ETV Bharat / bharat

ভাৰতৰ কৃষকৰ বীমা যোঁজনাঃ এক সমীকৰণ

author img

By

Published : Dec 18, 2020, 5:52 PM IST

প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা হৈছে কেন্দ্ৰীয় চৰকাৰে কৃষকক প্ৰদান কৰা এখন বিশেষ বীমা আঁচনি যাৰ দ্বাৰা প্ৰতিগৰাকী কৃষকেই যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ পৰা হ'ব পৰা ক্ষতিৰ ক্ষতিপূৰণ লাভ কৰিব ৷ ইটিভি ভাৰতৰ সমীক্ষাত এই আঁচনি কৃষকৰ উপযোগী বুলি বিবেচিত হোৱাৰ লগতে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ বীমা আঁচনি হিচাপে পোৱা গৈছে ৷

ভাৰতৰ কৃষকৰ বীমা যোঁজনাঃ এক সমীকৰণ
ভাৰতৰ কৃষকৰ বীমা যোঁজনাঃ এক সমীকৰণ

নিউজ ডেস্ক, 18 ডিচেম্বৰ : প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা 2016ৰ ফেব্ৰুৱাৰীত মুকলি কৰা হৈছিল ৷ উৎপাদনৰ ক্ষেত্ৰত কৃষকে সন্মুখীন হোৱা অসুবিধাৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰযোজ্য হোৱাকৈ ইয়াক মুকলি কৰা হৈছিল ৷

উচ্চহাৰৰ ৰাজসাহাৰ্যযুক্ত এই আঁচনিত কম হাৰে কৃষকে প্ৰিমিয়াম দিব লাগে ৷ খাৰিফ শস্যৰ সময়ত কৃষকে 2শতাংশ আৰু ৰবি শস্যৰ সময়ত মাত্ৰ 1.5 শতাংশ প্ৰিমিয়াম প্ৰদান কৰিব লাগিব ৷ বছৰেকত বাণিজ্যিকভাৱে খেতি কৰাসকলে মাত্ৰ 5 শতাংশ প্ৰিমিয়াম প্ৰদান কৰিব লাগিব ৷

প্ৰিমিয়াম ৰেটৰ লগত কৃষকৰ প্ৰিমিয়ামৰ ৰেটৰ মাজৰ পাৰ্থক্য কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমানে ভাগ কৰি বহন কৰিব ৷ ঋণ লৈ বতৰীয়া শস্যৰ খেতি কৰা সকলো কৃষকে এই আঁচনিৰ লাভ উপভোগ কৰাৰ লগতে অন্যান্যসকলে প্ৰিমিয়াম প্ৰদান কৰি ইয়াৰ লাভ উপভোগ কৰিব ৷

পৰিৱেশিক কাৰণত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে খেতিৰ আৰম্ভনি আৰু শইচ চপোৱাৰ পিচত সন্মুখীন হোৱা লোকচান এই আঁচনিৰ অধীনত আহিব ৷ গাঁও পঞ্চায়ত স্তৰত কৃষকক ইয়াৰ অধীনত সামৰি লোৱা হ'ব ৷

ৰাজ্যসমূহৰ মাজত আঁচনিক লৈ থকা শংকা

বিত্তীয় বৰ্ষ 2017-18ৰ ভিতৰত খাৰিফ আৰু ৰবি শস্যৰ বাবে প্ৰায় 5 কোটি কৃষকে এই আঁচনিত নিয়োজিত কৰিছিল ৷ 2015ৰ তুলনাত অন্যান্য বীমা আঁচনিৰ তুলনাত এয়া 40শতাংশ বৃদ্ধি আছিল ৷ অৱশ্যে শেহতীয়া প্ৰতিবেদনত এই আঁচনি কিছুসংখ্যক ৰাজ্যত প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিল আৰু বহুকেইখন ৰাজ্যই ইয়াৰ পৰা আঁতৰি আহিছিল ৷

গুজৰাট আৰু বিহাৰে ইতিমধ্যেই এই আঁচনিৰ পৰা আঁতৰি আহিছে ৷ গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে 4,500 কোটিৰ অত্যধিক প্ৰিমিয়াম ৰাজ্য চৰকাৰে প্ৰদান কৰিব লগীয়া হৈছে বুলি মন্তব্য কৰিছিল ৷ ইয়াৰ বিপৰীতে গুজৰাটে নিজাকৈ মুখ্যমন্ত্ৰী কিশান সহায় যোঁজনা বুলি এখন আঁচনি মুকলি কৰিছিল,আৰু এই আঁচনিয়ে 2020ৰ খাৰিফ শস্যৰ বাবে কোনো প্ৰিমিয়াম নোহোৱাকৈয়ে বীমাভুক্ত কৰাইছিল ৷

