ETV Bharat / bharat

ত্ৰিপুৰাৰ জৰাজীৰ্ণ পথে প্ৰভাৱ পেলাইছে ভাৰত আৰু বাংলাদেশৰ মাজৰ বাণিজ্যত

author img

By

Published : May 20, 2022, 11:00 AM IST

Updated : May 20, 2022, 12:49 PM IST

ত্ৰিপুৰাৰ জৰিয়তে ভাৰত-বাংলাদেশৰ বাণিজ্যিক সম্পৰ্ক (Trade relations between India and Bangladesh) অতি শক্তিশালী হোৱা দেখা গৈছে । কিন্তু ত্ৰিপুৰাৰ পথৰ দুৰৱস্থাই বহু ক্ষেত্ৰত এই সম্পৰ্কত বাধা আনিছে । বিশেষকৈ শ্ৰীমন্তপুৰ চেক পোষ্ট হৈ বাংলাদেশলৈ যোৱা পথৰ দুৰৱস্থাই যথেষ্ট প্ৰভাৱ পেলাইছে । সেই পথটোৰ মেৰামতিৰ বাবে দাবী জনাইছে ভাৰত-বাংলাদেশ চেম্বাৰ অৱ কমাৰ্চে ।

Trade relations
ত্ৰিপুৰাত জৰাজীৰ্ণ পথে ভাৰত আৰু বাংলাদেশৰ মাজৰ বাণিজ্যত প্ৰভাৱ পেলাইছে

আগৰতলা,২০ মে' : শেহতীয়া প্ৰাকৃতিক দুৰ্যোগৰ ফলত ত্ৰিপুৰাত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছে । বিশেষকৈ অসমত হোৱা বান আৰু ভূমিস্খলনৰ ফলত ৰাজ্যখনত ৰেল যোগাযোগ ব্যাহত হৈ পৰিছে । ৰেল যোগাযোগ ব্যাহত হোৱাৰ লগে লগে পেট্ৰ'ল-ডিজেলৰ নাটনি হোৱাৰ উপৰিও অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ আশংকা কৰা হৈছে (Fuel crisis in Tripura)। তেনে ক্ষেত্ৰত ট্ৰাকৰ জৰিয়তে খাদ্য সামগ্ৰী যোগানৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে ।

অৱশ্যে ৰাজ্যখনৰ সীমান্ত অঞ্চলৰ বাট-পথৰ দুৰৱস্থাই এতিয়া এই ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি কৰিছে । বিশেষকৈ বাংলাদেশৰ সৈতে ৰাজ্যখনৰ বাণিজ্যিক ক্ষেত্ৰত এক বিশেষ সম্পৰ্ক আছে । শ্ৰীমন্তপুৰ ইণ্টিগ্ৰেটেড চেক পোষ্টৰ জৰিয়তে ভাৰত আৰু বাংলাদেশৰ বাণিজ্যিক আদান-প্ৰদান হোৱা দেখা যায় । কিন্তু সেই চেক পোষ্ট সংযোগী পথৰ দুৰৱস্থাই এতিয়া বাণিজ্যত স্থিৰতা আনিছে (Dilapidated roads in Tripura hits Indo Bangla trade)।

যাৰ বাবে সেই সীমান্ত অঞ্চলৰ জৰাজীৰ্ণ পথটো পৰিদৰ্শন কৰে ভাৰতীয় ভূমি বন্দৰ প্ৰাধিকৰণৰ বিষয়া আৰু ভাৰত-বাংলাদেশ চেম্বাৰ অৱ কমাৰ্চৰ এটা দলে (Road condition at Srimantapur ICP)।

পথটো পৰিদৰ্শন কৰি ভাৰতীয় ভূমি বন্দৰ প্ৰাধিকৰণৰ শীৰ্ষ বিষয়া দেৱাশীষ নন্দীয়ে কয় যে, শ্ৰীমন্তপুৰ আইচিপিৰ জৰিয়তে ত্ৰিপুৰাক বাংলাদেশৰ সৈতে সংযোগ কৰা পথৰ বৰ্তমানৰ অৱস্থা অতি দুখ লগা । যাৰ প্ৰভাৱ স্পষ্টভাৱে বাণিজ্যত পৰিছে । সেয়ে ভাৰতীয় ভূমি বন্দৰ প্ৰাধিকৰণে পথটো পুনৰ নিৰ্মাণৰ বাবে গুৰুত্ব দিছে । বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে যিহেতু পথটো আন্তৰ্জাতিক সীমাৰ ১৫০ গজৰ ভিতৰত আছে, সেয়েহে ইয়াৰ মেৰামতিৰ বাবে বাংলাদেশৰ পৰাও আগতীয়া অনুমতিৰ প্ৰয়োজন হ'ব ।

Trade relations
জৰাজীৰ্ণ পথে ভাৰত আৰু বাংলাদেশৰ মাজৰ বাণিজ্যত প্ৰভাৱ পেলাইছে

তেওঁ লগতে কয় যে এই চেক পোষ্টৰ জৰিয়তে দুয়োখন দেশৰ মাজত যাতায়ত ব্যৱস্থা উন্নত হোৱাৰ লগতে পৰ্যটকৰ বাবে অনুকূল হোৱাটো তেওঁলোকেও বিচাৰে । সেয়েহে প্ৰাধিকৰণে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত বিষয়টো উত্থাপন কৰিছে ।

পথটো পৰিদৰ্শন কৰি ভাৰত-বাংলাদেশ চেম্বাৰ অৱ কমাৰ্চৰ (IBCC) সভাপতি ৰতন সাহাই কয় যে তেওঁলোকে শীঘ্ৰেই আগৰতলাত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ ওচৰত বিষয়টো উত্থাপন কৰিব । কিয়নো বাৰিষাৰ সময়ত সেই পথটো ব্যৱহাৰ কৰাটো অধিক কঠিন হৈ পৰে । চেম্বাৰ অৱ কমাৰ্চৰ প্ৰতিনিধি দলটোৱে স্থানীয় ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকে সন্মুখীন হোৱা সমস্যাবোৰ পৰ্যালোচনা কৰে ।

লগতে পঢ়ক :Fuel crisis in Tripura : ত্ৰিপুৰাত ইন্ধনৰ তীব্ৰ নাটনি

Last Updated : May 20, 2022, 12:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.