নিউজ ডেস্ক, 3 ডিচেম্বৰ : ৰাজস্থান, মধ্যপ্ৰদেশ, তেলেংগানা আৰু ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ বহু প্ৰত্যাশিত ফলাফল প্ৰকাশ পোৱাৰ লগে লগে ভাৰতৰ ৰাজনৈতিক পৰিৱেশত এক বৃহৎ পৰিৱৰ্তন ঘটে, যিয়ে 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দেশৰ দৃষ্টি আকৰ্ষণ কৰে ৷
প্ৰাৰম্ভিক এক্সিট পোলৰ অনুমানে বিজেপিয়ে কেৱল দুখন ৰাজ্যত, ৰাজস্থান আৰু মধ্য প্ৰদেশত জিকিব বুলি ইংগিত দিছিল ৷ ইফালে কংগ্ৰেছে ছত্তীশগড় আৰু তেলেংগানাত চৰকাৰ গঠন কৰিব বুলি আশা কৰা হৈছিল ৷ কিন্তু সকলোবোৰ কোৱাৰ পিছত এক্সিট প'ল কেৱল ৰাজস্থান, তেলেংগানা আৰু মধ্য প্ৰদেশৰ বাবেহে সঠিক হৈ পৰিছিল ৷ আনহাতে ছত্তীশগড়ৰ ফলাফলে সকলোকে আচৰিত কৰিছিল ৷
চূড়ান্ত ফলাফল ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে আহিল কাৰণ ভাৰতীয় জনতা পাৰ্টিয়ে তিনিখন গুৰুত্বপূৰ্ণ ৰাজ্য – মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত বৃহৎ জয়েৰে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে ৷ আনহাতে কংগ্ৰেছে কেৱল তেলেংগানাত জয়লাভ কৰি চৰকাৰ গঠনৰ বাবে সাজু হৈছে ৷
ভোটগণনাৰ পূৰ্বে আৰু পিছত এক্সিট প’লৰ শুদ্ধতা-
মধ্য প্ৰদেশ : 230 খন আসনযুক্ত মধ্যপ্ৰদেশ বিধানসভাত কংগ্ৰেছে 102 খন আসনৰ পোৱাৰ লগতে বিজেপিয়ে 124 খন আসনৰ লাভ কৰিব বুলি এক্সিট প’লত প্ৰক্ষেপ কৰা হৈছিল ৷ কিন্তু এক্সিট প’লৰ অনুমানক নস্যাৎ কৰি ৰাজ্যখনত 163 খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰে 66 খন আসন ৷ বৃহৎ জয়ৰে এতিয়া মধ্য প্ৰদেশত বিজেপিয়ে পঞ্চমবাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে ৷
ৰাজস্থান : ৰাজস্থানৰ পূৰ্বানুমানত তুলনামূলকভাৱে নিকট দৌৰৰ ভৱিষ্যতবাণী কৰা হৈছিল ৷ মুঠ 200 খনৰ ভিতৰত কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ বাবে 85 খন আসনৰ বিপৰীতে বিজেপিৰ বাবে 104 খন আসনৰ পূৰ্বানুমান কৰা হৈছিল ৷ কিন্তু প্ৰত্যাশাৰ বিপৰীতে বিজেপিয়ে ভৱিষ্যতবাণীক অতিক্ৰম কৰি 115 খন আসন লাভ কৰে ৷ আনহাতে কংগ্ৰেছ মিত্ৰজোঁটে 70 খন আসন লাভ কৰিছে ৷ এই ফলাফলে প্ৰত্যাশিত পৰিস্থিতিৰ পৰা বিচ্যুত হৈ বিজেপিৰ বাবে এক উল্লেখযোগ্য নেতৃত্ব চিহ্নিত কৰে ৷
তেলেংগানা : এক্সিট প’লত কংগ্ৰেছে প্ৰায় 62 খন আসন লাভ কৰিব বুলি ধাৰণা কৰা হৈছিল ৷ আনহাতে শাসকীয় দল ভাৰত ৰাষ্ট্ৰ সমিতিয়ে 119 খন আসনৰ ভিতৰত 44 খন আসন লাভ কৰাৰ সম্ভাৱনা আছিল ৷ বৰ্তমান ৰাজ্যখনত কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰজোঁটে 64 খন আসন লাভ কৰিছে, বি আৰ এছে লাভ কৰে 39 খন আৰু বিজেপি মিত্ৰজোঁটে 8 খন আসন লাভ কৰিছে ৷
ছত্তীশগড় : ৰাজ্যখনত নিৰ্বাচনী জৰীপে কংগ্ৰেছৰ বিজয়ৰ পূৰ্বানুমান কৰিছিল ৷ উপলব্ধ 90 খন আসনৰ ভিতৰত বিজেপিৰ বাবে 38 খন আসনৰ পূৰ্বানুমান কৰা হৈছিল ৷ অৱশ্যে বিজেপিয়ে জয়লাভ কৰাৰ লগে লগে ৰাজ্যখনৰ এক্সিট প'ল ভুল প্ৰমাণিত হয় ৷ ৰাজ্যখনত বিজেপিয়ে 54 খন আসন লাভ কৰাৰ বিপৰীতে শাসনাধীষ্ঠ কংগ্ৰেছ দলে লাভ কৰে 35 খন আসন ৷
লগতে পঢ়ক : ৰমন সিং: ছত্তিশগড়ত বিজেপিৰ জয়ৰ নায়ক তথা সম্ভাব্য মুখ্যমন্ত্ৰী