ETV Bharat / bharat

গুজৰাটৰ ষ্টেচু অফ ইউনিটিত অধ্যক্ষ সন্মিলন - লোকসভাৰ অধ্যক্ষ

অধ্যক্ষ সন্মিলনত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আইন সভা পৰিষদৰ অধ্যক্ষসকল আৰু সচিব সকল উপস্থিত থাকিব ৷ সন্মিলন বিধানসভাৰ কাৰ্যকাৰিতা আৰু আলোচনা প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰি হ'ব ৷

গুজৰাটৰ ষ্টেচু অফ ইউনিটিত অধ্যক্ষ সন্মিলন

author img

By

Published : Nov 12, 2020, 8:46 AM IST

গান্ধীনগৰ,12 নৱেম্বৰঃ কেভাদিয়া কলনীত ষ্টেচু অফ ইনিটি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰাৰ পিচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে, সেই স্থানত জাতি গঠনৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা তথা সভা সমিতি আদি অনুষ্ঠিত হ'ব৷ প্ৰধানমন্ত্ৰীৰ ঘোষণা অনুসৰি অহা 24 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈকে ষ্টেচু অফ ইউনিটিত অধ্যক্ষ সন্মিলন অনুষ্ঠিত হ'ব ৷

গুজৰাটৰ ষ্টেচু অফ ইউনিটি
গুজৰাটৰ ষ্টেচু অফ ইউনিটি

এই অধ্যক্ষ সন্মিলনত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আইন সভা পৰিষদৰ অধ্যক্ষ ও সচিব সকল উপস্থিত থাকিব ৷ এই সন্মিলনত আইনসভা পৰিষদৰ কাৰ্যকাৰিতা আৰু কাৰ্যক্ৰম সম্পৰ্কত আলোচনা কৰা হ'ব ৷

অনুষ্ঠানত সভাপতিত্ব কৰিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৷ এক সুত্ৰ অনুসৰি বিভিন্ন ৰাজ্যৰ আইনসভা সমিতিৰ বক্তাসকলে তেওঁলোকৰ উপস্থিতিৰ কথা নিশ্চিত কৰিছে৷ প্ৰধান মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ যোগেদি সন্মিলন খনত ভাষণ প্ৰদান কৰিব ৷

অধ্যক্ষ সন্মিলনখন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উদ্ধোধন কৰাৰ সম্ভাৱনা আছে ৷ আনহাতে এই সন্মিলনত উপস্থিত থকা বিভিন্ন ৰাজ্যৰ পৰা অহা প্ৰতিনিধি সকলক 26 নৱেম্বৰৰ দিনা ষ্টেচু অফ ইউনিটি ফুৰোৱা হ'ব ৷ অধ্যক্ষ সন্মিলনত অংশগ্ৰহণ কৰিব লগা সকলো প্ৰতিনিধিৰ ভ্ৰমণ ব্যয় আৰু আনুসংগিক খৰচ গুজৰাট চৰকাৰে বহন কৰিব ৷

লগতে চাওকঃ আলফা(স্বা)ৰ উপমুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.