ETV Bharat / bharat

Omicron New Variant Case : ৰাজস্থানত অমিক্ৰনৰ নতুন প্ৰজাতিৰ প্ৰথমটো ঘটনা - Indian SARS CoV2 Genomics Consortium

ৰাজস্থানত অমিক্ৰন এক্সবিবি ১.৫ (XBB 1.5) প্ৰকাৰৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছে (Omicron new variant XBB found in Rajasthan) । ৰোগীজনক চিকাৰ জিলাৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে ।

omicron
omicron
author img

By

Published : Jan 4, 2023, 4:13 PM IST

নিউজ ডেস্ক, ৪ জানুৱাৰী : ৰাজস্থানৰ ৰাজধানী জয়পুৰত কৰোনাৰ অমিক্ৰন এক্সবিবি 1.5 প্ৰকাৰৰ (Omicron XBB variant found in Rajasthan) প্ৰথমটো ঘটনাৰ কথা পোহৰলৈ আহিছে । চিকিৎসা বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি, এই ব্যক্তিজন চিকাৰৰ বাসিন্দা বুলি কোৱা হৈছে । তেওঁ অলপতে বিদেশৰ পৰা উভতি আহিছিল ।

তাৰ পিছত ৰোগীজনৰ নমুনা জিনম ছিকুৱেন্সিঙৰ (Genome Sequencing) বাবে জয়পুৰৰ এছএমএছ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল । ৰাজস্থান স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ (Rajasthan University of Health Science) উপাচাৰ্য আৰু কৰোনাৰ ৰাজ্যিক উপদেষ্টা সমিতিৰ মুৰব্বী ডাঃ সুধীৰ ভাণ্ডাৰীয়ে এই কথা নিশ্চিত কৰিছে ।

ৰাজস্থান স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ সুধীৰ ভাণ্ডাৰীয়ে কয় যে চিকাৰৰ পৰা এটা নমুনা জিনোম ছিকুৱেন্সিঙৰ বাবে এছএমএছ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল । তাৰ পিছত উক্ত ৰোগীজনৰ (First case of XBB 1.5 variant in Rajasthan) কৰোনাৰ অমিক্ৰন এক্সবিবি 1.5 প্ৰকাৰ নিশ্চিত কৰা হৈছে । বৰ্তমান চিকিৎসা বিভাগে ৰোগীজনৰ সম্পূৰ্ণ ভ্ৰমণ ইতিহাস আৰু এতিয়ালৈকে তেওঁৰ সংস্পৰ্শলৈ কোন কোন আহিছে তাৰ পৰীক্ষা কৰি থকা হৈছে । শীঘ্ৰেই এই সন্দৰ্ভত চিকিৎসা বিভাগৰ দ্বাৰা এখন স্বাস্থ্য বুলেটিনো জাৰি কৰা হ'ব বুলি প্ৰকাশ ।

ইফালে নতুন প্ৰকাৰটো নিশ্চিত হোৱাৰ পিছত চিকিৎসা বিভাগে সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰিছে । চিকিৎসা বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি, উক্ত ৰোগীজন শ্বাৰজাহৰ পৰা আহি ৰাজস্থান পাইছিল আৰু তেওঁৰ নমুনাবোৰ জিনম ছিকুৱেন্সিঙৰ বাবে প্ৰেৰণ কৰা হৈছে । উল্লেখ্য, দেশত কৰোনা সম্পৰ্কে সতৰ্কবাণী জাৰি কৰাৰ সময়ত ৰাজস্থানতো এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হৈছিল ।

উক্ত নিৰ্দেশনাৱলীৰ অধীনত বিদেশৰ পৰা অহা ৰোগীজনৰ নমুনা লোৱা হৈছিল আৰু জিনম ছিকুৱেন্সিঙৰ বাবে প্ৰেৰণ কৰা হৈছিল । শেহতীয়াভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰত কৰোনা ভাইৰাছৰ অমিক্ৰন প্ৰকাৰৰ এক উপ-প্ৰকাৰ এক্সবিবি 1.5-ৰ কেইবাটাও ঘটনা ঘটিছে । আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় ৪০ শতাংশ ঘটনা এই প্ৰকাৰৰ । এই প্ৰকাৰবোৰ বিকিউ১ প্ৰকাৰতকৈ ১২০ শতাংশ দ্ৰুতগতিত বিয়পি পৰে ।

INSACOG-ৰ (Indian SARS CoV2 Genomics Consortium) তথ্য অনুসৰি, ভাৰতত অমিক্ৰন এক্সবিবি 1.5 প্ৰকাৰৰ পাঁচটা ঘটনা এই পৰ্যন্ত প্ৰতিবেদিত হৈছে । ইয়াৰে তিনিটা ঘটনা গুজৰাটত লাভ কৰা হৈছে । লগতে কৰ্ণাটকত এটা আৰু ৰাজস্থানত এটা ঘটনা পোৱা গৈছে । চীনত বিএফ 7 (BF 7) বিস্তাৰ হওক বা ভাৰতত উপলব্ধ এক্সবিবিয়েই হওক, এই সকলোবোৰ অমিক্ৰনৰে প্ৰকাৰ । আমেৰিকা যুক্তৰাষ্ট্ৰত বিয়পি থকা এক্সবিবি 1.5 হৈছে অমিক্ৰনৰ এক উপ-প্ৰকাৰ ।

এই দুয়োটা প্ৰকাৰৰ মাজত ডাঙৰ পাৰ্থক্যটো হৈছে যে এক্সবিবি ১.৫ অতি দ্ৰুতগতিত বিয়পি আছে আৰু ই ৰোগ প্ৰতিৰোধ প্ৰণালীকো ভেঙুচালি কৰিছে । চিকিৎসকসকলে কৈছে যে এই সকলোবোৰ প্ৰকাৰ অতি দ্ৰুতগতিত বিয়পি আছে । আমেৰিকা যুক্তৰাষ্ট্ৰত ৪০ শতাংশতকৈও অধিক লোক এই প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত । তেওঁলোকে লগতে কয় যে দেশত এক্সবিবি 1.5-ৰ এটা ঘটনা পোৱা গৈছে, ইয়াক নিৰীক্ষণ কৰিব লাগিব আৰু ইয়াৰ প্ৰভাৱৰ প্ৰতিও যত্ন ল'ব লাগিব । দীৰ্ঘম্যাদী ৰোগ আৰু দুৰ্বল হাঁওফাঁও থকা ৰোগীসকলে সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰিব লাগিব ।

লগতে পঢ়ক :New anti cancer agent: ভাৰতীয় বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে কৰ্কট ৰোগৰ বৈকল্পিক ঔষধৰ অণু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.