ইন্টাৰনেশ্যনেল ডেস্ক, 29 মাৰ্চ: ভাৰতৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দুদিনীয়া ভ্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ইছলামী দলসমূহে ৰাষ্ট্ৰজোৰা বন্ধৰ আহ্বান জনোৱাৰ মাজতে শুকুৰবাৰে বাইতুল মুকাৰম মছজিদ আক্ৰমণৰ সৈতে জড়িত থকাৰ অভিযোগত প্ৰায় 500 ৰ পৰা 600 নামবিহীন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ সোমবাৰে আৰক্ষীয়ে এই কথা জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, দেওবাৰে হেফাজত-ই-ইছলাম আৰু নিষিদ্ধ ঘোষিত জামাত-ই-ইছলামীয়ে পুৱাৰ পৰা গধূলিলৈকে আহবান কৰা ধৰ্মঘটৰ পাছত বাংলাদেশৰ ভিন্ন প্ৰান্তত জনজীৱন কিছু পৰিমাণে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে ৷ মছজিদ আক্ৰমণৰ ঘটনাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আবু বকৰ চিদ্দিকিয়ে সাংবাদিকক জানিবলৈ দিয়া মতে, 26 মাৰ্চৰ নিশা পল্টন আৰক্ষী থানাত মছজিদ হিংসাৰ ঘটনা সন্দৰ্ভত 500 ৰ পৰা 600 নামহীন লোকক অভিযুক্ত কৰি গোচৰ ৰুজু কৰা হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি এই হিংসাত্মক ঘটনাত প্ৰায় 50 গৰাকী লোক আহত হয় ৷ হেফাজতৰ কৰ্মী সকলে আৰক্ষীক শিলাবৰ্ষণ কৰাৰ লগতে ভক্তসকলক আক্ৰমণ কৰি তেওঁলোকৰ মটৰচাইকেলত অগ্নি সংযোগ কৰাৰ দৰে সংঘটিত ঘটনাৰ ফলতে প্ৰায় এই লোক কেইগৰাকী আঘাতপ্ৰাপ্ত হয় ৷
শুকুৰবাৰে ৰাতিপুৱা হেফাজতৰ সন্ত্ৰাসবাদী সকলে ব্ৰাহ্মনবৰীয়া ষ্টেশ্যনত অগ্নি সংযোগ কৰাৰ ফলত কেইবাটাও স্থানত ৰে'ল সেৱা ব্যাহত হৈ পৰাৰ লগতে ট্ৰেইনসমূহ ষ্টেশ্যনতে আৱদ্ধ হৈ পৰে ৷ দেওবাৰৰ ধৰ্মঘটৰ সময়ত ঢাকা, চিলেট, ৰাজসাহি, চিটাগং আৰু ব্ৰাহ্মনবৰীয়া আদিকে ধৰি ৰাষ্ট্ৰখনৰ বিভিন্ন ঠাইত পথ অৱৰোধ, হিংসা আৰু আক্ৰমণৰ ঘটনা সংঘটিত হয় ৷
জানিব পৰা মতে, দেওবাৰে ৰাতিপুৱা ব্ৰাহ্মনবৰীয়াত সোণাৰ বাংলা এক্সপ্ৰেছত ইটা নিক্ষেপ কৰাৰ ফলত প্ৰায় 200 ৰো অধিক লোক আঘাতপ্ৰাপ্ত হয় ৷ উগ্ৰ প্ৰতিবাদকাৰী সকলে আনকি আশুগঞ্জ আৰু ব্ৰাহ্মণবৰীয়া সংযোগী এখন 50 বছৰ পুৰণি ৰেল-দলঙত অগ্নিসংযোগ কৰে ৷ প্ৰতিবাদকাৰীসকলৰ এটা দলে হাথাজাৰি আৰক্ষী থানা লণ্ড ভণ্ড কৰাৰ লগতে এখন বাহনত অগ্নিসংযোগ কৰি স্থানীয় লোকক আক্ৰমণ কৰে ৷
উল্লেখ্য যে, চিটাগং-ঢাকা আৰু ঢাকা-চিলেট সংযোগী ৰে'ল সেৱা সম্পূৰ্ণ তিনি দিনৰ মূৰত পুনৰ আৰম্ভ হোৱাৰ লগতে দেওবাৰে বিয়লি ভাগৰ পৰা ব্ৰাহ্মণবৰীয়াৰ পৰা ৰে'ল চলাচল আৰম্ভ হয় ৷
লগতে পঢ়ক: কেৰালাত চাউল বিতৰণ: নিৰ্বাচনী আয়োগৰ নিৰ্দেশ স্থগিত কৰিলে ন্যায়ালয়ে