ETV Bharat / bharat

Sharad Yadav passes away: প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শৰদ যাদৱৰ দেহাৱসান

author img

By

Published : Jan 13, 2023, 10:30 AM IST

৭৫ বছৰ বয়সত ইহলীলা সম্বৰণ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাষ্ট্ৰীয় জনতা দলৰ জ্যেষ্ঠ নেতা শৰদ যাদৱে (Former union minister Sharad Yadav passes away)৷ বৃহস্পতিবাৰে নিশা 10.19 বজাত চিকিৎসাধীন অৱস্থাতেই গুৰুগ্ৰাম চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে যাদৱে ৷ যাদৱৰ মৃত্যুত দেশৰ ৰাজনৈতিক মহলত গভীৰ শোকৰ ছাঁ পৰিছে (Condolence to Sharad Yadav)৷

former-union-minister-sharad-yadav-passes-away-at-75
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শৰদ যাদৱৰ দেহাৱসান

নেশ্যনেল ডেস্ক, 13 জানুৱাৰী: প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাষ্ট্ৰীয় জনতা দলৰ জ্যেষ্ঠ নেতা শৰদ যাদৱে বৃহস্পতিবাৰে নিশা 10.19 বজাত গুৰুগ্ৰাম চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে (Sharad Yadav passes away)৷ দীৰ্ধদিন ধৰি অসুস্থ হৈ থকা প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কেইবামান ধৰি বাসগৃহতে চিকিৎসকৰ তত্বাৱধানত আছিল ৷ বৃহস্পতিবাৰে সন্ধিয়া যাদৱৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত গুৰুগ্ৰাম চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ 75 বছৰ বয়সত চিকিৎসাধীন অৱস্থাতেই যাদৱে শেষ নিশ্বাস ত্যাগ কৰে ৷ যাদৱে মৃত্যুৰ সময়ত পত্নী, এগৰাকী কন্যা আৰু এজন পুত্ৰক ইহসংসাৰত এৰি থৈ গৈছে।

ফৰ্টিছ মেম’ৰিয়েল ৰিচাৰ্চ ইনষ্টিটিউটৰ (Fortis Memorial Research Institute) এক বিবৃতিত উল্লেখ কৰে যে যাদৱক অচেতন অৱস্থাত জৰুৰীকালীন ৱাৰ্ডলৈ অনা হৈছিল । তেওঁক বচাবলৈ বহুতো চেষ্টা কৰা হৈছিল যদিও নিয়তিৰ ওচৰত হাৰ মানিলে ৰাজনীতিবিদগৰাকীয়ে ৷ ইয়াৰ পিছতে তেওঁৰ জীয়ৰী কংগ্ৰেছ নেত্ৰী সুভাষিনী শৰদ যাদৱে টুইটাৰত তেওঁৰ মৃত্যুৰ কথা নিশ্চিত কৰি টুইট কৰে যে, "দেউতা আৰু নাই ৷"

এই খবৰৰ পিছতে দেশৰ ৰাজনৈতিক মহলত গভীৰ শোকৰ ছাঁ পৰে (Condolence to Sharad Yadav)৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যাদৱৰ মৃত্যুত শোক প্ৰকাশ কৰি টুইটাৰত ( Prime Minister Narendra Modi expressed condolences) উল্লেখ কৰে যে "শ্ৰী শৰদ যাদৱজীৰ মৃত্যুত মই শোক প্ৰকাশ কৰিছো ৷ ৰাজহুৱা জীৱনৰ দীঘলীয়া পৰিক্ৰমাত তেওঁ নিজকে সাংসদ আৰু এগৰাকী দ্বায়িত্বশীল মন্ত্ৰী হিচাপে গঢ়ি তুলিছিল ৷ তেওঁ ডঃ লোহিয়াৰ আদৰ্শৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল ৷ মই সদায় আমাৰ বাৰ্তালাপ হোৱাৰ সময়বোৰ সাঁচি ৰাখিম ৷ তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছো ৷ ঔম শান্তি ৷"

বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱেও (Bihar Deputy Chief Minister Tejashwi Yadav)প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি টুইট কৰে যে "মহান মহিশীজনৰ অকাল মৃত্যুৰ বাতৰি পাই মই দুঃখিত... মহান সমাজতান্ত্ৰিক নেতাগৰাকীক মোৰ অভিভাৱকে সন্মান কৰিছিল ৷ মই নিৰ্বাক ৷" তেওঁ হিন্দীত টুইট কৰিছিল ৷ লগতে উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে কয় যে মই তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে বাৰ্তালাপ কৰিছিলো ৷ এই দুখৰ সময়ত সমগ্ৰ সমাজবাদী সম্প্ৰদায় তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে আছে" ৷

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই (Congress president Mallikarjun Kharge)বৃহস্পতিবাৰে নিশাই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শৰদ যাদৱৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে তেওঁৰ গুণগত চিন্তাই ৰাজনৈতি ভেঁটি শক্তিশালী কৰি তুলিছিল ৷ যাদৱৰ মৃত্যু ভাৰতীয় ৰাজনীতিৰ বাবে এক অপূৰণীয় ক্ষতি। জেডিইউৰ প্ৰাক্তন সভাপতি তথা দেশৰ সমাজতান্ত্ৰিক শাখাৰ জ্যেষ্ঠ নেতা শৰদ যাদৱৰ মৃত্যুত মই দুঃখিত ৷ এজন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু কেইবা দশক ধৰি এজন উচ্চ পৰ্যায়ৰ সাংসদ হিচাপে দেশৰ বাবে সেৱা আগবঢ়াই তেওঁ সমতাৰ ৰাজনীতি শক্তিশালী কৰিছিল ৷"

কংগ্ৰেছেও যাদৱৰ মৃত্যুৰ বিষয়ে টুইট কৰি তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷ টুইটত উল্লেখ কৰে যে জেডিইউৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ সমাজতান্ত্ৰিক নেতা শৰদ যাদৱৰ মৃত্যু ভাৰতীয় ৰাজনীতিৰ বাবে এক অপূৰণীয় ক্ষতি ৷"

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে যাদৱক (Chief Minister Mamata Banerjee) এজন শক্তিশালী ৰাজনীতিবিদ হিচাপে উল্লেখ কৰি টুইট কৰে যে তেওঁ এজন অত্যন্ত সন্মানীয় সহকৰ্মী আছিল ৷ শৰদ যাদৱৰ মৃত্যুৰ কথা শুনি মই গভীৰ শোক প্ৰকাশ কৰিছো ৷ তেওঁৰ উত্তৰাধিকাৰীয়ে তেওঁৰ সত্বা জীয়াই ৰাখিব ৷ মই প্ৰাৰ্থনা কৰিছো যে তেওঁৰ পৰিয়াল আৰু অনুগামীসকলে এই দুখৰ সময়ত সান্ত্বনা আৰু শক্তি লাভ কৰক ৷

লগতে পঢ়ক: IED blast in Jharkhand: ঝাৰখণ্ডত 24 ঘণ্টাৰ ভিতৰত দুটাকৈ আই ই ডি বিস্ফোৰণ, নজন জোৱান আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.