ETV Bharat / bharat

ছত্তীশগড়ৰ বিধানসভাৰ নতুন অধ্যক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমণ সিং - Chhattisgarh Assembly election 2023

Chhattisgarh Assembly Speaker : বিজেপি বিধায়ক তথা ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমণ সিঙক সৰ্বসন্মতিক্ৰমে ছত্তীশগড় বিধানসভাৰ অধ্যক্ষ নিৰ্বাচিত কৰা হৈছে । ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও সায়ে ৰমণ সিঙৰ নাম অধ্যক্ষ হিচাপে প্ৰস্তাৱ কৰে । উপ-মুখ্যমন্ত্ৰী অৰুণ চাওৱে ইয়াৰ সমৰ্থন কৰে । আনহাতে, বিৰোধী দলৰ নেতা চৰণ দাস মহন্তইও ৰমণ সিঙক অধ্যক্ষ হিচাপে নিৰ্বাচনৰ প্ৰস্তাৱ দিয়ে আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে সমৰ্থন কৰে । উল্লেখ্য যে ৰমণ সিঙে দেওবাৰে অধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰে ।

Ex CM Raman Singh elected speaker
ছত্তীশগড়ৰ বিধানসভাৰ নতুন অধ্যক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমণ সিং
author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 4:43 PM IST

নিউজ ডেস্ক, ১৯ ডিচেম্বৰ : ডঃ ৰমণ সিঙক ছত্তীশগড় বিধানসভাৰ ষষ্ঠগৰাকী অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে । প্ৰটেম অধ্যক্ষ ৰামবিচাৰ নেতামে ডঃ ৰমণ সিঙক অধ্যক্ষ পদৰ বাবে মনোনীত কৰে । ইয়াৰ পিছত দলৰ বিধায়ক আৰু বিৰোধীয়ে সৰ্বসন্মতিক্ৰমে ডঃ ৰমণ সিঙৰ নামত সন্মত হয় । ইয়াৰ পিছত বিধায়িনী দলৰ নেতা বিষ্ণু দেও সাই আৰু বিৰোধী দলৰ নেতা ডঃ চৰণ দাস মহন্তই ডঃ ৰমণ সিঙক আগবঢ়াই নি অধ্যক্ষৰ আসন আৰু দায়িত্ব অৰ্পণ কৰে । অধ্যক্ষৰ আসনত বহি ডঃ ৰমণ সিঙে সদনক ধন্যবাদ জনায় । ইয়াৰ পিছত শাসক-বিৰোধী উভয় বিধায়কে তেওঁক শুভেচ্ছা জনায় ।

ছত্তীশগড় বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা বৰ্তমানৰ বিৰোধী দলপতি ডঃ চৰণ দাস মহন্তই ডঃ ৰমণ সিঙক কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত অভিনন্দন জনায় । তেওঁ কয় যে ৰমণ সিঙৰ সৈতে তেওঁৰ দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতা আছে । যেতিয়া দুয়ো সাংসদ আছিল তেওঁলোক সদনত একেলগে আছিল । কিন্তু যেতিয়া তেওঁ ৰাজ্যখনৰ সভাপতিৰ দায়িত্ব লয়, তেতিয়া সামান্য বিভেদ হৈছিল । আনহাতে, যেতিয়া ৰমণ সিং ৰাজ্যখনৰ মুৰব্বী হয় তেতিয়া এই বিভেদ আৰু অধিক বৃদ্ধি পায় ।

"আপুনি আজি য'ত বহি আছে সেয়া মোৰ অতীত । আজি মই ইয়াত আছোঁ, এইটো মোৰ বৰ্তমান । বৰ্তমানৰ অতীতৰ প্ৰতি সদায় সন্মান আৰু সম্প্ৰীতি থাকিব । মই আপোনালোকক আশ্বাস দিওঁ যে মোৰ সহকৰ্মীসকলে সদায় আপোনালোকৰ সৈতে থিয় দিব । মই মোৰ কাৰ্যকালৰ আধাতকৈও অধিক ইয়াত সমৰ্পিত কৰিছোঁ । সেয়েহে মই আশাকৰোঁ যে আপোনালোকে ইয়াৰ আদৰ কৰিব ।" বিৰোধী দলৰ নেতা ডঃ চৰণ দাস মহন্তই কয় ।

আনহাতে, ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কয় যে যেতিয়া ফলাফল আহিছিল তেতিয়া তেওঁ ভাবিছিল যে তেওঁ অকলেই প্ৰাক্তন মুখ্যমন্ত্ৰী হ'ব । কিন্তু সেয়া ৰমণ সিঙে হ'বলৈ নিদিলে । ভূপেশ বাঘেলে কয় যে লোকসভাৰ সদস্য, ৰাজ্যিক মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ দীঘলীয়া অভিজ্ঞতা আছে । এই পবিত্ৰ গৃহত বহুতো নতুন পৰম্পৰা মুকলি কৰা হৈছে । তেওঁলোক দুয়োৰে ভূমিকা সলনি হৈছে । ডঃ ৰাজেন্দ্ৰ শুক্লা, প্ৰেম প্ৰকাশ পাণ্ডে, ধৰমলাল কৌশিক, গৌৰীশংকৰ আগৰৱালা, ডঃ চৰণ দাস মহন্ত সকলোৱে পৰম্পৰা অনুসৰণ কৰিছে । সকলোকে তেওঁ অভিনন্দন জনায় ।

লগতে পঢ়ক :বহিষ্কৃত বিৰোধী সাংসদৰ নকল সংসদ অধিবেশন; জগদীপ ধনখৰৰ মিমিক্ৰি তৃণমূলৰ কল্যাণ বেনাৰ্জীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.