ETV Bharat / bharat

Mahatma Gandhi photo controversy: ব্যৱহাৰকাৰীৰ প্ৰফাইলৰ পৰা ফেচবুকে আঁতৰালে গান্ধীজীৰ ফটো - IAS officer Mahesh Zagde

অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া মহেশ জাগড়েয়ে ফেচবুকত পোষ্ট কৰা এখন ফটোৱে আলোড়নৰ সৃষ্টি কৰিছে । মহাত্মা গান্ধীৰ ফটো সম্বলিত এই পোষ্টটো ফেচবুকে পৰৱৰ্তী সময়ত আঁতৰাই দিয়ে । ইয়াৰ পিছত প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । কিন্তু কি আছিল এই পোষ্টটো ? সবিশেষ পঢ়ক...

Facebook deletes photo of Mahatma Gandhi

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 5:35 PM IST

নিউজ ডেস্ক, 9 অক্টোবৰ: অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া মহেশ জাগড়েৰ শেহতীয়া এটা ফেচবুক পোষ্ট ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে ৷ এই পোষ্টটোৰ বাবেই মহাত্মা গান্ধীৰ ফটোও চৰ্চিত হোৱা দেখা গৈছে । মহাত্মা গান্ধীয়ে পৰিধান কৰা সাজ-পোছাক বিশ্ববিখ্যাত । আঁঠুৰ মূৰত ধূতি পিন্ধি গাত চাদৰ লৈ তেওঁ দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি অহাৰ পিছত সাধাৰণ জীৱনশৈলী অনুসৰণ কৰিছিল ।

দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ পিচৰে পৰা মহাত্মা গান্ধীক সকলো ফটোত ধূতি পৰিধান কৰাই দেখা যায় । তেনে এখন ফটো ফেচবুকত পোষ্ট কৰিছিল মহেশ জাগড়েয়ে । ইয়াত তেওঁ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনায় । অৱশ্যে এই ফটোখনক যৌনগন্ধি বিষয়বস্তু সম্বলিত বুলি গণ্য কৰি ফেচবুকৰ পৰা এই পোষ্টটো আঁতৰাই দিয়া হ’ল । তাকে লৈ এতিয়া বহুতে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে ।

Mahatma Gandhi photo controversy
ফেচবুকে আঁতৰাই দিলে মাহাত্মাগান্ধীৰ ফটো

মহেশ জাগড়েয়ে পুনৰবাৰ ফেচবুকত পোষ্ট কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে । এই পোষ্টটোত মহেশ জাগড়েয়ে কয়, ‘‘এই পোষ্টটো মহাত্মা গান্ধীৰ বিষয়ে, যাৰ সমাধিত G-20 সন্মিলনৰ সময়ত বিশ্বৰ শীৰ্ষ নেতাসকলে শ্ৰদ্ধাঞ্জলি জনাইছিল । মহাত্মা গান্ধীয়ে বিশ্বৰ মানদণ্ড উন্নীত কৰিলে আৰু সেয়েহে তেওঁৰ ছবিখন সমাজৰ নীতি-নিয়মৰ বিপৰীতে যোৱা বুলি ক’ব নোৱাৰে । ফটোখনত কোনো নগ্নতা বা যৌন কাৰ্য্যকলাপ নাছিল, ই আছিল লোন সত্যাগ্ৰহৰ সময়ৰ !!’’

জাগড়েৰ এই পোষ্টটোৰ পিচত তেওঁৰ সৈতে যোগাযোগ কৰিছিল ইটিভি ভাৰতৰ সাংবাদিকে ৷ সেই সময়ত তেওঁ ফেচবুকৰ পদক্ষেপ সন্দৰ্ভতো নিজৰ হতাশা প্ৰকাশ কৰিছিল । বহু বিকৃত এই ছ’চিয়েল মিডিয়াত প্ৰায়ে দেখা যায় । জাগড়েয়ে এই বিষয়ৰ ওপৰত আঙুলি টোঁৱায় । লগতে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বিৰক্তি আৰু দুখ প্ৰকাশ কৰে ।

‘ইটিভি ভাৰত’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জাগড়েয়ে কয়, ‘‘মহাত্মা গান্ধীৰ পোষ্ট ডিলিট কৰা হৈছে, এয়া বিৰক্তিদায়ক । আপোনাৰ ইচ্ছা অবিহনে যিকোনো বিতৰ্কিত (নগ্ন) বস্তু আপোনাৰ সন্মুখলৈ আহে । সেয়া যদি থাকিব পাৰে তেন্তে গান্ধীৰ ফটোক উলংগ বুলি ভবাৰ ক্ষেত্ৰত আপুনি আপোনাৰ iQ পৰীক্ষা কৰিব লাগিব ।’’ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জাগড়েয়ে কয় যে গান্ধীয়ে দুখীয়াৰ বাবে কাপোৰ এৰি দিলে, তেওঁক উলংগ বুলি কোৱাটোৱে প্ৰমাণ কৰে যে ক’লৈ গৈ আছে এই পৃথিৱী ।

Mahatma Gandhi photo controversy
মহাত্মা গান্ধীৰ ফটোক যৌনগন্ধী আখ্যা

নীতিন বৈদ্যৰো একেধৰণৰ অভিজ্ঞতা আছে:

চলচ্চিত্ৰ-টিভি জগতৰ বিখ্যাত ব্যক্তিত্ব নীতিন বৈদ্যৰো একেধৰণৰ অভিজ্ঞতা হৈছিল । সেয়ে তেৱোঁ ক্ষোভ প্ৰকাশ কৰিছে । মহাত্মা গান্ধীৰ দৰে উচ্চ ব্যক্তিত্ব সম্পন্ন লোকক যদি ছ’চিয়েল মিডিয়াত এনেদৰে অসন্মান কৰা হৈছে, তেন্তে সেয়া ঠিক নহয় । এই মাধ্যমত কাম কৰাসকলে মহান ব্যক্তিত্বৰ বিষয়ে একো নাজানেনে ? এই বিষয়ত এনে এটা প্ৰশ্নো উত্থাপন হৈছে বুলি বৈদ্যই কয় ৷

লগতে পঢ়ক: Dalai Lama is suffering from cold : এইমছত ভৰ্তি হোৱা নাই দালাই লামা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.