ETV Bharat / bharat

Mainpuri Bye poll: দুই লক্ষাধিক ভোটৰ ব্যৱধানত জয়লাভ ডিম্পল যাদৱৰ - Dimple Yadav wins Mainpuri Lok Sabha seat

সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী ডিম্পল যাদৱে মইনপুৰী লোকসভাৰ উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ৰঘুৰাজ শাক্যক 2.31 লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰে (Dimple Yadav wins Mainpuri Lok Sabha seat) ৷

Mainpuri Bye poll
Mainpuri Bye poll
author img

By

Published : Dec 8, 2022, 3:28 PM IST

নিউজ ডেস্ক, 8 ডিচেম্বৰ: মইনপুৰী লোকসভাৰ উপ-নিৰ্বাচনত সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী ডিম্পল যাদৱে 2.31 লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰে (Dimple Yadav wins Mainpuri Lok Sabha seat) । 26 নং ৰাউণ্ডৰ গণনাত বিয়লি 2.30 বজালৈকে 4,82,392 টা ভোট লাভ কৰে ডিম্পল যাদৱে । আনহাতে, বিজেপিৰ প্ৰাৰ্থী ৰঘুৰাজ শাক্যই লাভ কৰে 2,51,094 টা ভোট । অৱশেষত 2.31 লাখ ভোটৰ ব্যৱধানত ডিম্পল যাদৱক বিজয়ী ঘোষণা কৰা হয় ।

আনহাতে ডিম্পল যাদৱৰ বিজয়ৰ কথা ঘোষণা কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰে সমাজবাদী পাৰ্টিৰ কৰ্মীসকল । সমষ্টিটোত আৰম্ভ হয় সমাজবাদী পাৰ্টীৰ বিজয়োল্লাস ৷

উল্লেখ্য যে, সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ মৃত্যুৰ পিছতেই মইনপুৰী লোকসভাৰ আসনখন খালী হৈ আছিল (Mainpuri Lok Sabha Seat)। এই আসনৰ পৰাই ডিম্পল যাদৱক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল ৷ বিজেপিয়ে ৰঘুৰাজ শাক্যক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল । অৱশেষত পিতৃৰ বিজয় ধাৰা অক্ষুন্ন ৰাখিবলৈ সক্ষম হ’ল ডিম্পলে ৷

লগতে পঢ়ক: Hiamchal election results: ষষ্ঠবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত জয়ৰাম ঠাকুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.