নেশ্যনেল ডেস্ক,১৩ মে': দেশজুৰি মহামাৰী কৰ'ণা সংক্ৰমণৰ মাজতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঘৰতে পালন কৰিব পবিত্ৰ ঈদ-উল-ফিতৰ । কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে বৃহস্পতিবাৰে সমগ্ৰ জম্মু-কাশ্মীৰত ঈদ-উল-ফিতৰ উদযাপন কৰে । বুধবাৰে এই কথা ঘোষণা কৰিছিল কাশ্মীৰৰ গ্ৰেণ্ড মুফটি নাছিৰ-উল-ইছলামে ।
ঈদ উপলক্ষে জম্মু-কাশ্মীৰৰ সকলো লোকক শুভেচ্ছা জনাই নেদেখাজনৰ ওচৰত ৰাজ্যখনৰ শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায় । লগতে দেশবাসীয়ে অতিমাৰী ক'ভিডক প্ৰতিহত কৰিবলৈ নেদেখাজনে যাতে সকলো ঠিক কৰি দিয়ে তাৰ বাবেও প্ৰাৰ্থনা জনোৱা হয় ।
লগতে পঢ়ক: ক'ভিড-১৯: দেশৰ শেহতীয়া তথ্য