নেশ্যনেল ডেস্ক,17 অক্টোবৰ: ৰাজস্থানত আৰক্ষীয়ে দেওবাৰে মুঠ ৭১ জন গ্ৰাহকক প্ৰতাৰণা কৰাৰ অপৰাধত চাৰিজন বেংক কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে ৷ পুৰণি অনাজ মন্দিত অৱস্থিত চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ দীগ শাখাৰ পৰা ২.৮৫ কোটি টকাৰ ধন বেংক প্ৰৱন্ধক কেইজনে গ্ৰাহকৰ পৰা লুট কৰিছিল(Four CBI bank employees arrested for fraud) । ভুৱা একাউণ্টৰ অধীনত নিজৰ গ্ৰাহকক ঋণ প্ৰদানেৰে প্ৰৱঞ্চনা সংঘটিত কৰিছিল বেংক কৰ্মচাৰীকেইটাই । ২০২০-২১ বিত্তীয় বৰ্ষৰ বেংকৰ গণনাৰ সময়ত প্ৰৱঞ্চনাৰ সমগ্ৰ বিষয়টো পোহৰলৈ আহিছিল ৷
দীগ কোতৱালীৰ এ এছ আই ছিয়াৰাম ঢাকাদে জনোৱা মতে, চাৰি অভিযুক্তক প্ৰাক্তন শাখা প্ৰবন্ধক সুনীল কুমাৰ মীনা, কৃষি বিত্ত বিষয়া নীৰজ মণ্ডল, সহকাৰী প্ৰবন্ধক অনূপ চান্দ মীনা, আৰু প্ৰবন্ধক সত্যপাল মীনা বুলি চিনাক্ত কৰা হৈছে । এই ৪ প্ৰৱঞ্চকে পদ্ধতিগতভাৱে ষড়যন্ত্ৰ কৰি ৭১ গৰাকী গ্ৰাহকলৈ আৰ্থিক সুবিধা প্ৰদান কৰিছিল আৰু ৫০ লাখ টকাৰ তেওঁলোকক প্ৰৱঞ্চনা কৰিছিল বুলি ভুক্তভোগীসকলে অভিযোগ উত্থাপিত কৰিছে ৷ গ্ৰাহকৰ পৰা প্ৰৱঞ্চনা কৰি পোৱা ২,৮৫,৪৫,২২৪ পৰিমাণৰ ধনখিনি নিজৰ মাজতে ভগায় লয় বুলি জানিবলৈ পোৱা গৈছে(Four CBI bank employees arrested for fraud worth Rs 2 85 crores in Rajasthan) ।
ভাৰতীয় কেন্দ্ৰীয় বেংকৰ আঞ্চলিক মুৰব্বী কবিতা ঠাকুৰ আৰু শাখা প্ৰবন্ধক যোগেশ কুমাৰ ৰায়গৰে ঘটনা সন্দৰ্ভত ৪ প্ৰৱঞ্চকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে(Central bank of india fraud case)৷ তেওঁলোকে প্ৰতিবেদনত উল্লেখ কৰে যে এই বেংক প্ৰৱন্ধককেইটাই বিভিন্ন আঁচনিৰ অধীনত ঋণ প্ৰদানৰ নিয়মক আওকাণ কৰিছিল, আৰু মুকলি কৰিছিল ৭৩ টা ভুৱা বেংক একাউণ্ট ৷
অপৰাধৰ লেখ-জোখ নোহোৱা কৰিবলৈ অপৰাধীসকলে ঋণ, ক্ৰয় বিল আদিৰ কোনোধৰণৰ উদ্ধৃতি প্ৰথমতে প্ৰদান কৰা নহ'ব বুলিও পূৰ্বেই স্পষ্ট কৰি দিয়ে ৷ ২০২০-২১ বিত্তীয় বৰ্ষৰ ভিতৰত বেংকটোৰ অডিটত গুৰুতৰ বিসংগতিৰ কথা পোহৰলৈ আহিছে য’ত পৰিশোধ কৰিবলগীয়া হৈছিল বিপুল পৰিমাণৰ ধন৷ মুদ্ৰা ঋণৰ অধীনত আবেদনকাৰীসকলক তেওঁলোকৰ একাউণ্টত দিয়া হৈছিল ধন ৷ সম্পত্তিৰ কাগজ তথা কোনো ধৰণৰ নিৰাপত্তাৰ ধন জমা নোলোৱাকৈ আবেদনকাৰীসকলক ঋণ প্ৰদান কৰিছিল 4 প্ৰৱঞ্চক বেংক কৰ্মচাৰীয়ে ৷
লগতে পঢ়ক: AICC President Election 2022 : গান্ধী পৰিয়ালৰ পৰা মুক্ত হ’ব কংগ্ৰেছৰ সভাপতি পদ !