ETV Bharat / bharat

State of emergency in Myanmar : ম্যানমাৰত জৰুৰীকালীন অৱস্থাৰ সম্প্ৰসাৰণ, ভাৰতত ইয়াৰ প্ৰভাৱ

author img

By

Published : Aug 1, 2023, 5:29 PM IST

ম্যানমাৰত জৰুৰীকালীন অৱস্থা পুনৰ সম্প্ৰসাৰণ কৰা হৈছে । কিন্তু মণিপুৰৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতে পূব চুবুৰীয়া দেশৰ সামৰিক জান্তাৰ সৈতে সম্পৰ্ক বজাই ৰাখিব লাগিব ।

State of emergency in Myanmar
ম্যানমাৰত জৰুৰীকালীন অৱস্থাৰ সম্প্ৰসাৰণ

নেশ্যনেল ডেস্ক,১ আগষ্ট : ম্যানমাৰৰ সামৰিক জান্তাই ১ আগষ্টৰ পৰা জৰুৰীকালীন অৱস্থা সম্প্ৰসাৰিত কৰাৰ ঘোষণা কৰিছে । তেনে পৰিস্থিতিত নতুন দিল্লীৰ হাতত ভাৰতৰ পূব সীমান্তত বিশেষকৈ মণিপুৰত স্থিৰতা অনাৰ বাবে বৰ্তমানৰ ম্যানমাৰৰ প্ৰশাসনৰ সৈতে জড়িত হৈ থকাৰ বাহিৰে কোনো বিকল্প নাই । জৰুৰীকালীন অৱস্থা আৰু ৬ মাহ বৃদ্ধি সন্দৰ্ভত সোমবাৰে কাৰ্যকৰী ৰাষ্ট্ৰপতি ইউ মিন্ট স্ৱেয়ে ঘোষণা কৰিছে । এয়া জৰুৰীকালীন অৱস্থাৰ চতুৰ্থ সম্প্ৰসাৰণ লগতে ভাৰতৰ পূব চুবুৰীয়া দেশত নিৰ্বাচন অনুষ্ঠিত কৰাত আৰু কিছু পলম হ'ব বুলি ইংগিত দিয়া হৈছে ।

২০২১ চনৰ ১ ফেব্ৰুৱাৰীত সামৰিক অভ্যুত্থানে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত নেতা অং চান চু কীক ক্ষমতাচ্যুত কৰাৰ পাছত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় । সামৰিক বাহিনীয়ে ২০২০ চনৰ নিৰ্বাচনত বহুতো অনিয়মৰ কথা উল্লেখ কৰিছিল য'ত চু কীৰ নেচনেল লীগ ফৰ ডেমক্ৰেচি বিজয়ী হৈছিল । অভ্যুত্থানৰ পাছত, সামৰিক বাহিনীয়ে প্ৰথমতে কৈছিল যে এবছৰ পাছত নতুন নিৰ্বাচন অনুষ্ঠিত হ'ব কিন্তু তাৰ পাছত কৈছিল যে নিৰ্বাচন ২০২৩ চনৰ আগষ্টত অনুষ্ঠিত হ'ব ।

সামৰিক অভ্যুত্থানৰ পাছত, ভাৰতৰ সৈতে সীমান্তকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত সামৰিক বাহিনী আৰু জাতিগত সশস্ত্ৰ সংগঠনৰ মাজত ভয়ংকৰ যুঁজৰ ফলত দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰখন ক্ষতিগ্ৰস্ত হৈছিল ।

