ETV Bharat / bharat

ED arrests : ৰেচন কেলেংকাৰীৰ সন্দৰ্ভত মন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 12:43 PM IST

Updated : Oct 27, 2023, 1:40 PM IST

পুনৰ ইডিৰ জালত পৰিল পশ্চিমবংগৰ মন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিক ৷ মন্ত্ৰীগৰাকীৰ চল্ট লেকৰ বাসগৃহত প্ৰায় 21 ঘণ্টাৰ তালাচী চলোৱাৰ লগতে সোধা-পোছাৰ পিচত বৃহস্পতিবাৰে মাজনিশা ইডিয়ে গ্ৰেপ্তাৰ কৰে মল্লিকক ।

ED arrests
ৰেচন কেলেংকাৰীৰ সন্দৰ্ভত মন্ত্ৰী জ্যোতিপ্ৰিয়া মালিকক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, 27 অক্টোবৰ : পশ্চিমবংগৰ তদানীন্তন খাদ্য বিভাগৰ মন্ত্ৰী তথা বৰ্তমানৰ বনমন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিকক বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ প্ৰৱৰ্তন সঞ্চালয়ক (ED) ৰ । মন্ত্ৰীগৰাকীৰ চল্ট লেকৰ বাসগৃহত প্ৰায় 21 ঘণ্টাৰ তালাচী চলোৱাৰ লগতে সোধা-পোছাৰ পিচত মাজনিশা ইডিয়ে গ্ৰেপ্তাৰ কৰে মল্লিকক । ইফালে মন্ত্ৰীগৰাকীয়ে গ্ৰেপ্তাৰ হোৱাৰ পিচত ইডি কাৰ্যালয়ত প্ৰৱেশ কৰাৰ পূৰ্বে সদৰী কৰে যে, তেওঁ ষড়যন্ত্ৰৰ বলি হৈছে ৷

মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে বৃহস্পতিবাৰে ইডিয়ে পুৱা 6.30 বজাৰ পৰা বিচি চল্ট লেকত থকা মন্ত্ৰীগৰাকীৰ 244 আৰু 245 নম্বৰৰ বাসগৃহত দীঘলীয়া অনুসন্ধান অভিযান আৰম্ভ কৰে । মন্ত্ৰীজনক অৱশেষত পুৱা 3.22 বজাত বাসগৃহৰ পৰা চিজিঅ' কমপ্লেক্সৰ ইডি কাৰ্যালয়লৈ লৈ অনা হৈছিল ।

ইফালে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে মন্ত্ৰীজনৰ বাসগৃহত হোৱা তালাচীৰ কথা সদৰী কৰিছিল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় সংস্থাটোৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

আনহাতে, বিগত বৰ্ষত তদানীন্তন ৰাজ্যিক মন্ত্ৰী পাৰ্থ চেটাৰ্জীক দীঘলীয়া জেৰাৰ পিচত শিক্ষা খণ্ডত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল । গ্ৰেপ্তাৰ হোৱাৰ পিচত, তেওঁৰ ঘনিষ্ঠ বন্ধু অৰ্পিতা মুখাৰ্জীৰ দুটা ফ্লেটৰ পৰা কেইবা কোটি টকা উদ্ধাৰ কৰা হৈছিল ৷ মন্ত্ৰী পাৰ্থ চেটাৰ্জী গ্ৰেপ্তাৰ হোৱাৰ পিচত, টিএমচিয়ে তেতিয়াৰ দলৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে । তেওঁক দলৰ পদৰ পৰাও বহিস্কাৰ কৰা হৈছিল।

আনকি মন্ত্ৰী চেটাৰ্জীকো মন্ত্ৰীসভাৰ পৰা বহিস্কাৰ কৰা হৈছিল ৷ কেন্দ্ৰীয় তদন্ত সংস্থাসমূহে বিভিন্ন গোচৰত ৰাজ্যসমূহৰ আন আন কিছু মন্ত্ৰীৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছিল ৷ শেহতীয়াকৈ, ৰাজ্যিক মন্ত্ৰী ৰথিন ঘোষৰ বাসগৃহতো কেন্দ্ৰীয় তদন্ত সংস্থাৰ এটা অভিযানকাৰী দলে তালাচী চলাইছিল। এনে পৰিস্থিতিত, টিএমচিৰ আন এজন শীৰ্ষ নেতা আৰু মন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিকক গ্ৰেপ্তাৰ কৰে ED এ ৷

লগতে পঢ়ক: Boyfriend killed his girlfriend : অন্য যুৱকৰ সৈতে বিয়া ঠিক হোৱাৰ বাবেই প্ৰেমিকে হত্যা কৰিলে প্ৰেমিকা

Last Updated : Oct 27, 2023, 1:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.