নেশ্যনেল ডেস্ক,১৭ ফেব্ৰুৱাৰী: মঙলবাৰে এগৰাকী ভক্তই ওড়িশাৰ পুৰীস্থিত জগন্নাথ মন্দিৰলৈ দান কৰে প্ৰায় ৮ কিল’গ্ৰাম সোণ-ৰূপ ৷

ভক্তগৰাকীয়ে প্ৰায় ৪.৮৫৮ কিল’গ্ৰাম সোণ আৰু ৩.৮৭৬ কিল’গ্ৰাম ৰূপৰ অলংকাৰ দান কৰাৰ কথা জানিবলৈ দিছে শ্ৰীজগন্নাথ মন্দিৰ কৰ্তৃপক্ষ চমুকৈ এছজেটিএ-ৰ পৰিচালনা সমিতিৰ এগৰাকী বিষয়াই ৷

ভক্তগৰাকীয়ে মন্দিৰ কৰ্তৃপক্ষৰ মুখ্য বিষয়া কৃষাণ কুমাৰক সাক্ষাৎ কৰি এই মূল্যবান সামগ্ৰীখিনি দান কৰে ৷ লগতে ভক্তগৰাকীৰ পৰিচয় প্ৰকাশ নকৰিবলৈ মন্দিৰ কৰ্তৃপক্ষক অনুৰোধ জনায় ।

লগতে পঢ়ক: যুদ্ধংদেহি গতিৰে আগবাঢ়িছে টীকাকৰণ