ETV Bharat / bharat

Earthquake hits Manipur Ukhrul: প্ৰায় ৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল মণিপুৰ

৫.১ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল মণিপুৰৰ উখৰুল ৷ ৰাষ্ট্ৰীয় ভূমি কম্পবিজ্ঞান কেন্দ্ৰ (NSC)ৰ তথ্য অনুসৰি সোমবাৰে নিশা ১১.১ বজাত অনুভূত হয় এই ভূমিকম্প ৷

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 9:24 AM IST

Manipur's Ukhrul Earthquake
মণিপুৰৰ উখৰুলত ভূমিকম্প

নেশ্যনেল ডেস্ক, ১২ ছেপ্টেম্বৰ : সোমবাৰে নিশা হঠাৎ কঁপি উঠিল মণিপুৰ ৷ তথ্য অনুসৰি, সোমবাৰে নিশা ১১.১ বজাত মণিপুৰৰ উখৰুল জিলাত এক ভূমিকম্প অনুভূত হয় । ৰাষ্ট্ৰীয় ভূমি কম্পবিজ্ঞান কেন্দ্ৰ (NSC)ৰ তথ্য অনুসৰি এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.১ ৷

ভূমিৰ পৰা ২০ কিলোমিটাৰ গভীৰতাত সংঘটিত হয় এই ভূমিকম্প । ইফালে, ইয়াৰ পূৰ্বে সোমবাৰে পুৱতি নিশা বংগ উপসাগৰত ৪.৪ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছিল । ৭০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ উৎপত্তি স্থল বুলি উল্লেখ কৰিছে ভূমি কম্পবিজ্ঞান কেন্দ্ৰই ।

সকলোৰে জ্ঞাত যে, যোৱা ৮ ছেপ্টেম্বৰত নিশা ১১:১৫ বজাত মৰক্কোত এক ভয়াৱহ ভূমিকম্পৰ ঘটনা সংঘটিত হৈছিল । শেহতীয়া তথ্য অনুসৰি, এই ভূমিকম্পত ২৮০০ ৰো অধিক লোকৰ মৃত্যু হৈছে । লগতে আহত হৈছে সহস্ৰাধিক লোক ৷ আনুমানিক ডেৰ হাজাৰৰো অধিক লোক আহত হৈছে মৰক্কোৰ ভূমিকম্পত ৷ ইফালে প্ৰতি মুহূৰ্ততে বৃদ্ধি পাইছে মৰক্কোৰ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ।

মৰক্কোত হোৱা ভূমিকম্পৰ ফলত হুৰা-হুৰে খহি পৰিছিল বহু অট্টালিকা ৷ এই অট্টালিকা খহি পৰাৰ ফলতে বহু লোকে মৃত্যু মুখত পৰে । এই ভূমিকম্পৰ ফলত অধিকাংশ ক্ষতি হৈছে এটলাছ পৰ্বতৰ উপত্যকাত অৱস্থিত গাঁওসমূহত । ভূমিকম্পৰ ফলত পাহাৰৰ ডাঙৰ ডাঙৰ শিল ভাঙি নামি আহি গাঁওসমূহত বিস্তৰ ক্ষতিসাধন কৰে । অৱশ্যে বৰ্তমান যুদ্ধৰ ভিত্তিত অব্যাহত আছে সাহায্য অভিযান ।

আনহাতে, ৬ ফেব্ৰুৱাৰীত তুৰ্কিয়ে বিধ্বংসী ভূমিকম্পৰ সৃষ্টি হৈছিল । এই ভূমিকম্পৰ সৰ্বোচ্চ প্ৰাবল্য আছিল ৭.৮ আৰু ৪৫ হাজাৰৰো অধিক লোকে মৃত্যু মুখত পৰিছিল ৷ ৰাষ্ট্ৰপতি ৰেচেপ এৰদোগানৰ মতে, এই ভূমিকম্পৰ ফলত ১০৪ বিলিয়ন ডলাৰৰ লোকচান হৈছিল ।

লগতে পঢ়ক : Earthquake hits Morocco : ভূমিকম্পত নিহত 2 হাজাৰৰো অধিক; সহায় আগবঢ়াবলৈ সাজু ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.