ETV Bharat / bharat

কভিড ভেকচিন অপচয়ত শীৰ্ষ স্থানত ত্ৰিপুৰা - কভিড ভেকচিন

উত্তৰ-পূৰ্বাঞ্চলৰ এখন পাৰ্বত্য ৰাজ্য ত্ৰিপুৰাত দেশৰ ভিতৰত সৰ্বাধিক কভিড ভেকচিন নষ্ট হোৱাৰ তথ্য প্ৰকাশ পাইছে ৷ কভিড ভেকচিন প্ৰদানৰ ডাটা গ্ৰহণত কিছু বিসংগতি হোৱাৰ বাবে কিছু পৰিমাণে ভেকচিন নষ্ট হৈছে বুলি তথ্য প্ৰকাশ কৰিছে এনএইচএমে(National Health Mission)৷

Faulty data entry leads Tripura top in vaccine wastage chart
কভিড ভেকচিন অপচয়ত শীৰ্ষ স্থানত ত্ৰিপুৰা
author img

By

Published : Jan 30, 2021, 10:22 PM IST

আগৰতলা, 30 জানুৱাৰী : সমগ্ৰ দেশতে অব্যাহত আছে কভিড-19 ৰ টীকাকৰণ প্ৰক্ৰিয়া ৷ এনে সময়তে কেইবাখনো জিলাত কভিড-19 ভেকচিন নষ্ট হোৱা খবৰও প্ৰকাশ পাইছে ৷

উত্তৰ-পূৰ্বাঞ্চলৰ এখন পাহাৰীয়া ৰাজ্য ত্ৰিপুৰাত দেশৰ ভিতৰত সৰ্বাধিক কভিড ভেকচিন নষ্ট হোৱাৰ তথ্য প্ৰকাশ পাইছে ৷ কভিড ভেকচিন প্ৰদানৰ ডাটা গ্ৰহণত কিছু বিসংগতি হোৱাৰ বাবে কিছু পৰিমাণে ভেকচিন নষ্ট হৈছে বুলি তথ্য প্ৰকাশ কৰিছে এনএইচএম(National Health Mission)য়ে ৷

এনএইচএমৰ তথ্য অনুসৰি ৰাজ্যখনত প্ৰায় 11 শতাংশ কভিড ভেকচিন নষ্ট হৈছে ৷ এই সন্দৰ্ভত এনএইচএমৰ সঞ্চালক সিদ্ধাৰ্থ শিৱ জেইচৱালে কয়, প্ৰাথমিক সন্ধানত দেখা গৈছে ভেকচিন প্ৰদানকাৰীয়ে ভেকচিল লওঁতা সকলৰ ডাটা গ্ৰহণ কৰে বা সংৰক্ষণ কৰে ৷ এই ডাটা সংৰক্ষণ কৰোতে কিছু ক্ষেত্ৰত বিসংগতি ৰৈ যোৱাৰ বাবে ভেকচিন সমূহ নষ্ট হোৱা বুলি মন্তব্য প্ৰকাশ কৰে সিদ্ধাৰ্থ শিৱ জেইচৱালে ৷

আগন্তক সময়ত যাতে আৰু ভেকচিন নষ্ট নহয় তাৰ বাবে ভেকচিন প্ৰদানকাৰী সকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলিও মত প্ৰকাশ কৰিছে সিদ্ধাৰ্থ শিৱ জেইচৱালে ৷ ৰাজ্যৰ ক’ভিড টীকাকৰণ প্ৰক্ৰিয়াৰ মৌলিক সমস্যাটো হৈছে ডাটা গ্ৰহণৰ ক্ষেত্ৰত একেবাৰে কৰ্মচাৰী সংখ্যা কম, জেইচৱালে ক’লে এইদৰে ৷

উল্লেখ্য যে, প্ৰকাশি তথ্য অনুসৰি সমগ্ৰ দেশতে বৰ্তমানলৈকে 5000 কভিড ভেকচিন নষ্ট হৈছে ৷ ইয়াৰ ভিতৰত শীৰ্ষ স্থানত আছে ত্ৰিপুৰা ৷

লগতে পঢ়ক : কেৱল ভোটৰ বাবেই ১৭ হাজাৰ কোটি টকাৰ হিতাধিকাৰী ৰাজনীতি শাসকীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.