নেশ্যনেল ডেস্ক, ৫ জুলাই : মমতা বাহিনীত যোগদান কৰিবলৈ সাজু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা প্ৰবীণ কংগ্ৰেছী নেতা প্ৰণৱ মুখাৰ্জীৰ পুত্ৰ অভিজিৎ মুখাৰ্জী । তেওঁ নলহাটী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰু জাংগীপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ । দুয়োটা সমষ্টিতে তেওঁ কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা কৰি জয় লাভ কৰিছিল ।
অভিজিৎ মুখাৰ্জীয়ে জাংগীপুৰ সমষ্টিৰ পৰা দুবাৰকৈ জয়ী হৈছিল । সোমবাৰে আবেলি ৪ বজাত তেওঁ তৃণমূল কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । অৱশ্যে, অভিজিৎ মুখাৰ্জী অথবা তৃণমূল কংগ্ৰেছৰ নেতৃত্বই এতিয়ালৈকে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই । পশ্চিমবংগৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক পাৰ্থ চট্টোপাধ্যায়ে সোমবাৰে আবেলি ৪ বজাত সংবাদমেল সম্বোধন কৰিব ।
এক সূত্ৰই জানিবলৈ দিয়া মতে, এই সংবাদমেলৰ সময়তে এজন হেভিৱেট নেতাই তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ কথা আছে । এই নেতাগৰাকী অভিজিৎ মুখাৰ্জীয়েই হ'ব বুলি ধাৰণা কৰা হৈছে । কিছুদিন পূৰ্বে তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বন্দোপাধ্যায়ক অভিজিতে সাক্ষাৎ কৰাৰ পিছৰে পৰা উৰা বাতৰি ওলাইছিল ।
অৱশ্যে, অভিজিতে এই উৰা বাতৰিবোৰ অস্বীকাৰ কৰিছিল আৰু এই বৈঠকক কেৱল সৌজন্যমূলক সাক্ষাৎ বুলি কৈছিল । অভিজিৎ মুখাৰ্জীয়ে তৃণমূল কংগ্ৰেছৰ হৈ জংগীপুৰত আগন্তুক উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে । আনহাতে, তৃণমূল কংগ্ৰেছত যোগদান কৰা সন্দৰ্ভত অভিজিৎ মুখাৰ্জীয়ে কয় যে, তেওঁ বৰ্তমানেও কংগ্ৰেছ দলৰে সদস্য আৰু তেওঁ তৃণমূল কংগ্ৰেছ অথবা আন দলত যোগদান নকৰে । এই সকলো জল্পনা-কল্পনাৰ অন্ত পৰিব আজিৰ সংবাদমেলৰ অন্তত ।