ETV Bharat / bharat

পৰিত্যক্ত বাসগৃহত একে পৰিয়ালৰে 5 জনৰ নৰকংকাল উদ্ধাৰ - 5 টা নৰকংকাল

Five skeletons found: শিহৰণকাৰী বিগত 4 বছৰৰ পিচত উদ্ধাৰ এটা পৰিয়ালৰ 5 গৰাকী লোকৰ নৰকংকাল ৷ এটা পৰিত্যক্ত বাসগৃহত এটা কোঠাত চাৰিটা কংকাল (দুটা বিচনাত আৰু দুটা মজিয়াত)পাইছিল, আনহাতে আন এটা কোঠাত আন এটা কংকাল উদ্ধাৰ কৰে ৷

Five skeletons were found
পৰিত্যক্ত বাসগৃহত একে পৰিয়ালৰে 5 জনৰ নৰকংকাল উদ্ধাৰ
author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 12:58 PM IST

পৰিত্যক্ত বাসগৃহত একে পৰিয়ালৰে 5 জনৰ নৰকংকাল উদ্ধাৰ

নেশ্যনেল ডেস্ক, 29 ডিচেম্বৰ : কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ চহৰখনৰ জিলা কাৰাগাৰ পথৰ এটা পৰিত্যক্ত বাসগৃহত একেটা পৰিয়ালে 5 জন লোকৰ নৰকংকাল উদ্ধাৰ কৰা হৈছে ৷ এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা অনুসৰি, প্ৰায় দহ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত পৰি আছে বাসগৃহটো ৷ এই ঘটনাৰ বিষয়ে অৱগত হৈ ডি.ৱাই.এছ.পি. অনিল কুমাৰে ঘটনাস্থলীত উপস্থিত সমগ্ৰ পৰিস্থিতিৰ বুজ লয় ৷

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি, চিত্ৰদুৰ্গা তালুকৰ দোদ্দাভানাহাল্লিৰ বাসিন্দা জগন্নাথ ৰেড্ডী (80) য়ে নিজ পৰিয়ালৰ সৈতে এই বাসগৃহটোত বাস কৰি আছিল । জগন্নাথ ৰেড্ডীয়ে টুমকুৰ পিডব্লিউডি বিভাগৰ কাৰ্যবাহী অভিযন্তা হিচাপে কৰ্মৰত আছিল। তেওঁ অৱসৰৰ পিচৰেপৰা চিত্ৰদুৰ্গাত বাস কৰিছিল ৷

তেওঁৰ পৰিয়ালটোৱে আচুতীয়াকৈ জীৱন যাপন কৰিছিল ৷ জানিব পৰামতে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আছিল পৰিয়ালটো ৷ পৰিয়ালটোৰ পাঁচজন লোকক শেষবাৰৰ বাবে 2019 চনৰ জুলাইৰ আশে পাশে দেখা গৈছিল ৷ তাৰ পিচৰে পৰা তেওঁলোকৰ বাসগৃহটো পৰিত্যস্ক অৱস্থাত আছিল ৷

আজিৰ পৰা প্ৰায় দুমাহৰ পূৰ্বে পুৱা খোজকাঢ়ি থাকোঁতে, স্থানীয় লোকে লক্ষ্য কৰিছিল যে তেওঁলোকৰ ঘৰৰ কাঠৰ মূল দুৱাৰখন ভাঙি পৰি আছিল ৷ যদিও এই ঘটনাক চুবুৰীয়াই আওকান কৰি আৰক্ষীক অৱগত কৰা নাছিল ৷

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এটা কোঠাত চাৰিটা কংকাল (দুটা বিচনাত আৰু দুটা মজিয়াত) পাইছিল, আনহাতে আন এটা কোঠাত আন এটা কংকাল উদ্ধাৰ কৰে ৷ ইফালে ঘৰটোৰ ভিতৰত সামগ্ৰী লণ্ড-ভণ্ড হৈ পৰি থকা পৰিলক্ষিত কৰে আৰক্ষীয়ে ৷

ইয়াৰ পিচতে ডেভেঞ্জেৰৰ ফৰেনচিক চাইন্স লেবৰেটৰী (এফএছএল) দল আৰু তদন্তকাৰী বিষয়াৰ এটা দল প্ৰমাণ সংগ্ৰহ কৰিবলৈ মাতি অনা হৈছিল ৷ সম্প্ৰতি বাসগৃহটোৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৷ আৰক্ষীয়ে তেওঁলোকৰ পৰিয়ালটোৰ বিৱৰণী অনুসৰি এটা অশীতিপৰ দম্পতী, তেওঁলোকৰ বৃদ্ধ পুত্ৰ আৰু কন্যা আৰু তেওঁলোকৰ 57 বছৰীয়া নাতিৰ কংকাল বুলি সন্দেহ কৰিছে ৷ অৱশ্যে, ফৰেনচিক প্ৰতিবেদনৰ পিছত মৃতকৰ পৰিচয় নিশ্চিত কৰা হ'ব ।

এই ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে ৷ এই কংকালকেইটাৰ চিকিৎসাগতভাৱে পৰীক্ষা কৰা হ'ব আৰু পৰৱৰ্তী সময়ত আইনী ব্যৱস্থা হাতত লোৱা হ'ব। বৰ্তমান, আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে ৷ । এই ঘটনাটোৰ বিষয়ে এতিয়া অধিক তথ্য লাভ কৰিব পৰা হোৱা নাই ৷

লগতে পঢ়ক: অশান্ত জম্মু-কাশ্মীৰ; ২০২৩ চনত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.