ETV Bharat / bharat

Manipur violence: মণিপুৰত উগ্ৰপন্থীৰ গুলীত নিহত 1 এগৰাকী আৰক্ষী জোৱান, আহত 5 - Firing incident in Manipur

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা ৷ উগ্ৰপন্থীৰ গুলীত নিহত এগৰাকী আৰক্ষী জোৱান ৷ ৰাজ্যখনত হিংসাত্মক ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 68 (Cop killed in Manipur) ৷

Manipur violence
Manipur violence
author img

By

Published : May 11, 2023, 10:55 PM IST

তেজপুৰ, 11 মে’: বৃহস্পতিবাৰে কুকী সন্ত্ৰাসবাদীৰ এছঅ'অ' (SOO group) গোটৰ সন্দেহজনক কেডাৰে গুলীচালনা কৰা ঘটনাত এগৰাকী আৰক্ষী নিহত হোৱাৰ লগতে পাঁচগৰাকী জোৱান আহত (Firing incident in Manipur) ৷ ৰাজ্যখনৰ বিষ্ণুপুৰ অঞ্চলত সংঘটিত হয় এই ঘটনা ৷ নিহত জোৱানগৰাকীৰ নাম হেইছনাম জিতেন সিং ৷

উল্লেখ্য যে, মণিপুৰৰ ইউনাইটেড নাগা কাউন্সিলৰ শান্তি সমিতিৰ এটা প্ৰতিনিধি দলে আজি ইম্ফলৰ ৰাজভৱনত মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীক (Governor of Manipur Anusuiya Uikey) সাক্ষাৎ কৰে ৷ প্ৰতিনিধি দলটোৱে ৰাজ্যপালগৰাকীক হিংসা নিয়ন্ত্ৰণ কৰাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

Manipur violence
ৰাজ্যপালক সাক্ষাৎ ইউনাইটেড নাগা কাউন্সিলৰ প্ৰতিনিধিৰ

প্ৰতিনিধি দলটোৱে মণিপুৰলৈ স্থায়ী শান্তি আৰু স্বাভাৱিক পৰিস্থিতি ঘূৰাই আনিবলৈ মণিপুৰ চৰকাৰৰ সৈতে কাম কৰাৰো ইচ্ছা প্ৰকাশ কৰে ৷ লগতে ৰাজ্যপালগৰাকীয়েও প্ৰতিনিধি দলটোক শান্তিৰ বাবে দুয়োটা সম্প্ৰদায়ৰ লোকৰ সৈতে আলোচনা কৰিবলৈ আহ্বান জনায় ৷

ইফালে মণিপুৰ শিক্ষা মন্ত্ৰী থ বসন্তে বৃহস্পতিবাৰে সংবাদ মাধ্যমক অৱগত কৰি কয় যে, ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বাবে ৰাজ্যখন লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়ালৈকে ৰাজ্যখনত সংঘটিত হোৱা হিংসাত্ম ঘটনা সন্দৰ্ভত মুঠ 321 খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে আৰু 30 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷

অসম ৰাইফলছে ইম্ফল ইষ্টৰ অধীনৰ উটংলোক কইৰেঙৰ খুপনগাম কইৰেং নামৰ এজন লোকৰ পৰা এটা 9 মিমি পিষ্টল আৰু 9 জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰা বুলিও উল্লেখ কৰে (Manipur Latest news) ৷

মন্ত্ৰী থ বসন্তে লগতে জনায় যে, হিংসাৰ ফলত ৰাজ্যখনত মুঠ মৃত্যুৰ সংখ্যা 68 আৰু আঘাতৰ সংখ্যা 236 গৰাকী ৷ আনহাতে অগ্নিসংযোগৰ ঘটনাৰ সংখ্যা হৈছে 1794 টা ৷ তেওঁ লগতে কয় যে, বিভিন্ন সাহায্য শিবিৰত থকা 45,727 গৰাকী ব্যক্তিৰ ভিতৰত বেছিভাগ লোকে এতিয়া সাহায্য শিবিৰ ত্যাগ কৰি নিজ নিজ গৃহলৈ উভতি গৈছে (Manipur crisis update) ৷ মন্ত্ৰীগৰাকীয়ে লগতে ৰাইজক শান্তি-সম্প্ৰতি বৰ্তাই ৰাখিবলৈয়ো অনুৰোধ জনায় ৷

লগতে পঢ়ক: Violence Hit Manipur : মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী কংগ্ৰেছৰ; কেন্দ্ৰ তথা ৰাজ্যক দোষাৰোপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.