ETV Bharat / bharat

কৃষক নহয়,কৃষি অধিগ্ৰহণকাৰীয়েহে ভূমি হেৰুৱাব:জীতেন্দ্ৰ সিঙ

author img

By

Published : Dec 26, 2020, 11:49 AM IST

খেতিৰ ওপৰত কৃষকৰ মালিকীস্বত্ব আৰু পঞ্জীয়ন পত্ৰ বাতিল হ'ব বুলি ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙৰ ৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে কঠোৱা জিলাত নতুন কৃষি নিয়মে কৃষকৰ মালিকীস্বত্ব কাঢ়ি নিয়াৰ লগতে মাটিৰ পঞ্জীয়ন বাতিল কৰিব বুলি মিছা বাতৰি বিয়পোৱা হৈছে ৷ সিঙে কৈছে যে নতুন কৃষি নিয়মে খেতিয়কৰ কোনো ধৰণৰ অনিষ্ট সাধন নকৰে বৰঞ্চ ভূমি অধিগ্ৰহণকাৰী সকলৰ পৰা তেওঁলোকে অধিগ্ৰহণ কৰা ভূমি সমূহহে কাঢ়ি লোৱা হ'ব ৷

জীতেন্দ্ৰ সিঙ
কৃষক নহয়, কৃষি অধিগ্ৰহণকাৰীয়েহে ভূমি হেৰুৱাব

নেচনেল ডেস্ক, 26 ডিচেম্বৰ: নতুন কৃষি আইনৰ ফলত কৃষকসকলে তেওঁলোকৰ ভূমি হেৰুৱাব লাগিব বুলি প্ৰচাৰ হোৱা খবৰক মিছা বুলি নস্যাৎ কৰি কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে শুকুৰবাৰে এক মন্তব্য কৰি কয় যে কৃষকসকলে তেওঁলোকৰ মাটি কেতিয়াও হেৰুৱাব লগীয়া নহয় ৷ তেওঁ কয় যে এই কৃষি আইনে সেইসকল ভূমি অধিগ্ৰহণকাৰীৰ মাটি কাঢ়ি ল'ব যিসকলে বেআইনীভাৱে ভূমি অধিগ্ৰহণ কৰিছে ৷

নাগ্ৰ'টা পঞ্চায়তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বোধন কৰা প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধিৰ এক বিশেষ অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰে ৷ সিঙে অভিযোগ কৰে যে এই উৰা বাতৰি তথা মিছা প্ৰচাৰ সেইসকলে বিয়পাই আছে যিসকলে বছৰ বছৰ ধৰি নিৰ্দোষী কৃষকসকলৰ মাটি বলপূৰ্বকভাৱে আৰু বেআইনীভাৱে অধিগ্ৰহণ কৰি সেই সমূহত নিজৰ আধিপত্য বিস্তাৰ কৰি আহিছে ৷

নতুন কৃষি আইনখন কৃষকৰ ভূমিৰ প্ৰতি ভাবুকি হৈ দেখা দিয়াৰ অভিযোগ নস্যাৎ কৰি মন্ত্ৰী গৰাকীয়ে স্পষ্ট কৰি দি কয় যে এই আইনৰ জৰিয়তে আচলতে অনা-কৃষক সকলৰ পৰা তেওঁলোকে অধিগ্ৰহণ কৰা মাটি সমূহ উদ্ধাৰ কৰি খেতিয়ক সকলৰ ভূমি অধিকাৰ পুনৰুদ্ধাৰৰ বাবেহে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ তেওঁ মন্তব্য কৰে যে,"খেতিয়ক সকল নহয় বৰঞ্চ ভূমি অধিগ্ৰহণকাৰী সকলৰ পৰাহে বেআইনীভাৱে সংগ্ৰহ কৰা ভূমি পুনৰুদ্ধাৰ কৰা হ'ব ৷"

লগতে পঢ়ক:নতুন কৃষি আইন বাতিল কৰিলে পূৰ্বতকৈও তীব্ৰ প্ৰতিবাদ সাব্যস্তৰ হুংকাৰ কৃষক সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.