ETV Bharat / bharat

পঞ্জাৱৰ ভাৰত-পাক সীমান্তত ড্ৰোণ প্ৰত্যক্ষ কৰাৰ পাছতে সতৰ্কতা জাৰি - পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং

বৃহস্পতিবাৰে পুনৰ পঞ্জাৱ(Punjab)ৰ ভাৰত-পাকিস্তান সীমান্তত উৰিল ড্ৰোণ(Drone) । উক্ত ড্ৰোণখনলৈ লক্ষ্য কৰি গুলীচালনা কৰে সীমান্ত সুৰক্ষা বল(BSF)ৰ জোৱানে । কিন্ত ড্ৰোণখনলৈ পাকিস্তানলৈ উভতি যায় ।

Drones spotted along Indo Pak border in Punjab
পঞ্জাৱৰ ভাৰত পাকিস্তান সীমান্তৰ আকাশত উৰিছে ড্ৰোণ
author img

By

Published : Sep 17, 2021, 10:47 AM IST

নেশ্যনেল ডেস্ক, ১৭ ছেপ্টেম্বৰ : পাকিস্তানে ভাৰতৰ আকাশত ড্ৰোণ উৰুৱাই ভাবুকি দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে । জম্মু-কাশ্মীৰৰ ভাৰত-পাক সীমান্তই হওক অথবা পঞ্জাৱৰ সীমান্ত হওক পাকিস্তানৰ সন্দেহজনক ড্ৰোণ উৰিয়েই আছে । বৃহস্পতিবাৰে পুনৰ পঞ্জাৱৰ ভাৰত-পাকিস্তান সীমান্তত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত এখন সন্দেহজনক ড্ৰোণ প্ৰত্যক্ষ কৰা হয় । নিয়ন্ত্ৰণ ৰেখাৰ সমীপত বহু সময় ধৰি উৰি আছিল ড্ৰোণখন ।

ইয়াৰ পাছতে সীমান্ত সুৰক্ষা বাহিনীৰ দশম বেটেলিয়নে ড্ৰোণখনলৈ লক্ষ্য কৰি গুলীচালনা কৰে । আনহাতে, যোৱা ৪০ দিনত চাৰিটাকৈ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পাছত পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে ড্ৰোণ আক্ৰমণ সন্দৰ্ভত সতৰ্কতা জাৰি কৰে । শেহতীয়াকৈ, পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধানে আজনালা পেট্ৰ'ল পাম্পত সংঘটিত হোৱা বিস্ফোৰণৰ বিষয়ে প্ৰসংগ উত্থাপন কৰি পাকিস্তানক ড্ৰোণ আক্ৰমণৰ বাবে জগৰীয়া কৰে আৰু কয় যে, ‘ৰাজ্যখনৰ পৰিৱেশ অস্থিৰ কৰি তোলাৰ বাবে পাকিস্তানে দীৰ্ঘদিন ধৰি প্ৰচেষ্টা চলাই আহিছে ।’

উল্লেখ্য যে, ড্ৰোণ ব্যৱহাৰ কৰি সীমান্তত অস্ত্ৰ-শস্ত্ৰ তললৈ পেলোৱাৰ ঘটনাও সংঘটিত হৈছে । এতিয়ালৈকে কোনো বিষয়াই এই ঘটনা সন্দৰ্ভত নিশ্চিত তথ্য প্ৰকাশ কৰা নাই । সম্প্ৰতি নিৰাপত্তা বাহিনী আৰু অনুসন্ধানকাৰী দলে অঞ্চলটোত তদন্ত অব্যাহত ৰাখিছে ।

যোৱা ১৩ ছেপ্টেম্বৰত পুৱতি নিশা ভাৰত-পাক সীমান্তৰ ভৰোপাল গাঁৱত ড্ৰোণৰ জৰিয়তে দুটা খালী বাকচ তললৈ পেলাই দিয়া হৈছিল । এই ঘটনাৰ পিছত নিৰাপত্তা বাহিনী আৰু চোৰাংচোৱা সংস্থাসমূহক সতৰ্ক কৰি দিয়া হৈছিল । লগতে গাঁওখনত পঞ্জাৱ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বলে যুটীয়াভাৱে অভিযান চলায় । আনহাতে, জম্মু-কাশ্মীৰৰ ভাৰত-পাক সীমান্তৰ বিভিন্ন স্থানত বিগত দিনবোৰ সন্দেহজনক ড্ৰোণ উৰি থকা প্ৰত্যক্ষ কৰা হৈছে ।

লগতে পঢ়ক:Delhi riots : পাঁচ অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.