পঞ্জাৱে কেতিয়াও এই আঁচনি সংযোজন কৰা নাই ৷

চলিত বৰ্ষৰ আৰম্ভনিতে কিছুসংখ্যক ৰাজ্যই এই আঁচনিৰ পৰা আঁতৰি অহাৰ বাতৰি প্ৰকাশ পাইছিল ৷ বেছিসংখ্যক ৰাজ্যই প্ৰিমিয়ামৰ ক্ষেত্ৰত নিজৰ অংশ প্ৰদানত দেৰি কৰিছিল যাৰ বাবে কৃষকসকলে দাবী কৰাৰ পৰা বঞ্চিত হৈছিল ৷

প্ৰতিবেদন অনুসৰি,বীমা কোম্পানীসমূহেও 2019ৰ খাৰিফ শস্যৰ বাবে কৃষকে দাবী কৰা মুলধনৰ এক-তৃতীয়াংশ এতিয়াও প্ৰদান কৰা নাই ৷ ইয়াৰ দ্বাৰা কৃষকৰ বিপৰীতে কিছুসংখ্যক বীমাকাৰী প্ৰতিষ্ঠানহে অধিক লাভাম্বিত হোৱা বুলি ধাৰণা কৰা হৈছে ৷

ইয়াৰ উপৰিও অন্ধ্ৰ প্ৰদেশ চৰকাৰে নিভাৰ ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত হোৱা কৃষকৰ বীমা প্ৰিমিয়াম প্ৰদান নকৰা,নতুন দিল্লীত তিনিখন কৃষি আইনৰ বিৰুদ্ধে কৃষক বিদ্ৰোহ ঘোষণা কৰা,আদিয়ে কৃষিৰ বাবে এখন সচ্ছল বীমা আঁচনি প্ৰদান কৰি দেশৰ গ্ৰামাঞ্চলৰ 70 শতাংশ কৃষকৰ দ্বাৰা নিয়ন্ত্ৰিত কৃষিখণ্ডত বহুটো সংস্কাৰৰ বাবে প্ৰশ্নৰ উত্থাপন কৰিছে ৷

প্ৰত্যাহ্বানৰ পৰা মুক্তি

কৃষক উন্নয়ন আৰু কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ দ্বাৰা আইআইএম আহমেদাবাদে ভাৰত চৰকাৰৰ এই আঁচনিৰ ওপৰত শেহতীয়াকৈ সম্পন্ন কৰা এক অধ্যয়নত, দেশৰ 9 খন ৰাজ্যত এই আঁচনিক লৈ চলোৱা সমীক্ষাত কৃষকৰ মাজত এই আঁচনিক লৈ সজাগতাৰ অভাৱ দেখা পোৱা বুলি প্ৰতিবেদন দাখিল কৰিছে ৷

আঁচনিখন সন্দৰ্ভত সজাগতাৰ বাবে পশ্চিমবংগত পঞ্চায়তসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে অসমত এই আঁচনিখন সন্দৰ্ভত বেংকসমূহে অধিক সজাগতাৰ সৃষ্টি কৰিছে ৷ এই সমীক্ষাৰ এক উল্লেখনীয় দিশ হৈছে বহুকেইখন ৰাজ্যত বীমা এজেন্টৰ ভূমিকা তেনেই নগণ্য় ৷ ইয়ে বীমা কোম্পানী আৰু বীমা এজেন্টক ঋণ নোলোৱা কৃষকৰ ক্ষেত্ৰত অধিক দায়িত্ব তথা গুৰুত্বৰে কাম কৰাৰ বাবে অগ্ৰাধিকাৰ দিয়াটো প্ৰয়োজনীয় হিচাপে দেখা দিছে ৷

অধ্যয়নত কৃষকসকলে, কাগজ-কৰ্মৰ বাবে কম সময়, উচ্চ হাৰৰ ক্ষতিপূৰণ,আঁচনিৰ স্বচ্ছতা,অধিক সজাগতা অনুষ্ঠান,পশুধনৰ সংযোজন আৰু পঞ্চায়তৰ ভূমিকা সন্দৰ্ভত নিজৰ মন্তব্য কৰিছে ৷

