নেশ্যনেল ডেস্ক, 16 ছেপ্টেম্বৰ: বলীউডৰ একশ্যন চিনেমাৰ দৰেই ৰাজপথত অ’পেন ফায়াৰিং (Begusarai mass shooting)৷ বিহাৰৰ বেগুচৰাই নামৰ সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা ৷ যোৱা 13 ছেপ্টেম্বৰত 28 নং ৰাষ্ট্ৰীয় ঘাইপথত দুজন বাইক আৰোহীয়ে জধে মধে 5 টা অঞ্চলত গুলীচালনাৰ ঘটনা সংঘটিত কৰে ৷ এই ঘটনাত এজন লোক থিতাতে নিহত হয় (one person killed)৷
তাৰ পিছতে অঞ্চলটোত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ এই ঘটনাৰ সন্দৰ্ভত বিহাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ পিছতেই শুকুৰবাৰে গুলীচালনা ঘটনাৰ মাষ্টাৰমাইণ্ডসহ তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰে (Four people arrested)৷
বিহাৰ আৰক্ষীয়ে ঝাঝা ৰে’ল ষ্টেচনৰ পৰা মাষ্টাৰমাইণ্ড কেশৱক আটক কৰি বেগুৰচৰাই আৰক্ষীক গতাই দিয়ে ৷ লগতে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত তিনি সন্দেহযুক্ত অভিযুক্ত যুৱৰাজ, অৰ্জুন আৰু সুমিতক গ্ৰেপ্তাৰ কৰে ৷ সম্প্ৰতি মাষ্টাৰমাইণ্ড কেশৱৰ জেৰা অব্যাহত আছে ৷
লগতে পঢ়ক: যাত্ৰীবাহী বাছ দুৰ্ঘটনাত নিহত 6জন, আহত 25 জন