ETV Bharat / bharat

Maoist arrested : ঝাৰখণ্ড আৰক্ষীৰ জালত দুৰ্ধৰ্ষ মাওবাদী প্ৰদীপ মণ্ডল - Most wanted maoist arrested

প্ৰদীপ মণ্ডল ওৰফে ডাক্তৰক ঝাৰখণ্ড আৰক্ষীয়ে পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ কৰে (Maoist arrested in West Bengal)। ৫ গৰাকী আৰক্ষীক হত্যা কৰাৰ লগতে বহু অপৰাধজনিত ঘটনাত জড়িত আছিল মণ্ডল । NIA ৰ ৱান্টেড তালিকাত আছিল মণ্ডলৰ নাম ।

Maoist arrested
ঝাৰখণ্ড আৰক্ষীৰ জালত দুৰ্ধৰ্ষ মাওবাদী
author img

By

Published : Apr 9, 2023, 9:27 PM IST

নেশ্যনেল ডেস্ক,৯ এপ্ৰিল : ঝাৰখণ্ডত আৰক্ষীৰ মাওবাদী বিৰোধী অভিযান অব্যাহত আছে (Police operation against maoist)। তেনে এক অভিযানৰ মাজতে কুখ্যাত মাওবাদী প্ৰদীপ মণ্ডল ওৰফে ডাক্তৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Most wanted maoist arrested)। পশ্চিমবংগৰ পৰা ঝাৰখণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মাওবাদীটোক । মাওবাদীটোৰ বিৰুদ্ধে ৫ গৰাকী আৰক্ষীক হত্যা কৰাৰ অভিযোগ আছে । আনহাতে এনআইএৰ ৱান্টেড তালিকাতো আছে প্ৰদীপ মণ্ডলৰ নাম আৰু তেওঁৰ বিৰুদ্ধে ৫০ হাজাৰ টকাও ঘোষণা কৰা হৈছিল ।

ঝাৰখণ্ড আৰক্ষীৰ সূত্ৰই জনোৱা মতে তিৰুলদিহত ৫ গৰাকী আৰক্ষীক হত্যা আৰু অস্ত্ৰ লুণ্ঠনৰ সৈতে জড়িত প্ৰদীপ মণ্ডল । প্ৰদীপক পশ্চিমবংগৰ হুগলীৰ পৰা গ্ৰেপ্তাৰ কৰে ঝাৰখণ্ড আৰক্ষীয়ে । এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিতে মাওবাদীটোক গ্ৰেপ্তাৰ কৰা হয় (Jharkhand police arrest maoist in West Bengal)।

মণ্ডল ঝাৰখণ্ডৰ কোলহানত সক্ৰিয় আছিল আৰু বহুতো অপৰাধত জড়িত আছিল । মণ্ডল ঝাৰখণ্ডত এক ডজনৰো অধিক মাওবাদী গোচৰৰ সৈতে জড়িত আছিল । গালুদিহ, ঘাটশিলা, বৰাম, গুৰবন্ধা আৰু পাটমাদা আৰক্ষী থানাত প্ৰদীপ মণ্ডলৰ বিৰুদ্ধে বহুতো গোচৰ ৰুজু হৈ আছে । ২০১৯ চনৰ ১৪ জুনত ঝাৰখণ্ডৰ ছাৰাইকেলা খাৰচাৱানৰ তিৰুলদিহ আৰক্ষী থানাৰ অন্তৰ্গত কুক্ৰুহাট বজাৰত আৰক্ষীৰ বাহনত আক্ৰমণ কৰি ৫ গৰাকী আৰক্ষীক হত্যা কৰাৰ লগতে মাওবাদীয়ে অস্ত্ৰ-শস্ত্ৰ লুটি লৈ গৈছিল ।

মাওবাদীয়ে এই আক্ৰমণত কেৱল ৫ গৰাকী আৰক্ষীক হত্যা কৰাই নহয় ৭০ টা কাৰ্ট্ৰিজ আৰু ১০ টা মেগজিন লুটি লৈ গৈছিল । ধৃত প্ৰদীপ মণ্ডলো এই আক্ৰমণত জড়িত আছিল । পাছত, গোচৰটো ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ NIAক হস্তান্তৰ কৰা হয় । জানিব পৰা মতে ঝাৰখণ্ড আৰক্ষীৰ এটা দলে পশ্চিমবংগৰ পৰা প্ৰদীপ মণ্ডলক লৈ ৰাঁচী অভিমুখে ৰাওনা হৈছে । ইয়াৰ পাছত, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ দলেও প্ৰদীপ মণ্ডলক জেৰা চলাব ।

লগতে পঢ়ক :Naxalites Thrashed Traders : ছত্তীশগড়ত ব্যৱসায়ীক প্ৰহাৰ নক্সালবাদীৰ, নিহত ১

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.