ETV Bharat / bharat

ক'ভিড ১৯ ৰ সংক্ৰমণ: আৰ্থিক সকাহসমূহ যথেষ্ট নহয়

author img

By

Published : May 12, 2021, 12:05 PM IST

যোৱা বছৰৰ লক ডাউনে দেশৰ অসংগঠিত খণ্ডত কাম কৰি থকা বনুৱা সকলৰ জীৱন জীৱিকাৰ ওপৰত আঘাত কৰিছিল । যদিও এই বনুৱা সকলৰ কিছুমানে কম আয়ৰ কৰ্ম সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে, ইয়াৰ পাচতো বহু সংখ্যক তেনে বনুৱা এতিয়াও কৰ্মহীন হৈয়ে আছে । ফলত এই লোক সকলৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈ গৈ আছে ।

Economic stimulus remains inadequate
ক'ভিড ১৯ ৰ সংক্ৰমণ: আৰ্থিক সকাহ সমূহ যথেষ্ট নহয়

আমাৰ দেশত ক'ভিড ১৯ ৰ সংক্ৰমণ ঘনাই বঢ়াৰ ফলত আৰু প্ৰায় ৪ লাখ লোক নতুনকৈ সংক্ৰমিত হোৱাৰ পিছত ইয়াৰ প্ৰভাৱ বিভিন্ন খণ্ডত পৰা পৰিলক্ষিত হৈছে আৰু ই অৰ্থনৈতিকভাৱে দেশক অধিক ক্ষতিৰ সন্মুখীন কৰাইছে । তাৰোপৰি চাকৰি, জীৱিকা তথা ব্যৱসায় প্ৰতিষ্ঠান সমূহ বন্ধ হোৱাৰ ফলত দেশৰ বহু লোক তথা তেওলোকৰ পৰিয়ালৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিছে । বিভিন্ন খণ্ডৰ উচ্চ পদত অধিষ্ঠিত লোক সকলৰ চাকৰি তথা জীৱিকাৰ সেই প্ৰতিষ্ঠান সমূহ বন্ধ হোৱাৰ ফলত তেওঁলোক সৰু অথবা নিম্ন আয়ৰ জীৱিকাৰ ফালে গতি কৰিবলগীয়া হৈছে আৰু বহুজনে জীৱিকাৰ পৰা বঞ্চিত হৈ ভোক আৰু দুৰৱস্থাৰ লগত সংগ্ৰাম কৰিবলগীয়া হৈছে ।

সৰু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ সমূহে কেন্দ্ৰীয় চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰত ঘোষণাৰ পৰা যথেষ্ট খিনি আশা কৰিছিল যদিও সেইয়া তেওঁলোকৰ বাবে খুব লাভজনক নহ'ল আৰু এনে বহু ক্ষুদ্ৰ, সৰু আৰু মজলীয়া উদ্যোগ সমূহ বন্ধ হোৱাৰ উপক্ৰম হৈছে । চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক'নমি নামৰ সংস্থাটোৱে তেওঁলোকৰ এক শেহতীয়া প্ৰতিবেদনত স্পষ্ট কৰিছে যে, দেশৰ নগৰীয়া অঞ্চল সমূহত নিবনুৱাৰ হাৰ ৭.১৩ শতাংশলৈ বৃদ্ধি পাইছে আৰু গ্ৰাম্যাঞ্চলত এই নিবনুৱাৰ হাৰ ৯.৭৮ শতাংশলৈ বৃদ্ধি হৈছে ।

খুচুৰা ব্যৱসায় খণ্ড যিয়ে দেশৰ ৫ কোটি লোকক সংস্থাপন দিয়ে, সেই খুচুৰা ব্যৱসায় খণ্ড এতিয়া এক ডুবন্ত জাহাজ । ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা যদিও বহুখিনি সকাহ মূলক পেকেজ দিয়া হৈছিল, কিন্তু ক'ভিডৰ দ্বিতীয় লানি সংক্ৰমণৰ পাচত সেয়া বৰ আশাব্যঞ্জক হোৱা পৰিলক্ষিত হোৱা নাই । ব্যৱসায়ৰ গতি আৰু অধিক নিম্নগামী হোৱাৰ বাবে যদিও বেংকে ঋণ সমূহৰ কিস্তি আৰু বেছি সময়লৈ বৃদ্ধি কৰিছে তথাপিও ই বৰ বেছি সহায়ক হোৱা পৰিলক্ষিত হোৱা নাই ।

