নেশ্যনেল ডেস্ক,১১ এপ্ৰিল: দেওবাৰে পুৱা দক্ষিণ কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত পুনৰ গুলীবৰ্ষণ আৰম্ভ হয় । দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ বিজবেহাৰাৰ চিমথানত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয় । এক সূত্ৰই প্ৰকাশ কৰা মতে, অঞ্চলটোত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান চলায় । সেই সময়তে নিৰাপত্তা বাহিনীলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে ।
শনিবাৰে নিশাৰে পৰা দুয়ো পক্ষৰ মাজত ধাৰাষাৰ গুলীবৰ্ষণ আৰম্ভ হয় । পৰিস্থিতি বেয়াৰ ফালে ঢাল খোৱাত শনিবাৰে সন্ধিয়া নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান স্থগিত কৰে । আনহাতে দেওবাৰে পুৱা পুনৰ দুয়ো পক্ষৰ মাজত ধাৰাষাৰ গুলীবৰ্ষণ আৰম্ভ হয় । প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও গুলীবৰ্ষণ কৰে । অঞ্চলটোত দুটা সন্ত্ৰাসবাদী লুকাই আছিল বুলি অনুমান কৰা হৈছে । আনহাতে, নিশা জন্মু-কাশ্মীৰৰ চ’পিয়ান জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত তিনিজন সন্ত্ৰাসবাদী নিহত হোৱা বুলি দেওবাৰে আৰক্ষী সূত্ৰই প্ৰকাশ কৰে ।
লগতে পঢ়ক: নিৰ্বাচনী আচৰণ বিধিক ‘মোদী আচৰণ বিধি’ হিচাপে পুনৰ নামকৰণ কৰক : মমতা বেনাৰ্জী