ম্যানমাৰৰ প্ৰাক্তন ভাৰতীয় ৰাষ্ট্ৰদূত ৰাজীৱ ভাটিয়াই ইটিভি ভাৰতক পূৰ্বে কৈছিল যে জৰুৰীকালীন অৱস্থা বৃদ্ধিৰ সম্ভাৱনা আছে । কিয়নো সামৰিক বাহিনীয়ে স্বীকাৰ কৰিছে যে তেওঁলোকে দেশখনত আইন শৃংখলা প্ৰতিষ্ঠা কৰাত সক্ষম হোৱা নাই । ভাটিয়াই পশ্চিম ম্যানমাৰৰ পৰিস্থিতি অতি ভয়ংকৰ বুলি বৰ্ণনা কৰি কয় যে মণিপুৰত সংঘটিত ঘটনাৰে অনুৰূপ ঘটনা তাত ঘটি আছে । তেওঁ লগতে কয় যে এতিয়ালৈকে ম্যানমাৰত শান্তি অনাৰ বাবে কোনো আভ্যন্তৰীণ আলোচনা হোৱা নাই ।

প্ৰাক্তন ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে ভাৰতৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় স্বাৰ্থ বিপন্ন হৈছে । মণিপুৰত জাতিগত সংঘৰ্ষৰ বাবে প্ৰতিকূল প্ৰভাৱ অধিক তীব্ৰ । ভাৰতে ম্যানমাৰৰ সামৰিক চৰকাৰৰ পৰা সহযোগিতা বিচাৰিছে বুলি তেওঁ উল্লেখ কৰে । সেয়েহে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে বেংককত ম্যানমাৰৰ মন্ত্ৰীক সাক্ষাৎ কৰিছিল বুলি তেওঁ উল্লেখ কৰে ।

যোৱা মাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰে আছিয়ানৰ অন্তৰ্গত দেশৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিছিল । এই বৈঠকৰ সময়ত ম্যানমাৰ এক গুৰুত্বপূৰ্ণ বিষয় আছিল । জান্তা প্ৰধান জ্যেষ্ঠ জেনেৰেল মিন অং হ্লাইংও বৈঠকত উপস্থিত আছিল । বেংককত অনুষ্ঠিত বৈঠকৰ সময়ত জয়শংকৰে ম্যানমাৰৰ বৈদেশিক মন্ত্ৰী ইউ থান স্ৱেৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় । ভাটিয়াৰ মতে, দুয়োপক্ষই তেওঁলোকৰ দৃষ্টিভংগী আৰু উদ্বেগ ভাগ বতৰা কৰিছিল । অভ্যুত্থানৰ পাছত দুয়োপক্ষৰ মাজত এয়া প্ৰথম ৰাজনৈতিক পৰ্যায়ৰ বাৰ্তালাপ আছিল ।

শ্বিলংস্থিত থিংক টেংক এছিয়ান কনফ্লুয়েন্সৰ জ্যেষ্ঠ বিষয়া কে. ইহোমৰ মতে ম্যানমাৰৰ সামৰিক বাহিনী অত্যাধিক প্ৰসাৰিত হৈছে । অভ্যুত্থানৰ পাছত বেছিভাগ সংঘৰ্ষ ভাৰতৰ সীমান্তৰ ওচৰৰ চিন ৰাজ্য আৰু চেগেন অঞ্চলত সংঘটিত হৈছিল । তেওঁ উল্লেখ কৰা মতে বৰ্তমান সামৰিক বাহিনীয়ে থাইলেণ্ডৰ সৈতে পূব সীমান্তত গুৰুত্ব দি আছে ।

ম্যানমাৰত কেইবাটাও জাতিগত সশস্ত্ৰ সংগঠন চলি আছে । কিন্তু উত্তৰৰ সংগঠনবোৰ বাকীবোৰতকৈ যথেষ্ট শক্তিশালী । আন এক সূত্ৰৰ মতে চু কীক কাৰাগাৰৰ পৰা আনি গৃহবন্দী কৰা হৈছে ।

লগতে পঢ়ক :Illegal Myanmar nationals: হিংসাজৰ্জৰ মণিপুৰত দুদিনত 718 গৰাকী ম্যানমাৰৰ নাগৰিকৰ অনুপ্ৰৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.