ক্ষুদ্ৰ, সৰু আৰু মজলীয়া উদ্যোগ সমূহে যদিও সমগ্ৰ দেশত ১২ কোটি নিযুক্তি সৃষ্টি কৰিব পাৰে তথাপি এই খণ্ড সমূহ বিভিন্ন সমস্যা, যেনে পুঁজিৰ নিশ্চয়তাৰ অভাৱ, পুৰণা ঋণৰ ওপৰত জমা হোৱা সূদৰ বোজা আৰু চৰকাৰী খণ্ডত থকা বকেয়া অনাদায়ৰ দ্বাৰা সমস্যা জৰ্জৰ হৈ আছে । এই সমস্যা সমূহৰ পৰা উদ্ধাৰ হ'ব পৰিলেহে এই ক্ষুদ্ৰ উদ্যোগ সমূহ বাচি থাকিব ।

যোৱা বছৰৰ লক ডাউনে দেশৰ অসংগঠিত খণ্ডত কাম কৰি থকা বনুৱা সকলৰ জীৱন জীৱিকাৰ ওপৰত আঘাত কৰিছিল । যদিও এই বনুৱা সকলৰ কিছুমানে কম আয়ৰ কৰ্ম সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে, ইয়াৰ পাচতো বহু সংখ্যক তেনে বনুৱা এতিয়াও কৰ্মহীন হৈয়ে আছে । ফলত এই লোক সকলৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈ গৈ আছে ।

কেন্দ্ৰীয় বাজেটেও চহৰীয়া অঞ্চলত থকা এই লোক সকলৰ বাবে দাবী কৰা নিয়োগ আঁচনিৰ ওপৰত কোনো গুৰুত্ব দিয়া পৰিলক্ষিত নহ'ল । মধ্য প্ৰদেশৰ চৰকাৰে কিন্তু এনে এক আঁচনি দুবছৰ আগতেই ঘোষণা কৰি কাৰ্যকৰী কৰিছে । আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ এক সমীক্ষা আৰু প্ৰতিবেদনত এনে আঁচনিৰ কথা কোৱা হৈছে যি প্ৰায় ৫ কোটি লোকক ভ'কেচনেল ট্ৰেইনিঙৰ জৰিয়তে জীৱিকাৰ উপায় দিব পাৰে । এনে আঁচনিয়ে যুৱক-যুৱতী সকলক কৰ্ম সংস্থাপনৰ বাবে সহায় কৰি দেশৰ সামগ্ৰিক উন্নতি সাধিব পাৰে ।

চৰকাৰৰ ৮০ কোটি কৰ্ম সংস্থাপনহীন লোকক ৫ কিলোগ্ৰামকৈ ৰেচন আৰু খাদ্য সামগ্ৰী যোগান ধৰাৰ আঁচনিখন যথেষ্ট ফলপ্ৰসু হোৱা দেখা গৈছে । কিন্তু একে সময়তে চৰকাৰে সুনিশ্চিত কৰিব লাগিব যে সঁচাকৈ কৰ্ম সংস্থাপনহীন সকলেহে যাতে ইয়াৰ সুফল লাভ কৰে । মানুহৰ ভোকৰ জুই নুমুৱাবলৈ অকল কৰ্ম সংস্থাপনহীনতা ৰোধ কৰাৰ বাবে আঁচনি ল’লেই নহ'ব । লগতে নতুনকৈ জীৱিকা তথা সংস্থাপন সৃষ্টিৰ বাবেও অধিক গুৰুত্ব দিব লাগিব ।

লগতে পঢ়ক- ত্ৰিপুৰাৰ শান্তিৰ বজাৰত বাওঁমৰ্চাৰ প্ৰতিনিধিৰ দলক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.