ETV Bharat / bharat

জ্বলাবলৈ নহয় খাবৰ বাবে তৈয়াৰী কৰা হৈছে আতচবাজী ! - চকলেটৰ আতচবাজী

দীপাৱলীত আতচবাজী জ্বলোৱাটো নিষিদ্ধ ঘোষণা কৰিলেও মুম্বাই ভিত্তিক গৃহ বেকাৰ চাৰিকা চাহুৱে প্ৰস্তুত কৰি উলিওৱা চকলেটৰ আতচবাজী সকলোৱে উপভোগ কৰিব পাৰিব ৷ ৰকেট,চুটলি বম্ব ইত্যাদি হৈছে চাহুৱে প্ৰস্তুত কৰি উলিওৱা চকলেটৰ বিভিন্ন আকৃতি ৷

জ্বলাবলৈ নহয় খাবৰ বাবে তৈয়াৰী কৰা হৈছে আতচবাজী
জ্বলাবলৈ নহয় খাবলৈ তৈয়াৰী কৰা হৈছে এই আতচবাজী !
author img

By

Published : Nov 14, 2020, 2:10 PM IST

মুম্বাই, 14 নৱেম্বৰ: পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ প্ৰায় বহুকেইখন ৰাজ্যতে অন্যবাৰৰ দৰে দীপাৱলীত আতচবাজী জ্বলোৱাটো নিষিদ্ধ কৰাৰ মাজতে মুম্বাই মহিমৰ চাৰিকা চাহুৱে এক অগতানুগতিক চিন্তাৰে তৈয়াৰ কৰি উলিয়াইছে এনে আতচবাজী যিয়ে পৰিৱেশৰ কোনো ক্ষতি সাধন কৰে ৷ বিভিন্ন আতচবাজীৰ আকাৰ দি চাহুৱে তৈয়াৰ কৰি উলিয়াইছে সকলোৱে উপভোগ কৰিব পৰা লগতে আতচবাজী চকলেট ৷ সকলোৱে সোৱাদ ল'ব পাৰিব এই আতচবাজী চকলেটৰ ৷

সকলোৰে পৰিচিত কিছু আতচবাজী যেনে আনাৰ, চকৰি, ৰকেট, চুটলি বোমা, লক্ষ্মী বোমা ইত্যাদিৰ হুবহু নকল কৰি চাহুৱে আতচবাজী চকলেট সমূহ তৈয়াৰ কৰি উলিয়াইছে ৷ বিগত তিনি বছৰ ধৰি চাহুৱে এনেধৰণৰ চকলেট তৈয়াৰ কৰি আহিছে আৰু বিভিন্ন চহৰসমূহত বিক্ৰি কৰি আহিছে ৷

তেওঁ কয়, "বিগত তিনি বছৰ ধৰি দীপাৱলীৰ প্ৰায় 15 দিন পূৰ্বৰে পৰা মই ঘৰতে চকলেটৰ আতচবাজী তৈয়াৰ কৰি আহিছো ৷ আৰু বৰ্তমান মই দৈনিক 15 ৰ পৰা 20 কিলোগ্ৰাম চকলেটৰ আতচবাজী তৈয়াৰ কৰি আছো ৷ ক'ভিড অতিমাৰীৰ সময় হ'লেও এই চকলেটৰ আতচবাজীৰ চাহিদা যথেষ্ঠ ভাল ৷"

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মা শিয়াল আৰু বিজেপি শিয়ালৰ দলঃ হাগ্ৰামা মহিলাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.