ETV Bharat / bharat

Khonsa jailbreak case update : খুনচাৰ কাৰাগাৰৰ পৰা পলায়ন কৰা এটা কাৰাবন্ধীক গ্ৰেপ্তাৰ

author img

By

Published : Apr 3, 2023, 3:34 PM IST

আৰক্ষীৰ জালত কাৰাগাৰৰ নিৰাপত্তাৰক্ষীক হত্যা কৰি পলায়ন কৰা কাৰাবন্দী ৷ নিশা চলোৱা অভিযানত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় উগ্ৰপন্থীটোক ৷ এজন বৰ্তমানেও পলাতক ৷ অভিযান অব্যাহত (Arunachal Khonsa jailbreak case update ) ৷

Arunachal Khonsa jailbreak case update
জোৱানক হত্যা কৰি পলায়ন কৰা উগ্ৰপন্থী কৰায়ত্ত

তিনিচুকীয়া ,3 এপ্ৰিল : 26 মাৰ্চত অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ খুনচাত সংঘটিত হৈছিল এটি চাঞ্চল্যকৰ ঘটনা । কাৰাগাৰৰ জোৱানৰ বন্দুক কাঢ়ি হত্যা কৰি কাৰাগাৰৰ পৰা পলায়ন কৰিছিল দুই উগ্ৰপন্থীয়ে । অৱশেষত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হ’ল পলায়ন কৰা দুই উগ্ৰপন্থীৰ ভিতৰৰ এটাক (NSCN militant in Arunachal) ৷

দেওবাৰে নিশাৰ ভাগত সেনা-আৰক্ষীয়ে যুতীয়াভাৱে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় উগ্ৰপন্থীটোক । আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা উগ্ৰপন্থীটো ৰকচেন হমচা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷ দুই উগ্ৰপন্থীয়ে কাৰাগাৰৰ জোৱানৰ পৰা কাঢ়ি নিয়া AK-47 ৰাইফলটোও জব্দ কৰিবলৈ সক্ষম হৈছে সেনা-আৰক্ষীৰ অভিযানকাৰী দলটোৱে (Arunachal Khonsa jailbreak incident)।

এক তথ্য অনুসৰি দেওবাৰে নিশা অসম-অৰুণাচল সীমান্তৰ বগাপানী অঞ্চলত অভিযান চলাই আটক কৰা হয়, উগ্ৰপন্থীটো ৰকচেন হমচাক । ৰকচেন হমচা এন এছ চি এন (এন এছ) গোটৰ কেডাৰ বুলি জানিবলৈ পৰা গৈছে ৷ বৰ্তমান পলায়ন কৰি থকা আন এজন উগ্ৰপন্থী টিটপু কিটনিয়াৰ বিৰুদ্ধে সেনা-আৰক্ষীয়ে তীব্ৰগতিত অভিযান অব্যাহত ৰাখিছে আৰু শীঘ্ৰে আটক কৰাৰ সম্ভাৱনা আছে (Militants escaped from Arunachal Pradesh jail) ।

উল্লেখ্য যে, এছ আই টিৰ আৰক্ষী অধীক্ষক ৰোহিত ৰাজবীৰ সিঙে জানিবলৈ দিয়া অনুসৰি, 26 মাৰ্চ দেওবাৰৰ সন্ধিয়া খুনচাৰ 1ম আই আৰ বি এনৰ চি টি ৱাংনিয়াম বোচাই নামৰ এজন কৰ্তব্যৰত নিৰাপত্তাৰক্ষীৰ পৰা উগ্ৰপন্থী তথা কয়দী দুটাই AK-47 চাৰ্ভিচ ৰাইফল কাঢ়ি লোৱাৰ লগতে নিৰাপত্তাৰক্ষী গৰাকীক গুলীচালনা কৰে ৷ গুলীচালনা কৰিয়েই দুয়োটা উগ্ৰপন্থীয়ে খুনচাৰ ইউটিপি চেলৰ পৰা পলায়ন কৰে ৷ ইয়াৰ পিচতে আহত নিৰাপত্তাৰক্ষী চি টি বোচাইক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ স্থানান্তৰিত কৰা হয় যদিও তেওঁৰ মৃত্যু ঘটে (Militant Killed Police Personal in Arunachal) ৷

লগতে পঢ়ক : Arunachal Khonsa jailbreak: নিৰাপত্তাৰক্ষীক হত্যা কৰি অৰুণাচল প্ৰদেশৰ কাৰাগাৰৰ পৰা পলায়ন দুধৰ্ষ উগ্ৰপন্থীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.