ETV Bharat / bharat

Odisha bye election 2022 : ১৩ জুনত ওড়িশাত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ উপ-নিৰ্বাচন

author img

By

Published : May 14, 2022, 1:05 PM IST

ওড়িশাত খালী হৈ থকা ৰাজ্যসভাৰ এখন আসনৰ বাবে অহা ১৩ জুনত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন (Rajya Sabha bye election in Odisha)। প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰাৰ অন্তিম তাৰিখ ২ জুন । বিজেডি নেতা সুভাষ সিঙে শেহতীয়াকৈ সংসদৰ সদস্য পদৰ পৰা পদত্যাগ কৰাৰ পাছতে তেওঁৰ আসনখন খালী হৈ আছে ।

Odisha bye election 2022
১৩ জুনত ওড়িশাত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ উপ নিৰ্বাচন

নেশ্যনেল ডেস্ক,১৪ মে' : ওড়িশাত ৰাজ্যসভাৰ এখন আসন খালী হৈ আছে । বিজেডি নেতা সুভাষ সিঙে শেহতীয়াকৈ সংসদৰ সদস্য পদৰ পৰা পদত্যাগ কৰাৰ পাছতে তেওঁৰ আসনখন খালী হৈ পৰে । কটক পৌৰ নিগমৰ (CMC) মেয়ৰ হিচাপে নিৰ্বাচিত (Subhash Singh was elected as Mayor of CMC) হোৱাৰ পিছতে তেওঁ পদত্যাগ পত্ৰ প্ৰদান কৰে ।

ইফালে এই খালী আসনৰ উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে নিৰ্বাচন আয়োগে । সেই খালী আসনৰ বাবে ১৩ জুনত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন (Rajya Sabha bye election in Odisha)। শুকুৰবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে উপ-নিৰ্বাচনৰ সময়সূচী প্ৰকাশ কৰে (ECI issues notification for Rajya Sabha bye election in Odisha)।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সময়সূচী অনুসৰি নিৰ্বাচন সম্পৰ্কীয় জাননী ২৬ মে'ত জাৰী কৰা হ'ব । মনোনয়ন দাখিল কৰাৰ অন্তিম তাৰিখ হৈছে ২ জুন । ৩ জুনত মনোনয়নৰ পৰীক্ষা কৰা হ'ব । প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৬ জুন নিৰ্ধাৰণ কৰিছে নিৰ্বাচন আয়োগে । ১৩ জুনত পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

আনহাতে একেদিনাই হ'ব ভোটগণনা । নিৰ্বাচন আয়োগে ১৭ জুনৰ ভিতৰত সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছে । নিৰ্বাচন আয়োগে উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজতো আৰম্ভ হৈছে ব্যাপক ব্যস্ততা ।

লগতে পঢ়ক :Chardham Yatra : তীৰ্থ যাত্ৰাৰ পথত মৃত্যু 32 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.