ETV Bharat / bharat

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষৰ দায়িত্বত প্ৰাক্তন ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰ

author img

By

Published : Jun 2, 2021, 9:38 AM IST

Updated : Jun 2, 2021, 9:45 AM IST

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ৷ মিশ্ৰই বুধবাৰে কাৰ্যভাৰ গ্ৰহণ কৰিব ৷

Former SC judge Arun Kumar Mishra to take charge as NHRC chairman today
প্ৰাক্তন ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰ

নেশ্যনেল ডেস্ক,2 জুন: উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰই বুধবাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব ৷ মিশ্ৰই ২০১৪ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰি বিগত বৰ্ষৰ ছেপ্তেম্বৰত অৱসৰ গ্ৰহণ কৰে ৷

মিশ্ৰই কলকাতা আৰু ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে পূৰ্বে কাৰ্যনিৰ্বাহ কৰিছিল ৷ মধ্য প্ৰদেশ উচ্চ ন্যায়ালয় মিশ্ৰৰ বাবে একপ্ৰকাৰ অভিভাৱকৰ দৰে ৷ অৰুণ কুমাৰ মিশ্ৰৰ পিতৃ হৰগোবিন্দ মিশ্ৰয়েও মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

মিশ্ৰই প্ৰথমবাৰৰ বাবে 1999 চনৰ অক্টোবৰত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে অধিষ্ঠিত হৈছিল ৷ 2010 চনলৈকে উক্ত আদালতত কাৰ্যনিৰ্বাহ কৰে মিশ্ৰই ৷ পৰৱৰ্তী সময়ত ২০১০ চনৰ নৱেম্বৰত মুখ্য ন্যায়াধীশ হিচাপে ৰাজস্থান উচ্চ ন্যায়ালয়লৈ মিশ্ৰক বদলি কৰা হৈছিল ৷ য'ত তেওঁ ২০১২ ৰ ডিচেম্বৰলৈকে কাৰ্যনিৰ্বাহ কৰে ৷ উচ্চতম ন্যায়ালয়লৈ বদলি হোৱাৰ পূৰ্বে কলকাতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত আছিল অৰুণ কুমাৰ মিশ্ৰ ৷

লগতে চাওকঃ সুৰাৰ হোম ডেলিভাৰী: স্থিতি স্পষ্ট দিল্লী চৰকাৰৰ

Last Updated : Jun 2, 2021, 9:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.