ETV Bharat / bharat

ছিকিমত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনা: পাঁচজনৰ মৃত্যু

author img

By

Published : May 29, 2022, 9:53 PM IST

ছিকিমত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত (Road accident in Sikkim) একেটা পৰিয়ালৰ চাৰিজন সদস্যকে ধৰি মুঠ পাঁচজন লোক নিহত হয় (Five people have been killed in a car crash) ৷ পৰিয়ালটো আছিল মহাৰাষ্ট্ৰ থানেৰ ৷

five-people-have-been-killed-in-a-car-crash-in-sikkims-deep-valley
ছিকিমত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনা: একেটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃত্যু

নেশ্যনেল ডেস্ক, 29 মে': ছিকিমত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা (Road accident in Sikkim) ৷ এই দুৰ্ঘটনাৰ ফলত একেটা পৰিয়ালৰ চাৰিজন সদস্যকে ধৰি মুঠ পাঁচজন লোক নিহত হয় ৷ জানিব পৰা মতে পৰিয়ালটোৰ চাৰিজন সদস্যই বৃহস্পতিবাৰে ভ্ৰমণৰ বাবে ছিকিমলৈ উৰা মাৰিছিল । ছিকিমত উপস্থিত হৈ এখন গাড়ী ভাড়ালৈ লৈছিল ৷

গাড়ীখনেৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই এটা দ’ খাৱৈত বাগৰি পৰে ৷ ফলত গাড়ীখনত থকা চালকসহ পাঁচোগৰাকী আৰোহীৰ থিতাতে মৃত্যু হয় (Five people have been killed in a car crash) ৷ নিহত একেটা পৰিয়ালৰ চাৰিজন সদস্য ক্ৰমে, সুৰেশ পান্নালালজী পুনমিয়া, পত্নী তোৰণ, জীয়ৰী দুজনী ক্ৰমে হিৰাল (14) আৰু দেৱান্সী (10) বুলি জানিব পৰা গৈছে ৷ লগতে মৃত চালকজনৰ নাম জয়ন অমিত পাৰমাৰ ৷

উল্লেখ্য যে, ছিকিম ভ্ৰমণত যোৱা মৃত চাৰিজনীয়া পৰিয়ালটো শনিবাৰে সন্ধিয়া গন্তব্যস্থানত উপস্থিত হোৱাৰ আগতে এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয় ৷ এই মৃত পৰিয়ালটো মহাৰাষ্ট্ৰৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে ৷ ইফালে, জৈনৰ সমাজকৰ্মী নৰেন্দ্ৰ জৈনে (Jain social activist Narendra Jain) জনোৱা মতে, দুৰ্ঘটনাটোত নিহতসকলৰ মৃতদেহ সোমবাৰে থানেলৈ অনা হ'ব ।

লগতে পঢ়ক : এটা পৰিয়ালৰে সদস্য আছিল নেপালত সন্ধানহীন বিমানখনৰ চাৰিওজন ভাৰতীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.