ETV Bharat / bharat

Ganga Vilas Cruise : নতুন বছৰৰ আৰম্ভণিতে গংগা বিলাসে ৰচনা কৰিব ইতিহাস - Ganga Vilas journey

10 জানুৱাৰী, 2023ত ৰচনা হ’ব আন এক ইতিহাস ৷ বিশ্বৰ ভিতৰতে সৰ্বাধিক দৈৰ্ঘৰ নদী যাত্ৰা হ’ব ভাৰতত (Longest luxury river cruise)৷ যাত্ৰাৰ সংগী হ’ব গংগা বিলাস (Ganga Vilas Cruise)৷

Ganga Vilas Cruise
নতুন বছৰৰ আৰম্ভণিতে গংগা বিলাসে ৰচনা কৰিব ইতিহাস
author img

By

Published : Dec 13, 2022, 7:40 PM IST

নতুন বছৰৰ আৰম্ভণিতে গংগা বিলাসে ৰচনা কৰিব ইতিহাস

নিউজ ডেস্ক, 13 ডিচেম্বৰ : তাহানিতে ছমাহ বা বছৰদিনৰ বাবে সাউদে ডিঙা মেলি বেহা-বেপাৰলৈ ওলাই যোৱাৰ দৰেই এটা ঘটনা ৷ অৱশ্যে এইবাৰ সাউদৰ পালতৰা ডিঙা নহয় ৷ গংগাৰ বুকুত ঢৌ কোবাই কোবাই বিশালকায় এখন বিলাসী জাহাজ আহিব অসম মুলুকৰ ডিব্ৰুগড়লৈ ৷ ঠিক যেন সেই তাহানিৰ সাউদৰ ডিঙাখনৰ দৰেই !

এখন অত্যাধুনিক বিলাসী জাহাজ৷ জাহাজখনৰ ভিতৰত নাই কি ? ৰেষ্টুৰেণ্ট, স্পাৰ পৰা ছানডেকলৈকে৷ ভাৰতত নিৰ্মিত গংগা বিলাস নামৰ এই জাহাজখনে ৰচনা কৰিবলৈ গৈ আছে এক ইতিহাস৷ গংগা বিলাসে বিশ্বৰ ইতিহাসত খোদিত কৰিব সৰ্বাধিক দৈৰ্ঘৰ নদী যাত্ৰা৷ অতিক্ৰম কৰিব আটাইতকৈ দীঘল নদীপথ ৷ উত্তৰ প্ৰদেশৰ পবিত্ৰ চহৰ বাৰাণসীৰ পৰা 10 জানুৱাৰীত যাত্ৰা আৰম্ভ কৰিবলগীয়া গংগা বিলাস বাংলাদেশ হৈ উপস্থিত হ’ব আমাৰ ডিব্ৰুগড়ত ৷ সেই তাৰিখটো হ’ব 2023 চনৰ 1 মাৰ্চ ৷ বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী যাত্ৰাৰ সাক্ষী হ’ব সমগ্ৰ ভাৰতবাসীৰ লগতে অসমো(Longest luxury river cruise)৷

গংগা বিলাসৰ এই যাত্ৰা কাল হ’ব ৫০ দিনীয়া (Ganga Vilas Cruise)৷ দেশৰ ২৭ খন নদীক সামৰি হ’বলগীয়া এই ঐতিহাসিক যাত্ৰাই চুই যাব দেশৰ ৫০ তকৈও অধিক পৰ্যটন ক্ষেত্ৰ ৷ ভাৰত আৰু বাংলাদেশ দুয়োখন দেশক স্পৰ্শ কৰিব এই যাত্ৰাই৷ য’তেই গংগা বিলাসে জিৰণি ল’ব, তাতেই প্ৰদৰ্শন কৰা হ’ব কাষৰীয়া অঞ্চলৰ কৃষ্টি-সংস্কৃতি৷

বিশ্বৰ আটাইতকৈ দীঘলীয়া অৰ্থাৎ চাৰি হাজাৰ কিল’মিটাৰজোৰা এই নদীযাত্ৰাৰ সংগী গংগা বিলাস পাটনাত উপস্থিত হোৱাৰ পাছত বক্সাৰ, ৰামনগৰ আৰু গাজীপুৰৰ মাজেৰে যাত্ৰা কৰিব (Ganga Vilas journey)। জাহাজখন গংগা-ভাগীৰথী-হুগলী নদীৰে যাত্ৰা কৰাৰ পাছত বাংলাদেশৰ কেইবাখনো নদীৰে ভ্ৰমণ কৰি ধুবুৰী হৈ ব্ৰহ্মপুত্ৰৰে যাত্ৰা কৰিব ৷

ইয়াৰোপৰি এই যাত্ৰাত থাকিব 80 গৰাকী যাত্ৰী, 20 গৰাকী কৰ্মী ৷ নতুন বছৰৰ আৰম্ভণিতে আৰম্ভ হ’বলগীয়া এই বিলাসী যাত্ৰাৰ সাক্ষী হ’ব অসমো ৷ 1 মাৰ্চত বগীবিলত সামৰণি পৰিবলগীয়া এই ঐতিহাসিক যাত্ৰাৰ ক্ষণ নিশ্চিতভাৱে খোদিত হ’ব দেশৰ বুৰঞ্জীত ৷

লগতে পঢ়ক : 100 years of ATI: অসম টেক্সটাইল ইনষ্টিটিউটৰ শতবৰ্ষৰ আয়োজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.