানহায়া লালৰ ভয়ংকৰ হত্যাকাণ্ডক লৈ দেশবাসীৰ মাজত দেখা পোৱা ক্ষোভে প্ৰমাণ কৰিছে যে ধৰ্ম বা জাতি নিৰ্বিশেষে প্ৰতিজন নাগৰিকে দোষীৰ বাবে দ্ৰুত ন্যায় আৰু শাস্তি বিচাৰে (Kanhaiya Lal murder)। কানহায়া লালৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰি এই মন্তব্য কৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ৷

Kanhaiya Lal murder
Kanhaiya Lal murder
author img

By

Published : Jun 30, 2022, 7:29 PM IST

নিউজ ডেস্ক, 30 জুন: ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে বৃহস্পতিবাৰে কানহায়া লালৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে (Ashok Gehlot meets Kanhaiya Lal family)৷ মঙলবাৰে উদয়পুৰত নিজৰ দোকানতে দুজন আক্ৰমণকাৰীয়ে দিনৰ পোহৰতে শিৰচ্ছেদ কৰিছিল কানহায়া নামৰ লোকজনক । তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি গেহলটে কানহায়া লালৰ পৰিয়ালৰ সদস্যসকলক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে আৰু ৫০ লাখ টকাৰ চেক প্ৰদান কৰে ।

মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি গোবিন্দ সিং দোতাছৰা, ৰাজ্যিক গৃহমন্ত্ৰী ৰাজেন্দ্ৰ যাদৱ, ৰাজহ মন্ত্ৰী ৰামলাল জাট, মুখ্য সচিব ঊষা শৰ্মা আৰু ডিজিপি মোহন লাল লাথাৰ উপস্থিত থাকে কানহায়াৰ বাসগৃহত । গেহলটে সংবাদ মাধ্যমৰ আগত কয়, "মই আশা কৰোঁ যে NIA ই এই বিষয়ত দ্ৰুত তদন্ত চলাব, যাতে দোষী ব্যক্তিসকলক অতি সোনকালে শাস্তি দিয়া হয় । ৰাজ্যখনৰ লগতে সমগ্ৰ দেশৰ মানুহেও সেয়াই বিচাৰে" (Gehlot assures strict punishment for accused in Udaipur) ৷

গেহলটে লগতে কয় যে, কানহায়া লালৰ ভয়ংকৰ হত্যাকাণ্ডক লৈ দেশবাসীৰ মাজত দেখা পোৱা ক্ষোভে প্ৰমাণ কৰিছে যে ধৰ্ম বা জাতি নিৰ্বিশেষে প্ৰতিজন নাগৰিকে দোষীৰ বাবে দ্ৰুত ন্যায় আৰু শাস্তি বিচাৰে (Kanhaiya Lal murder)।

"মই আশা কৰোঁ যে NIAই এই অনুভূতি বুজি পাব । এনে এক অনুষ্ঠানত, মই ক'ব বিচাৰো যে এয়া ধৰ্মৰ নামত দুটা সম্প্ৰদায়ৰ মাজত কাজিয়া নহয় । ঘটনাটোত সন্ত্ৰাসবাদৰ সৈতে সংযোগ থকাৰ এটা প্ৰমাণ পোৱা গৈছে । এই হত্যাকাণ্ডক প্ৰতিটো ধৰ্মই গৰিহণা দিছে" বুলি গেহলটে কয় । মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ জনসাধাৰণক শান্তি বজাই ৰাখিবলৈও আহ্বান জনায় ।

উল্লেখ্য যে, মঙলবাৰে দুপৰীয়াৰ ভাগত দুজন লোকে কাপোৰ চিলোৱাবলৈ অহাৰ চলেৰে অতি নৃশংসভাৱে কানহায়া লালক হত্যা কৰে ৷ কেইদিনমান পূৰ্বে কানহায়াই বিজেপিৰ বহিস্কৃত নেত্ৰী নুুপুৰ শৰ্মাক সমৰ্থন জনায় এটা পোষ্ট আপলোড কৰিছিল চ’ছিয়েল মিডিয়াত ৷ তাৰ পাচতেই এটা বিশেষ ধৰ্মৰ দুজন লোকে ফোনযোগে ভাবুকি প্ৰদান কৰে কানহায়াক ৷ প্ৰাণৰ ভয়ত কেইবাদিনো দোকান খোলা নাছিল লোকজনে ৷

অৱশেষত মঙলবাৰে দোকান খোলাৰ পাচতেই গ্ৰাহকৰ বেশত অহা যুৱক দুজনে তালিবানি কায়দাৰে ডিঙি ৰেপি কানহায়াৰ হত্যা কৰে ৷ তাৰ পাচতেই এই ঘটনাক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা যায় ৷

ইতিমধ্যে কানহায়া হত্যাকাণ্ডৰ গোচৰৰ দায়িত্ব কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA ক অৰ্পন কৰা হৈছে ৷ বুধবাৰে এই গোচৰৰ দায়িত্ব গ্ৰহণ কৰি সংস্থাটোৱে অনুসন্ধান আৰম্ভ কৰিছে (NIA takes over Udaipur Killing case) ৷ ঘটনা সংক্ৰান্তত ভাৰতীয় দণ্ডবিধি 452, 302, 153 (A), 153 (B), 295 (A), 35 আৰু বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা 16, 18 আৰু 20 ৰ অধীনত RC 27/2022/NIA/DLI নম্বৰত এটা গোচৰ ৰুজু কৰিছে NIAই ৷

অনুসন্ধানকাৰী সংস্থাটোৱে গোচৰ দাখিল কৰি এই কথা উল্লেখ কৰে যে, যি দুজন ব্যক্তিয়ে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছিল, তেওঁলোকে সমগ্ৰ দেশৰ জনসাধাৰণৰ মাজত আতংক সৃষ্টি আৰু সন্ত্ৰাস সৃষ্টি কৰাৰ বাবে হত্যাৰ দায়িত্ব স্বীকাৰ কৰি হত্যাৰ ভিডিঅ’ চ’ছিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল ৷ অভিযুক্ত গোছ মহম্মদ আৰু ৰিয়াজ আখটাৰীয়ে জঘন্য অপৰাধটোৰ ভিডিঅ'টেপ কৰিছিল ৷

হত্যাৰ কেইঘণ্টামান পিছতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু জেৰা আৰম্ভ হোৱাৰ লগে লগে বৰ্তমান তেওঁলোকক এক অজ্ঞাত স্থানত ৰখা হৈছে । আখটাৰীৰ পাকিস্তানস্থিত দাৱাত-ই-ইছলামীৰ সৈতে সম্পৰ্ক থকা বুলি জানিব পৰা গৈছে(Pakistan based Islamist group) ৷

লগতে পঢ়ক : Kanhaiya Lal killing case : কানহায়া হত্যাৰ আঁৰত ইছলামী সন্ত্ৰাসবাদী গোট জড়িতৰ সন্দেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.