ETV Bharat / bharat

ৰাহুল গান্ধী অবিবাহিত সমস্যা সৃষ্টিকাৰী লোক: জইচ জৰ্জ

author img

By

Published : Mar 30, 2021, 7:17 PM IST

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক "অবিবাহিত সমস্যা সৃষ্টিকাৰী লোক" আখ্যা দিলে প্ৰাক্তন সাংসদ জইচ জৰ্জে । এই সন্দৰ্ভত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে কয় যে, তেওঁলোকে ৰাহুল গান্ধীক ৰাজনৈতিক আদৰ্শগত কাৰণতহে সমালোচনা কৰে, ব্যক্তিগতভাৱে নহয় । আনহাতে, বিৰোধী দলৰ নেতা ৰমেশ চেন্নিথালাই কয় যে, প্ৰাক্তন সাংসদ জইচ জৰ্জৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰা উচিত ।

ৰাহুল গান্ধী অবিবাহিত সমস্যা সৃষ্টিকাৰী লোকঃ জইচ জৰ্জ

নেশ্যনেল ডেস্ক, ৩০ মাৰ্চ: বিগত সপ্তাহত প্ৰাক্তন সাংসদ জইচ জৰ্জে কোচিৰ এখন মহিলা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰে সৈতে বাৰ্তালাপ কৰোতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰে । ২০১৪ চনত ইদুক্কিৰ পৰা চিপিআই (এম) সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰি সংসদলৈ নিৰ্বাচিত হোৱা জউচ জৰ্জে সোমবাৰে ইৰাট্টায়াৰত এখন নিৰ্বাচনী সভাত নেহৰু বংশৰ বিৰুদ্ধে কটু মন্তব্য কৰিছিল ।

এই মন্তব্য সন্দৰ্ভত জউচ জৰ্জক সমালোচনা কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে কয় যে, ৰাহুল গান্ধীক ব্যক্তিগতভাৱে আক্ৰমণ কৰাতো এলডিএফৰ উদ্দেশ্য নহয় । মঙলবাৰে কাচৰাগোডত সাংবাদিকৰ আগত বিজয়নে কয় যে, তেওঁলোকে ৰাহুল গান্ধীক ৰাজনৈতিক আদৰ্শগত কাৰণতহে সমালোচনা কৰে, ব্যক্তিগতভাৱে নহয় ।

কংগ্ৰেছৰ নেতৃত্বাধীন ইউ ডি এফ, বিশেষকৈ ৰাহুল গান্ধীক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য কৰি জৰ্জে কয় যে, গান্ধীয়ে কেৱল মহিলা মহাবিদ্যালয় পৰিদৰ্শন কৰিব আৰু প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকীৰ সৈতে কথা-বতৰা পাতোতে ছাত্ৰীবোৰে "সতৰ্ক" হোৱা উচিত । লগতে তেওঁ কয় যে, ৰাহুল গান্ধী এজন অবিবাহিত সমস্যা সৃষ্টিকাৰী লোক । কোচিৰ বিখ্যাত চেণ্ট টেৰেছা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ অনুৰোধত ৰাহুল গান্ধীয়ে মত-বিনিময় কৰাৰ কেইদিনমান পিছতে প্ৰাক্তন সাংসদগৰাকীয়ে এই মন্তব্য কৰে ।

জইচ জৰ্জৰ এই মন্তব্যক লৈ কংগ্ৰেছৰ কেইবাজনো নেতাই তীব্ৰ সমালোচনা কৰে । বিৰোধী দলৰ নেতা ৰমেশ চেন্নিথালাই কয় যে, ৰাহুল গান্ধীৰ বিৰুদ্ধে এনে মন্তব্য 'দুৰ্ভাগ্যজনক আৰু অগ্ৰহণযোগ্য' । লগতে তেওঁ কয় যে, প্ৰাক্তন সাংসদ জইচ জৰ্জৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰা উচিত । সংসদ তথা যুৱ কংগ্ৰেছ নেতা ডিন কুৰিয়াকোছেই প্ৰাক্তন সাংসদগৰাকীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া কৰি কয় যে, জৰ্জে হয়তো তেওঁৰ নিজৰ চৰিত্ৰৰ বিষয়ে কৈছিল ।

তেওঁৰ ভিতৰত থকা অশ্লীলতাৰ বিষয়ে এতিয়া সকলোৱে গম পাইছে । লগতে ৰাহুল গান্ধীক সমালোচনা কৰাৰ তেওঁৰ যোগ্যতা আছে নেকি বুলিও তেওঁ প্ৰশ্ন কৰে । প্ৰাক্তন সাংসদজনে কেৱল ৰাহুল গান্ধীক নহয়, ছাত্ৰীসকলকো অপমান কৰিছে । তেওঁ শীঘ্ৰেই জৰ্জৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰিব বুলিও মন্তব্য কৰে । জৰ্জক সমালোচনা কৰি কেৰালা কংগ্ৰেছ নেতা পি জে যোচেফে কয় যে, এই মন্তব্য "অপৰিপক্ক" ।

লগতে এই মন্তব্য কেৱল জৰ্জৰ নে সমগ্ৰ এলডিএফৰ মতামত সেয়াও তেওঁ জানিব বিচাৰে । অৱশ্যে, মন্ত্ৰী এম এম মণিয়ে জৰ্জৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰি কয় যে, জৰ্জে কোনো মহিলা বিৰোধী মন্তব্য কৰা নাই আৰু তেওঁ কেৱল ৰাহুল গান্ধীক সমালোচনাহে কৰিছিল ।

লগতে পঢ়ক:দুৰ্ঘটনাত পতিত তামিলনাডু বিধানসভাৰ অধ্যক্ষৰ বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.