নিউজ ডেস্ক, 10 নৱেম্বৰ: বৃহস্পতিবাৰে হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সমাপ্ত হয় (Election campaign ends in Himachal)৷ এই নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে 145 টা ৰেলী অনুষ্ঠিত কৰাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ আধাহে সভা অনুষ্ঠিত কৰে (BJP Ralliy in Himachal) । ৰাজ্যত বিজেপিৰ গণ স্থিতিক প্ৰত্যাহ্বান জনাবলৈ চেষ্টা কৰা আপৰ কথা ক’বলৈ গ’লে, দলটোৱে তেওঁৰ কোনো হেভিৱেট মুখ প্ৰচাৰৰ বাবে পঠোৱা নাছিল । ইয়াৰ বিপৰীতে বিজেপিৰ অমিত শ্বাহ, ৰাজনাথ সিং, যোগী আদিত্যনাথ, জে পি নড্ডা, অনুৰাগ ঠাকুৰ আৰু মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰৰ দৰে আটাইকেইগৰাকী হেভিৱেইট বিজেপি নেতাই দলৰ হৈ প্ৰচাৰ চলাইছিল ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুবাৰকৈ ৰাজ্যখন ভ্ৰমণ কৰি ধাৰাবাহিকভাৱে সমাৱেশ অনুষ্ঠিত কৰাৰ বিপৰীতে কংগ্ৰেছৰ পৰা দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কংগ্ৰেছৰ প্ৰচাৰৰ দায়িত্ব লয় ৷ কাৰণ সম্প্ৰতি তেওঁৰ ভাতৃ ৰাহুল গান্ধী ‘ভাৰত জোড়ো যাত্ৰা’ত ব্যস্ত (Congress Rally in Himachal)।
প্ৰচাৰৰ অন্তিম দিনটোত প্ৰিয়ংকা গান্ধীয়ে সন্ধিয়া 5 বজাত প্ৰচাৰ সমাপ্ত হোৱাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে ছিৰমৌৰত এক সমাৱেশ অনুষ্ঠিত কৰে । প্ৰচাৰৰ অন্তিম দিনা হিমাচল প্ৰদেশৰ 68 টা বিধানসভা সমষ্টিত কংগ্ৰেছে আয়োজন কৰা "বিজয় আশ্বিৱাদ'' ৰেলীৰ অংশ আছিল প্ৰিয়ংকাৰ এই সমাৱেশ (Himachal Pradesh elections Exit Polls) ।
এই বিশাল অভিযানত বিজেপি আৰু কংগ্ৰেছ উভয়ৰে হেভিৱেট নেতাসকলে ইউনিফৰ্ম চিভিল কোড ৰূপায়ণৰ পৰা আৰম্ভ কৰি কলেজলৈ যোৱা মহিলাসকলৰ বাবে স্কুটাৰ প্ৰদানলৈকে বিভিন্ন প্ৰতিশ্ৰুতিৰে ভোটাৰক আকৰ্ষণ কৰিব বিচাৰিছিল ।
বিজেপিয়ে ইস্তাহাৰত ইউনিফৰ্ম চিভিল কোড প্ৰচলনৰ প্ৰতিশ্ৰুতি দিছিল আৰু চৰকাৰী চাকৰি আৰু শিক্ষানুষ্ঠানত মহিলাৰ বাবে 33 শতাংশ সংৰক্ষণৰ প্ৰতিশ্ৰুতি দিয়ে । জেপি নড্ডাই চৰকাৰী চাকৰিকে ধৰি ৮ লাখ চাকৰি, ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ ছোৱালীৰ বাবে চাইকেল আৰু কলেজৰ ছোৱালীৰ বাবে স্কুটি প্ৰদানৰ প্ৰতিশ্ৰুতিও দিয়ে ।
আনহাতে, কংগ্ৰেছে ৫২ পৃষ্ঠাৰ নিৰ্বাচনী ইস্তাহাৰত পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়ে । হিমাচলৰ 68 টা বিধানসভা সমষ্টিৰ বাবে 12 নৱেম্বৰত ভোটগ্ৰহণ আৰু 8 ডিচেম্বৰত ভোটগণনা অনুষ্ঠিত হ’ব (Himachal Pradesh Election 2022)।
লগতে পঢ়ক: DAC election result : 22 ৰ পৰিৱৰ্তে 12 যদিও বিজেপি সন্তুষ্ট