ETV Bharat / bharat

Gaganyaan Mission : গগনযানৰ টেষ্ট ভেহিকল উৎক্ষেপণ সাময়িকভাৱে স্থগিত - ISRO Gaganyaan mission

এই মিছনটোৱে নতুনকৈ বিকশিত টেষ্ট ভেহিকলৰ সৈতে মেক ১.২-ত 'ইন-ফ্লাইট এবৰ্ট ডেমনষ্টেচন অব ক্ৰু এস্কেপ ছিষ্টেম (চিইএছ)' পৰীক্ষা কৰিব । তাৰ পিছত ক্ৰু মডিউল পৃথকীকৰণ আৰু সুৰক্ষিতভাৱে পুনৰুদ্ধাৰ কৰিব । ই গগনযান মানৱ মহাকাশ উৰণ কাৰ্যসূচীৰ বিভিন্ন পৃথকীকৰণ প্ৰণালী যেনে ক্ৰু এস্কেপ ছিষ্টেমৰ উৰণ প্ৰদৰ্শন আৰু মূল্যাঙ্কন, টেষ্ট ভেহিকল উপ-প্ৰণালীৰ উৰণ প্ৰদৰ্শন আৰু মূল্যাঙ্কন কৰিব ।

গগনযানৰ টেষ্ট ভেহিকল উৎক্ষেপণ সাময়িকভাৱে স্থগিত
Gaganyaan Mission
author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 9:58 AM IST

নিউজ ডেস্ক, ২১ অক্টোবৰ : ইছৰোৱে ২০২৫ চনত আৰম্ভ হ'বলগীয়া গগনযান মানৱ মহাকাশ উৰণৰ বাবে ইয়াৰ প্ৰথম টেষ্ট ভেহিকলৰ উৎক্ষেপণ স্থগিত ৰাখিছে ।

শনিবাৰে এই উৎক্ষেপণ শ্ৰীহৰিকোটাৰ মহাকাশ কেন্দ্ৰৰ পৰা নিৰ্ধাৰিত সময়ৰ ৩০ মিনিট পিছত পুনৰ নিৰ্ধাৰণ কৰা হয় । টেষ্ট ভেহিকল ডি১ মিছনটো পুৱা ৮ বজাত প্ৰথমতে লঞ্চ পেডৰ পৰা উৎক্ষেপণৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল । পিছত ইয়াক পুৱা ৮.৩০ বজালৈ সংশোধন কৰা হয় ।

"উৎক্ষেপণ ভাৰতীয় সময় অনুসৰি ৮.৩০ বজাত পুনৰ নিৰ্ধাৰণ কৰা হৈছে ।" 'এক্স'ৰ এক পোষ্টত ইছৰোৱে দিয়া এক আপডেটত এনেদৰে কোৱা হয় । আনহাতে, মিছন নিয়ন্ত্ৰণ কেন্দ্ৰতো এই সন্দৰ্ভত এটা ঘোষণা কৰা হয় ।

কিন্তু তাৰ পিছতো আৰু ১৫ মিনিট সময় পিছুৱাই দি সময় পুনৰ নিৰ্ধাৰণ কৰা হয় । কিন্তু মহাকাশ সংস্থাটোৱে পিছত এক্সত লিখে যে উৎক্ষেপণৰ সময় সঠিককৈ নিৰ্ণয় হোৱাৰ পিছতহে আপডেট প্ৰদান কৰিব ।

উল্লেখ্য যে উৎক্ষেপণৰ বাবে মিছন সঞ্চালক আৰু বাহন সঞ্চালকৰ পৰা অনুমোদন দিয়া হৈছিল আৰু ইয়াৰ নিয়ন্ত্ৰণ প্ৰায় ১০ মিনিটত অনবৰ্ড কম্পিউটাৰলৈ স্থানান্তৰ কৰা হৈছিল ।

যদিও সময় পৰিৱৰ্তনৰ কাৰণ তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই, সূত্ৰৰ পৰা জানিব পৰা মতে এয়া বৰষুণ আৰু ডাৱৰীয়া বতৰৰ পৰিস্থিতিৰ বাবে হ'ব পাৰে ।

আনহাতে, সময় পৰিৱৰ্তনৰ বিষয়ে ঘোষণা কৰাৰ পিছতে সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ মনিটৰত প্ৰদৰ্শিত কাউণ্টডাউন টাইমাৰটোও আঁতৰোৱা হয় ।

শুকুৰবাৰে সন্ধিয়া ৭ বজাৰ পৰা এই ১৩ ঘণ্টীয়া কাউণ্টডাউন আৰম্ভ হৈছিল ।

উল্লেখ্য যে এই টেষ্ট ভেহিকল অভিযানটো গগনযান কাৰ্যসূচীৰ পূৰ্বৰ এক কাৰ্যসূচী । ইয়াৰ উদ্দেশ্য হৈছে মানুহক তিনি দিনৰ বাবে ৪০০ কিলোমিটাৰ নিম্ন পৃথিৱীৰ কক্ষপথত মহাকাশলৈ প্ৰেৰণ কৰা আৰু তেওঁলোকক সুৰক্ষিতভাৱে পৃথিৱীলৈ ঘূৰাই অনা ।

লগতে পঢ়ক :Gaganyaan Mission : ইছৰোৰ প্ৰথম মানৱ মহাকাশ অভিযান; শনিবাৰে ক্ৰু মডিউল পৰীক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.