ETV Bharat / bharat

Money Laundering case : ২১ জুলাইত ই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ ছোনিয়া গান্ধীক - ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেড

কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক প্ৰথমে ৮ জুনত EDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰা হৈছিল যদিও তেওঁৰ দেহত Covid পজিটিভ ধৰা পৰাৰ পিছত ২৩ জুনৰ বাবে চমন জাৰি কৰা হৈছিল (ED summons Sonia Gandhi)। তেওঁৰ পুত্ৰ তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক ৫ দিনত ৫০ ঘণ্টাৰো অধিক সময় ধৰি এই গোচৰৰ সন্দৰ্ভত সংস্থাটোৱে সোধা-পোছা কৰিছে (ED interrogates Rahul Gandhi) । নেশ্যনেল হেৰাল্ড কাকতৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত সোধা-পোছা কৰা হৈছে গান্ধী পৰিয়ালক ৷

Money Laundering case
Money Laundering case
author img

By

Published : Jul 11, 2022, 8:21 PM IST

নিউজ ডেস্ক, 11 জুলাই: নেশ্যনেল হেৰাল্ড কাকতৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত সোধা-পোছাৰ বাবে ২১ জুলাইত কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীক প্ৰৱৰ্তক সঞ্চালকালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ (Money laundering case against Sonia Gandhi)৷ যোৱা মাহত স্বাস্থ্যজনিত অৱস্থাৰ বাবে সংস্থাটোৰ সন্মুখত হাজিৰ হ’ব নোৱাৰাৰ পিছত সোমবাৰে বিষয়াসকলে এই নিৰ্দেশ প্ৰদান কৰে । গান্ধীয়ে ২৩ জুনত দিয়া চমন চাৰি সপ্তাহ পিছুৱাই দিবলৈ অনুৰোধ জনাইছিল আৰু সেয়েহে ২১ জুলাইত সংস্থাটোৰ সন্মুখত তেওঁক হাজিৰ হ’বলৈ কোৱা হৈছে (ED summons Sonia Gandhi)।

কংগ্ৰেছ সভানেত্ৰীগৰাকীক প্ৰথমে ৮ জুনত হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰা হৈছিল যদিও তেওঁৰ দেহত Covid পজিটিভ ধৰা পৰাৰ পিছত ২৩ জুনৰ বাবে চমন জাৰি কৰা হৈছিল । তেওঁৰ পুত্ৰ তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক ৫ দিনত ৫০ ঘণ্টাৰো অধিক সময় ধৰি এই গোচৰৰ সন্দৰ্ভত সংস্থাটোৱে সোধা-পোছা কৰিছে (ED interrogates Rahul Gandhi)।

নেশ্যনেল হেৰাল্ড কাকতৰ মালিকানাধীন কংগ্ৰেছৰ দ্বাৰা প্ৰচাৰিত ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেডত সংঘটিত আৰ্থিক অনিয়মৰ সৈতে জড়িত এই অভিযোগৰ তদন্ত কৰি আছে ইডিয়ে । যোৱা বছৰৰ শেষৰ ফালে ইডিয়ে ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ (পিএমএলএ) অপৰাধমূলক ধাৰাসমূহৰ অধীনত গোচৰ দাখিল কৰাৰ পিছতে গান্ধী পৰিয়ালৰ সদস্যসকলক সোধা-পোছা কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

ইয়াৰ পিছতে ইয়াত এখন বিচাৰ আদালতে ইয়ং ইণ্ডিয়ানৰ বিৰুদ্ধে আয়কৰ বিভাগৰ তদন্তৰ প্ৰতিবেদন গ্ৰহণ কৰিছে ৷ ২০১৩ চনত বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে দাখিল কৰা ব্যক্তিগত অপৰাধমূলক অভিযোগৰ ভিত্তিত এই তদন্ত কৰা হৈছিল ।

ইয়ং ইণ্ডিয়ানৰ প্ৰম’টাৰ আৰু সংখ্যাগৰিষ্ঠ শ্বেয়াৰহোল্ডাৰৰ ভিতৰত আছে ছোনিয়া আৰু ৰাহুল গান্ধী । পুত্ৰৰ দৰেই কংগ্ৰেছ সভানেত্ৰীৰো কোম্পানীটোত ৩৮ শতাংশ শ্বেয়াৰহোল্ডিং আছে । সুব্ৰমণিয়াম স্বামীয়ে গান্ধী আৰু আনসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি ধনৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰিছিল ৷ য’ত ইয়ং ইণ্ডিয়ানে মাত্ৰ ৫০ লাখ টকা দি কংগ্ৰেছৰ ওচৰত এছ’চিয়েটেড জাৰ্নেলছ লিমিটেডে ৯০.২৫ কোটি টকা আদায়ৰ অধিকাৰ লাভ কৰিছিল ।

বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দিল্লী উচ্চ ন্যায়ালয়ে ভাৰতীয় জনতা পাৰ্টীৰ নেতাগৰাকীৰ আবেদন সন্দৰ্ভত গান্ধী পৰিয়ালৰ সদস্যসকলৰ উত্তৰৰ বাবে জাননী জাৰি কৰিছিল ৷ বিচাৰ আদালতৰ সন্মুখত এই বিষয়ত প্ৰমাণৰ নেতৃত্ব দিবলৈ বিচাৰিছিল । কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গে আৰু পৱন বনছালকো এপ্ৰিল মাহত ইডিয়ে সোধা-পোছা কৰিছিল । কংগ্ৰেছে কেন্দ্ৰক তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ কৰি বিৰোধী নেতাসকলক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু বিষয়টোৰ সমগ্ৰ ব্যৱস্থাটোৰ কাৰণ “ৰাজনৈতিক প্ৰতিশোধ” বুলি অভিহিত কৰিছে ।

লগতে পঢ়ক : Vijay Mallya sentenced to four months in jail: আদালত অৱমাননাৰ গোচৰত বিজয় মালিয়াক চাৰি মাহৰ কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.