ETV Bharat / bharat

Delhi liquor scam update : ED ৰ চাৰ্জ শ্বীটত প্ৰথমবাৰৰ বাবে মনীষ চিছ’দিয়াৰ নাম, 2000 পৃষ্ঠাৰ চাৰ্জ শ্বীট দাখিল

author img

By

Published : May 5, 2023, 8:14 AM IST

দিল্লী সুৰা কেলেংকাৰীৰ ED গোচৰত প্ৰথমবাৰৰ বাবে অভিযোগনামাত প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ নাম প্ৰকাশ পাইছে (Delhi liquor scam)৷ বৃহস্পতিবাৰে ED য়ে দাখিল কৰা 2000 পৃষ্ঠাৰ পৰিপূৰক অভিযোগনামাত তেওঁক মাষ্টাৰমাইণ্ড হিচাপে অভিহিত কৰা হৈছে ।

Delhi liquor scam update
ED গোচৰত প্ৰথমবাৰৰ বাবে অভিযোগনামাত প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ নাম

নেশ্যনেল ডেস্ক, 5 মে’ : দিল্লী সুৰা কেলেংকাৰীৰ সৈতে জড়িত প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বিৰুদ্ধে বৃহস্পতিবাৰে বলবৎকাৰী সঞ্চালকালয়ে 2000 পৃষ্ঠাৰ পৰিপূৰক অভিযোগনামা দাখিল কৰে (ED filed a supplementary charge-sheet of 2000 pages against former Deputy CM Manish Sisodia) ।

চাৰ্জশ্বীটৰ মাষ্টাৰমাইণ্ড হিচাপে তেওঁক অভিহিত কৰা হৈছে । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে চিছ’দিয়াই ইডি গোচৰত দিল্লী উচ্চ ন্যায়ালয়ত অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন দাখিল কৰিছিল (Delhi High Court in ED case)। দুপৰীয়া এই কথা শুনানি গ্ৰহণ কৰাৰ পিচত আদালতে ইডিক এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰে । জানিব পৰা মতে, জামিনৰ পৰৱৰ্তী শুনানি হ’ব 11 মে’ত ।

ইফালে, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই অসুস্থ পত্নীৰ যত্ন ল’বলৈ অন্তৱৰ্তীকালীন জামিন বিচাৰিছিল ৷ কিন্তু চিছ’দিয়াৰ এই আবেদনৰ বিৰোধিতা কৰি চিবিআইয়ে ইতিমধ্যে চিকিৎসালয়ৰ পৰা চিছ’দিয়াৰ অসুস্থ পত্নীক ৰিলিজ দিয়া হৈছে বুলি দাবী কৰে (CBI opposed the plea by Manish Sisodia seeking interim bail)।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই জনোৱা মতে, চিছ’দিয়াৰ পত্নীক ইতিমধ্যে চিকিৎসালয়ৰ পৰা ৰিলিজ কৰি দিয়া হৈছে যদিও তেওঁৰ অন্তৱৰ্তীকালীন জামিন আবেদনত এই সন্দৰ্ভত কোনো তথ্য উল্লেখ কৰা হোৱা নাই । ডিচচাৰ্জ মেমো অনুসৰি চিছ’দিয়াৰ পত্নী পূৰ্বতকৈ অৱস্থাৰ উন্নতি হৈছে ৷

অৱশ্যে চিছ’দিয়াৰ অধিবক্তা দীনেশ কুমাৰ শৰ্মাই দাবী কৰে যে চিছ’দিয়াৰ পত্নীৰ স্বাস্থ্য সম্পৰ্কীয় সকলো তথ্য ডিচচাৰ্জ মেমোখনত উল্লেখ নাই ৷ কিয়নো অতি জৰুৰীভাৱে ডিচচাৰ্জ মেমোখন তালিকাভুক্ত কৰা হৈছিল বাবে চিছ’দিয়াৰ পত্নীৰ স্বাস্থ্য সম্পৰ্কীয় সকলো তথ্য আদালতৰ সন্মুখত ৰখা নথিখনত উল্লেখ কৰা হোৱা নাই ৷

তেওঁ আৰু কয় যে চিছ’দিয়াৰ পত্নীক অহৰহ স্বাস্থ্য যত্নৰ প্ৰয়োজন আছে । পত্নীৰ যত্ন লোৱাটো প্ৰতিজন স্বামীৰ কৰ্তব্য বুলিও ন্যায়াধীশ মৌখিকভাৱে উল্লেখ কৰে দীনেশ কুমাৰ শৰ্মাই ৷

লগতে পঢ়ক : Delhi Liquor Scam : দিল্লী আবকাৰী কেলেংকাৰীৰ পৰিপূৰক অভিযোগনামাত ৰাঘৱ চাড্ডাৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.