ETV Bharat / bharat

Himachal Pradesh Flood : হিমাচলত শেহতীয়া বানত সামগ্ৰিক ক্ষতি ৪০০০ কোটিৰ

author img

By

Published : Jul 11, 2023, 4:13 PM IST

হিমাচলৰ দুৰ্যোগে জীৱন আৰু সম্পত্তিৰ যথেষ্ট ক্ষতি কৰিছে । এই বানত তিনি দিনত ২০ জন লোকে প্ৰাণ হেৰুৱাইছে । আনহাতে, ৰাজ্যখনত প্ৰায় ৮০০ কোটি টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ উপৰি ৰাজ্যখনৰ ১৪০০-তকৈও অধিক পানী প্ৰকল্প বন্ধ হৈছে । ভূমিস্খলন আৰু ধ্বংসাৱশেষৰ বাবে শ শ পথ বন্ধ হৈ আছে ।

Himachal Pradesh Flood
Himachal Pradesh Flood

নিউজ ডেস্ক, ১১ জুলাই : হিমাচল প্ৰদেশত প্ৰকৃতিৰ তাণ্ডৱ এতিয়াও অব্যাহত আছে । বিগত তিনিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণ বাবে ৰাজ্যখনত বান পৰিস্থিতিয়ে দেখা দিছে । পৰ্বতৰ পৰা সমভূমিলৈ এই বান পৰিস্থিতিৰ সৃষ্টি হৈছে । আনহাতে, পৰ্বতৰ পৰা নামি অহা পানীয়ে নিজৰ বুকুত যি পায় তাকে সাবটি তীব্ৰ সোঁতত বৈ গৈছে । এই বিপৰ্যয় বন্ধ হোৱাৰ যেন নামেই লোৱা নাই । ইফালে বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ২৪ ঘণ্টাত ধাৰাসাৰ বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে । যাৰ বাবে ৰাজ্যৰ বহু ঠাইত পুনৰ ৰেড এলাৰ্ট আৰু য়েল্ল' এলাৰ্ট জাৰি কৰিছে । এনে পৰিস্থিতিত ধাৰাসাৰ বৰষুণৰ ফলত হিমাচলত অধিক ক্ষতি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইফালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে কৈছে যে এতিয়ালৈকে সামগ্ৰিকভাৱে ৰাজ্যখনত ৪০০০ কোটি টকাৰ লোকচান হৈছে ।

হিমাচলত ব্যাহত যোগাযোগ ব্যৱস্থা
হিমাচলত ব্যাহত যোগাযোগ ব্যৱস্থা

বতৰ বিজ্ঞান বিভাগৰ য়েল্ল' এলাৰ্ট জাৰি : পাহাৰীয়া ৰাজ্য হিমাচলক এই মুহূৰ্তত ধাৰাসাৰ বৰষুণৰ পৰা সকাহ পোৱাৰ কোনো লক্ষণ দেখা যোৱা নাই । বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক ২৪ ঘণ্টাত হিমাচল প্ৰদেশৰ বহুতো জিলাত বৰষুণৰ বাবে ৰেড এলাৰ্ট আৰু য়েল্ল' এলাৰ্ট জাৰি কৰিছে । হিমাচলৰ চোলান, চিমলা, চিৰমৌৰ, কুল্লু, মাণ্ডি, কিন্নৌৰ আৰু লাহৌল-স্পিতি জিলাত ধাৰাসাৰ বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে । একে সময়তে বতৰ বিজ্ঞান বিভাগে উনা, হামিৰপুৰ, কাংৰা আৰু চম্বা জিলাত বৰষুণৰ বাবে য়েল্ল' এলাৰ্ট জাৰি কৰিছে । আনহাতে, বতৰ বিজ্ঞান বিভাগে আগন্তুক ২৪ ঘণ্টাত মাণ্ডি, কিন্নৌৰ আৰু লাহৌল-স্পিতি জিলাত বানপানীৰ বিষয়েও সতৰ্কবাণী জাৰি কৰিছে ।

