ETV Bharat / bharat

দেশত প্ৰস্তুত কৰা প্ৰথমটো মাংকিপক্স টেষ্ট কিট মুকলি

author img

By

Published : Aug 19, 2022, 10:45 PM IST

শুকুৰবাৰে অন্ধ্ৰ প্ৰদেশৰ মেডটেক জ’নত মুকলি কৰা হয় মাংকিপক্স পৰীক্ষাৰ বাবে প্ৰথমটো থলুৱাভাৱে প্ৰস্তুত কৰা আৰ টি-পিচিআৰ কিট (First indigenously developed Monkeypox test kit released)। ট্ৰেন্সএছিয়া বায়’ মেডিকেলছৰ দ্বাৰা প্ৰস্তুত কৰা এই কিটটো উন্মোচন কৰে কেন্দ্ৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অজয় কুমাৰ ছুডে ।

First indigenously developed Monkeypox test kit released
থলুৱাভাৱে প্ৰস্তুত কৰা প্ৰথমটো মাংকিপক্স টেষ্ট কিট মুকলি

নেশ্যনেল ডেস্ক, 19 আগষ্ট: যোৱা কেইবাদিন ধৰি দেশজুৰি আতংকৰ সৃষ্টি কৰিছে মাংকিপক্সে ৷ কিছুদিন পূৰ্ৱে কেৰালা আৰু দিল্লীত মাংকিপক্সৰ ঘটনা পোহৰলৈ আহিছিল (India has reported monkeypox cases)৷

অৱশেষত শুকুৰবাৰে অন্ধ্ৰ প্ৰদেশ মেডটেক জ’নত মুকলি কৰা হয় মাংকিপক্স পৰীক্ষাৰ বাবে প্ৰথমটো থলুৱাভাৱে প্ৰস্তুত কৰা আৰ টি-পিচিআৰ কিট (First indigenously developed RT PCR kit for testing monkeypox launched)। ট্ৰেন্সএছিয়া বায় মেডিকেলছৰ দ্বাৰা প্ৰস্তুত কৰা এই কিটটো উন্মোচন কৰে কেন্দ্ৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অজয় কুমাৰ ছুডে। ট্ৰেন্সএছিয়া এৰ্বা মাংকিপক্স আৰ টি পি চি আৰ কিটটো অতি সংবেদনশীল (Transasia Erba monkeypox RT PCR kit) ৷

ট্ৰেন্সএছিয়াৰ প্ৰতিষ্ঠাপক অধ্যক্ষ সুৰেশ বাজিৰাণীয়ে কয় যে (Founder chairman of Transasia Suresh Vazirani), এই কিটে আগতীয়াকৈ মাংকিপক্স ধৰা পেলোৱা আৰু সংক্ৰমণৰ উন্নত ব্যৱস্থাপনাত সহায় কৰিব ৷ উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মাংকিপক্সৰ সংক্ৰমণক উদ্বেগজনক জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছিল ।

আৰ টি-পিচিআৰ কিটটোৰ উন্মোচনী অনুষ্ঠানত বৈজ্ঞানিক সম্পাদক আৰবিন্দ মিত্ৰ (Scientific Secretary Arabinda Mitra), আই চি এম আৰৰ প্ৰাক্তন সঞ্চালক প্ৰধান বলৰাম ভাৰ্গৱ, জৈৱ প্ৰযুক্তি বিভাগৰ উপদেষ্টা অলকা শৰ্মা আদি বৈজ্ঞানীকসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: দিল্লীত পুনৰ মাংকিপক্সত আক্ৰান্ত এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.