অধ্যয়নত পোৱা অনুসৰি, এই আঁচনিৰ সমানুপাতিক অন্য আঁচনিত কৃষকে 10 শতাংশ প্ৰিমিয়াম প্ৰদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে, যিটো বৰ্তমানৰ হাৰৰ তুলনাত অত্যধিক আৰু দাবী নিষ্পত্তি ছমাহৰ ভিতৰতে সম্পন্ন কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ৷ ইয়ে দেশৰ কৃষকৰ মাজত থকা শস্য বীমাৰ এক বৃহৎ প্ৰয়োজনীতাকে প্ৰকাশ কৰে ৷

অন্যহাতে বীমাকাৰী কোম্পানীসমূহে শস্য়ৰ বীমাক "গুড ৰিক্স"ৰ তুলনাত অধিক "বেড ৰিক্স" থকাৰ বাবে এক লাভজনক শাখাত ধৰা নাই ৷ ইয়ে উদ্যোগটোক তেওঁলোকৰ ব্যৱসায়িক মডেল অবহনক্ষম কৰি তোলাৰ সম্ভাৱনা আছে ৷

যদিও বীমা আঁচনিৰ নিজা চাৰিত্ৰিক বৈশিষ্টৰ অন্তৰ্গত তথাপিও ৰাজ্যসমূহে বীমা কোম্পানীক দিয়া 50 শতাংশ প্ৰিমিয়াম ৰাজসাহাৰ্য অথলে গৈ আছে, আৰু কৃষকে তেওঁলোকৰ দাবীৰ বিপৰীতে শস্যৰ লোকচানতহে ইয়াক লাভ কৰিছে ৷ অধিক দেৰি হোৱাৰ বাবে ইয়ো কৃষকৰ মাজত আঁচনিখনক লৈ এক নকাৰাত্মক ধাৰণা গঢ়ি তুলিছে ৷ শস্যৰ লোকচানৰ যথাযথ সমীকৰণ বীমাৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান ৷

প্ৰযুক্তিগত দিশৰ ওপৰত ইয়াত কোৱা হয় (Crop Cutting Experiments (CCEs) ৷ ইয়াৰ বাবে বীমা কোম্পানীসমূহে স্থানীয়ভাৱে আন্তঃগাঁথনি গঢ়ি তুলি তাত নিজৰ কৰ্মী নিয়োগ কৰাৰ লগতে দীৰ্ঘম্যাদী বিনিয়োগ দিশৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব যাতে তেওঁলোকৰ ব্যৱসায় চলি থাকে ৷ কৃষকক তেওঁলোকৰ দাবীসমূহ প্ৰদান কৰাৰ ক্ষেত্ৰত স্মাৰ্টফোন আৰু ৰিমট ছেনছিং ডিভাইছ ব্যৱহাৰ কৰি তথ্যসমূহ চোৱাচিতা কৰিব পাৰে ৷

সামগ্ৰিকভাৱে প্ৰধানমন্ত্ৰী ফচল বীমা যোঁজনাক ৰাজ্যসমূহৰ লগতে কৃষক আৰু বীমাকাৰীসকলৰ বাবে এখন বিশেষ আঁচনিত পৰিনত কৰাৰ বহুখিনি থল আছে ৷ কো-অপাৰেটিভ ফেডাৰেলিজিমত কেন্দ্ৰ আৰু ৰাজ্যই একেলগে কাম কৰি জিলা আৰু গাঁও পৰ্যায়ৰ এজেন্সিসমূহৰ দ্বাৰা ইয়াৰ কৰ্মদক্ষতা বৃদ্ধি কৰিব পৰা যাব ৷

তেলেগুভাষিক দুখনকৈ ৰাজ্যৰ কৃষকসকল যিহেতু উচ্চ হাৰে পাৰিৱেশিক আৰু অন্যান্য কাৰণত, ঘূৰ্ণী বতাহ, মাত্ৰাধিক হাৰে বৃষ্টিপাত, দীঘলীয়া শুষ্কতা আদিৰ বাবে প্ৰধানমন্ত্ৰী ফচল বীমা যোঁজনাৰ তুলনাত এখন শক্তিশালী বীমা আঁচনিৰ প্ৰয়োজন আছে ৷

যদিও প্ৰধানমন্ত্ৰী ফচল বীমা যোঁজনা এখন সুচল বীমা আঁচনি, ইয়াক অধিক স্বচ্ছতাৰে আৰু অধিক সূচলভাৱে প্ৰয়োগ কৰি কৃষকক ৰিস্কৰ পৰা আঁতৰত ৰাখিবলৈ চেষ্টা কৰাটো জৰুৰী হৈ পৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.