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ
হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ

৩ দিনত ২০ জন লোকৰ মৃত্যু : ৰাজ্যখনত হোৱা দুৰ্যোগৰ ফলত বৃহৎ মাত্ৰাত প্ৰাণহানি হৈছে । কেৱল বিগত তিনি দিনতে প্ৰায় ২০ জন লোকৰ মৃত্যু হৈছে । ইয়াকে লৈ বাৰিষা আৰম্ভ হোৱাৰ পিছত ৭২ জন লোকৰ মৃত্যু হৈছে । বৰষুণত প্ৰায় ২৩৬ টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰে ভিতৰত ৭৩ টা ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে আৰু ১৬৩ টা আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে । ৰাজ্যখনত এখন হোটেল আৰু সাতখন দোকানো ক্ষতিগ্ৰস্ত হৈছে । কেৱল সিমানেই নহয়, ৰাজ্যখনত ১৯১ টা গোশালাও ক্ষতিগ্ৰস্ত হৈছে আৰু এতিয়ালৈকে বৰষুণৰ ফলত ৩৬৬ টা পশুধনৰো মৃত্যু হৈছে ।

খোৱাপানীৰ ব্যাপক নাটনি
খোৱাপানীৰ ব্যাপক নাটনি

আনহাতে, ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত ৰাজ্যখনত ১,২৩৯ টা পথ অৱৰুদ্ধ হৈ পৰিছে । মাণ্ডিৰ পৰা কুল্লুলৈ ২১ নং ৰাষ্ট্ৰীয় ঘাইপথ, লাহৌল স্পিতিৰ গ্ৰামফুৰ পৰা লোকাৰলৈ, কুল্লুৰ পৰা মানালী ৩ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ আৰু ৩০৫ নং জলোৰী ৰাষ্ট্ৰীয় ঘাইপথলৈ, চিৰমৌৰৰ শিলাই পথৰ ওচৰত ৭০৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু তাণ্ডিৰ পৰা কাধুনালা ৰাজ্যিক ঘাইপথ এতিয়াও ৰাজ্যখনত অৱৰুদ্ধ হৈ আছে । ইয়াৰ উপৰি বৃহৎসংখ্যক গ্ৰাম্য পথো বন্ধ হৈ আছে । যাৰ বাবে এই অঞ্চলবোৰত যান-বাহনৰ চলাচল বন্ধ হৈ আছে । মানুহে খোজকাঢ়িয়ে গন্তব্যস্থানলৈ যাতায়াত কৰিবলগা হৈছে ।

ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ পানী প্ৰকল্পকে ধৰি ৰাস্তা, দলং আৰু অন্যান্য সম্পত্তিৰ প্ৰচুৰ ক্ষতি হৈছে । এতিয়ালৈকে ৰাজ্যখনত প্ৰায় ৮০০ কোটি টকা মূল্যৰ সম্পত্তি লোকচান হোৱাৰ আশংকা কৰা হৈছে । ইয়াৰ ভিতৰত জল শক্তি বিভাগতে প্ৰায় ৩৫০ কোটিৰ লোকচান হৈছে । আনহাতে, ৰাজহুৱা নিৰ্মাণ বিভাগৰ প্ৰায় ৩৫৬ কোটি লোকচান হ'ব বুলি অনুমান কৰা হৈছে । এই সংখ্যা বৰষুণৰ লগে লগে আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । একেদৰে, বিদ্যুৎ পৰিষদে প্ৰায় ১ কোটিৰ লোকচানৰ সন্মুখীন হৈছে । ধাৰাসাৰ বৰষুণৰ ফলত উদ্যানশস্যৰো প্ৰায় ৭০ কোটি টকাৰ লোকচান হৈছে ।

লগতে পঢ়ক :Helicopter Missing Near Mount Everest : নেপালৰ এভাৰেষ্টৰ ওচৰত ৬ যাত্ৰীৰে সন্ধানহীন হেলিকপ্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.