নেচনেল ডেস্ক,২৬ জুন : ওড়িশাত হাতী নিধনৰ অভিযোগত এইবাৰ নিলম্বন হ'ল বন বিষয়া (Forest officer suspension in orissa)। গজৰাজক নিধনৰ ঘটনাই বিগত কিছুদিন তোলপাৰ লগাই থকাৰ মাজতেই ওড়িশাৰ কটক জিলাত উদ্ধাৰ হৈছে এটা হাতীৰ কংকাল (Elephant skelition recovered in Orissa)। ওড়িশাৰ বন বিষয়াসকলে সতকোচিয়া অভয়াৰণ্যৰ অন্তৰ্গত কটক জিলাৰ জিলিন্দা ৰেঞ্জৰ সত্যজায়াপুৰ পাত্ৰ বনাঞ্চলৰ পৰা এটা হাতীৰ কংকালৰ অৱশিষ্ট উলিয়াই অনাৰ পাছতে চঞ্চল্য়ৰ সৃষ্টি হৈছে ।
ইয়াৰ পূৰ্বে এটা হাতীৰ কংকালৰ অৱশেষ পুনৰুদ্ধাৰৰ পিছতে আন এটা হাতীৰ কংকাল উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে । ইপিনে, সতকোচিয়া ডিএফঅ' সৰোজ পাণ্ডাই দুজন বনৰক্ষী অনুপমা চাহু আৰু সহদেব সোৰেনক পেচিডাৰ্ম নামৰ হাতীটো হত্যাত জড়িত থকাৰ অভিযোগত নিলম্বন কৰিছে । তদুপৰি তিনিজন পৰ্যৱেক্ষককো গ্ৰেপ্তাৰ কৰা বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ । উল্লেখ্য় যে, হাতীটোৰ দাঁতটোও কাটি পেলোৱা হৈছিল ।
বন বিভাগে বিষয়টোত ৰেঞ্জাৰসকলৰ জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে । আনকি তেওঁলোকৰ নিৰ্দেশত পৰ্যৱেক্ষক আৰু বনকৰ্মীসকলে প্ৰায় এবছৰ পূৰ্বেই পেচিডাৰ্মৰ মৃতদেহটো পুতি পেলাইছিল । এই কংকালটো উদ্ধাৰ হোৱালৈকে ইয়াক গোপনে ৰাখিবলৈ সক্ষম হৈছিল । ইপিনে, বিষয়টো সন্দৰ্ভত অধিক তদন্ত চলি আছে বুলি সতকোচিয়া ডিএফঅ' পাণ্ডাই সদৰি কৰিছে ।
লগতে পঢ়ক : মিজোৰামত NIAৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী