ETV Bharat / bharat

Show cause notice on Assam CM: হিমন্ত বিশ্ব শৰ্মালৈ দেশৰ নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননী - দেশৰ নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননী

১৮ অক্টোবৰত ছত্তীশগড়ৰ নিৰ্বাচনী প্ৰচাৰ সভাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই দিয়া মন্তব্যৰ বাবে নিৰ্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে ৷ ৩০ অক্টোবৰৰ সন্ধিয়া ৫ বজাৰ ভিতৰত উত্তৰ দিব লাগিব ড৹ শৰ্মাই ৷

Show cause notice on Assam CM
Show cause notice on Assam CM
author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 9:20 PM IST

নিউজ ডেস্ক, 26 অক্টোবৰ: বৃহস্পতিবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ১৮ অক্টোবৰত ছত্তীশগড়ত নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া "সাম্প্ৰদায়িক মন্তব্য"ৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে ৷ সেই সভাত তেওঁ "আকবৰ" শব্দটো ব্যৱহাৰ কৰিছিল, যিটো পৰৱৰ্তী সময়ত কংগ্ৰেছে সমালোচনা কৰে ।

অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা কাৰণ দৰ্শোৱাৰ জাননীত প’ল পেনেলে কয় যে ১৮ অক্টোবৰত ছত্তীশগড়ত দিয়া ভাষণৰ সেই অংশটো ১৯৫১ চনৰ আদৰ্শ আচৰণবিধি আৰু জনপ্ৰতিনিধিত্ব আইনৰ বিধানসমূহৰ “প্ৰাইমা ফেচি উলংঘা” বুলি ধৰা পৰিছে ৷ প’ল পেনেলে অসমৰ মুখ্যমন্ত্ৰীক ৩০ অক্টোবৰৰ সন্ধিয়া ৫ বজাৰ ভিতৰত এই জাননীৰ উত্তৰ দিবলৈ আহ্বান জনাইছে ৷ অন্যথা তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

লগতে পঢ়ক: Chhattisgarh Election 2023: ছত্তিশগড়ত কংগ্ৰেছক তুলাধুনা হিমন্ত বিশ্ব শৰ্মাৰ

ইয়াৰ পূৰ্বে বুধবাৰে কংগ্ৰেছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ছত্তীশগড় বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰা মন্তব্যই আদৰ্শ আচৰণ বিধি উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰি নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰে ।

অসমৰ মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ অভিযোগ ১৮ অক্টোবৰত কংগ্ৰেছ প্ৰাৰ্থী মহম্মদ আকবৰৰ বিৰুদ্ধে প্ৰচাৰ চলাওঁতে ছত্তীশগড়ৰ কাৱাৰ্ডাত দিয়া ভাষণৰ সৈতে জড়িত । কংগ্ৰেছে অভিযোগ কৰা ভাষণত শৰ্মাই কয়, "এজন আকবৰ কোনোবা ঠাইত আহিলে ১০০ আকবৰ মাতে । গতিকে, তেওঁক যিমান সোনকালে পাৰে পঠিয়াই দিয়ক, নহ'লে মা কৌশল্যাৰ ভূমি অশুচি হ'ব ।"

কাৱাৰ্ডাত নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে ছত্তীশগড়ত ধৰ্মান্তৰকৰণ আৰু লাভ জেহাদ চলিছে । য'তেই কংগ্ৰেছৰ চৰকাৰ আছে, তাতেই হিন্দুসকলে দুৰ্দশাত জীৱন কটাবলগীয়া হৈছে । কংগ্ৰেছে বাবৰক লালন-পালন কৰিছে, ভূপেশ বাঘেলে আকবৰক ডাঙৰ-দীঘল কৰিছে আৰু বিজেপিয়ে শ্ৰীৰামৰ মন্দিৰ নিৰ্মাণ কৰিছে ৷ বৃহস্পতিবাৰেও ছত্তীশগড়ত ভূপেশ বাঘেলক উদ্দেশ্যি বহুকেইটা মন্তব্য কৰিছিল ড৹ শৰ্মাই ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.