ETV Bharat / bharat

একেৰাহে চতুৰ্থ দিনাও জম্মুৰ আকাশত উৰিল সন্দেহজনক ড্ৰোণ - বিস্ফোৰণ

বায়ু সেনাৰ ঘাটিত ড্ৰোণেৰে দুটাকৈ বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতো জম্মু-কাশ্মীৰ(Jammu-Kashmir)ৰ আকাশত দেখা গৈছে সন্দেহজনক ড্ৰোণ(Drone) । জম্মু-কাশ্মীৰৰ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ চাৰিওফালে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে । ধাৰাবাহিকভাৱে চতুৰ্থ দিনা জম্মুৰ আকাশত প্ৰত্যক্ষ কৰা হৈছে সন্দেহজনক ড্ৰোণ ।

Drones were spotted at three separate places in Jammu
একেৰাহে চতুৰ্থ দিনাও জম্মুৰ আকাশত উৰিল সন্দেহজনক ড্ৰোণ
author img

By

Published : Jun 30, 2021, 5:49 PM IST

নেশ্যনেল ডেস্ক, ৩০ জুন : এক ভয়াৱহ বিপদৰ সংকেত দিছে জম্মু-কাশ্মীৰৰ আকাশত সঘনাই উৰি থকা ড্ৰোণে । বুধবাৰেও জম্মুৰ আকাশত উৰিছে সন্দেহজনক ড্ৰোণ । এয়াই প্ৰথম নহয়, একেৰাহে চতুৰ্থ দিনা জম্মুৰ আকাশত দেখা গৈছে ড্ৰোণ । এয়া ভাৰতীয় ড্ৰোণ নহয় । কোনে, কি উদ্দেশ্যেৰে ড্ৰোণ উৰুৱাইছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

বুধবাৰে জম্মুৰ মিৰান চাহিব, কালুচাক আৰু কুঞ্জৱানী অঞ্চলত ড্ৰোণ উৰি থকা দেখা গৈছে । বুধবাৰে পুৱা প্ৰায় ৪.৪০ বজাত কালুচাকত ড্ৰোণ সদৃশ বস্তু ঘূৰি থকা দেখা গৈছিল । জম্মুৰ কুঞ্জৱানী অঞ্চলতো বায়ু সেনা ষ্টেচনৰ চিগনেলৰ ওচৰত পুৱা ৪.৫২ বজাত আন এখন ড্ৰোণ দেখা পোৱা গৈছিল ।

সামৰিক শিবিৰ ওচৰত ড্ৰোণ উৰি থকা পৰিলক্ষিত হৈছিল । যোৱা চাৰি দিনত, জম্মুৰ সামৰিক শিবিৰৰ চাৰিওফালে প্ৰায় ৭ খন ড্ৰোণ দেখা পোৱা গৈছে বুলি এক বিশেষ সূত্ৰই জানিবলৈ দিছে । যোৱা ২৭ জুনত বায়ু সেনা বাহিনীৰ ঘাটিৰ কাৰিকৰী এলেকাত হোৱা দুটা বিস্ফোৰণ সংঘটিত হয় ।

ড্ৰোণেৰে বোমা দলিয়াই এই বিস্ফোৰণ সংঘটিত কৰা বুলি দাবী কৰিছে বায়ু সেনা বাহিনীয়ে । এটা বিস্ফোৰণৰ ফলত এটা অট্টালিকা সামান্য ক্ষতিগ্ৰস্ত হৈছিল আৰু আনটো বিস্ফোৰণ মুকলি ঠাইত সংঘটিত হৈছিল । এই বিস্ফোৰণত বায়ু সেনাৰ দুগৰাকী বিষয়া আহত হয় ।

সোমবাৰে নিশাও কুঞ্জৱানী অঞ্চলত সন্দেহজনক ড্ৰোণ দেখা পোৱা গৈছিল । ইয়াৰ পূৰ্বে জম্মুৰ ৰতনচুক-কালুচাক সামৰিক কেন্দ্ৰত ড্ৰোণেৰে আক্ৰমণ কৰা চেষ্টা চলোৱা হৈছিল যদিও সেয়া বিফল হয় । প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰাও এই কথা নিশ্চিত কৰা হৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰাৰ পাছতে পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতৰ আকাশত একেৰাহে ড্ৰোণ উৰুৱাই আতংকিত কৰাৰ প্ৰয়স কৰি আছে ৷ সন্ত্ৰাসবাদীয়ে সঘনাই এনেদৰে ড্ৰোণেৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰি থকা ঘটনাই এতিয়া শংকিত কৰিছে সেনা বাহিনীৰ লগতে স্থানীয় লোকসকলক ।

লগতে পঢ়ক : তেজপুৰত কৃষি বিভাগৰ বিৰুদ্ধে কিয় সৰৱ কৃষক ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.