ETV Bharat / bharat

Udyan Express train in Bengaluru: এক্সপ্ৰেছ ৰেলৰ দুটা ডবাত অগ্নিকাণ্ড

author img

By

Published : Aug 19, 2023, 11:09 AM IST

বেংগালুৰুত উদ্যান এক্সপ্ৰেছ ৰেলৰ দুটা ডবাত অগ্নিকাণ্ড ৷ হতাহত হোৱা নাই কোনো লোক ৷ অৱশ্যে ঘটনাৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই ৷

Fire in two coaches of Udyan Express train in Bengaluru
এক্সপ্ৰেছ ৰেলৰ দুটা ডবাত অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক, 19 আগষ্ট: উদয়ন এক্সপ্ৰেছত অঘটন ৷ শনিবাৰে পুৱা মহানগৰীৰ মেজেষ্টিক ক্ৰান্তিভেৰা সংগোলি ৰায়ন্না ৰেল ষ্টেচনত উপস্থিত হয় উদয়ন এক্সপ্ৰেছ ৰে’লখন ৷ হঠাতে ৰেলখনত অগ্নিকাণ্ড সংঘটিত হয় । ৰেল ইঞ্জিনৰ পৰা ঘন ধোঁৱা ওলোৱা দেখি ৰেলযাত্ৰীসকল চিন্তিত হৈ পৰে আৰু লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় বুলি বিষয়াসকলে জনায় ।

পুৱা 6 বজাত বেংগালুৰুত উপস্থিত হোৱা উদ্যান এক্সপ্ৰেছ ৰেলখন 3 নং প্লেটফৰ্মত ৰৈ থাকোতেই ঘটনাটো সংঘটিত হয় ।পুৱা প্ৰায় 7:10 বজাত B1 আৰু B2 ৰ ইঞ্জিন আৰু ডবাত অগ্নিকাণ্ড সংঘটিত হয় । লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানৰ সহায়ত জুই নিৰ্বাপন কৰা হয় । সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে । জানিব পৰা মতে ৰেলখনত কোনো যাত্ৰী নাছিল । ৰেল বিভাগৰ বিষয়াসকলে সেই স্থান পৰিদৰ্শন কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

''কাৰিকৰী সমস্যাৰ বাবে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা আছে । ৰেলখন ষ্টেচন পোৱাৰ 2 ঘণ্টাৰ পিছতে সংঘটিত হয় এই দুৰ্ঘটনাটো । গতিকে ৰেলখনত যাত্ৰী নাছিল আৰু এক ডাঙৰ দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰিছিল । ৰেলখন ৰাতি ইয়াৰ পৰা ওলায় যাব লাগিছিল,'' ৰেলৱেৰ বিষয়াসকলে জনায় ।

"পুৱা প্ৰায় 7 বজাত ৰে'লখনত অগ্নিকাণ্ড সংঘটিত হয় । পুৱা 6 বজাৰ ভিতৰত ৰেলখন প্লেটফ’ৰ্মত উপস্থিত হয় । আটাইকেইজন যাত্ৰী নিৰাপদে ৰে'লৰ পৰা নামি যায় । অগ্নিকাণ্ডৰ কাৰণ বৰ্তমান জানিব পৰা হোৱা নাই । বৰ্তমান আমি তদন্ত চলায় আছো । সন্দেহ কৰা হৈছে যে জুই হয়তো শ্বৰ্ট চাৰ্কিটৰ পৰা আৰম্ভ হৈছে । আমি এটা গোচৰ পঞ্জীয়ন কৰিছো আৰু তদন্ত কৰিছো । বৰ্তমান উদিয়ান এক্সপ্ৰেছ ৰেলখনৰ কোনো সমস্যা নাই । ৰেলখনৰ দুটা ডবা সলনি কৰা হ’ব" ৰেলৱেৰ বিষয়াসকলে জনায় ।

লগতে পঢ়ক: Sino Indian border dispute : ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ পূৰ্বে সম্পন্ন চীনৰ সৈতে ভাৰতৰ সামৰিক আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.